গৃহ মন্ত্ৰালয়
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কলা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ শ্ৰী হেম চন্দ্ৰ গোস্বামীক আজি ‘পদ্মশ্ৰী’ প্ৰদান কৰে
পোষ্ট কৰা হৈছে:
22 MAR 2023 8:48PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুয়ে আজি ইয়াত অনুষ্ঠিত ‘অসামৰিক সন্মান প্ৰদান অনুষ্ঠান’ত কলা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ শ্ৰী হেম চন্দ্ৰ গোস্বামীক ‘পদ্মশ্ৰী’ প্ৰদান কৰে।
বঁটা প্ৰাপকগৰাকীৰ জীৱন আৰু কৰ্মৰাজীৰ বিষয়ে এক চমু খটিয়ান তলত দাঙি ধৰা হৈছে-
শ্ৰী হেম চন্দ্ৰ গোস্বামীক কলা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী প্ৰদান কৰা হৈছে।

শ্ৰী হেম চন্দ্ৰ গোস্বামী হৈছে চিন্তা উদ্দীপক কৰ্ম, উদ্ভাৱনী শক্তি তথা দক্ষতাৰ বাবে দেশে-বিদেশে খ্যাতি অৰ্জন কৰা এগৰাকী প্ৰখ্যাত সত্ৰীয়া শিল্পী।
১৯৫৮ চনৰ ১ মাৰ্চ তাৰিখে জন্মগ্ৰহণ কৰা শ্ৰী গোস্বামীয়ে স্থানীয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পৰৱৰ্তী সময়ত অসমৰ গুৱাহাটীস্থিত ‘কলা আৰু কাৰুশিল্প চ’ছাইটি’ৰ পৰা ‘কলা আৰু কাৰুশিল্প পাঠ্যক্ৰম’ৰ স্নাতক ডিগ্ৰী লাভ কৰে। শৈশৱৰ পৰাই তেওঁ সত্ৰ, অৰ্থাৎ ‘অসমৰ বৈষ্ণৱ-সংস্কৃতিৰ পীঠ’ৰ পৰিৱেশৰ সৈতে পৰিচিত আছিল, য'ত অপৰিহাৰ্য বৈশিষ্ট্য হিচাপে মুখা নিৰ্মাণৰ পৰম্পৰা বৰ্তী আহিছে। এয়া আছিল মহান গুৰু শংকৰদেৱ, যিয়ে বাঁহৰ কাঠি-শলিৰে মুখা তৈয়াৰ কৰাৰ কলা উদ্ভাৱন কৰিছিল, আৰু এই মুখাসমূহ সত্ৰ (বৈষ্ণৱ-সংস্কৃতিৰ পীঠ), নামঘৰ (গাওঁ পৰ্যায়ৰ বৈষ্ণৱ-প্ৰাৰ্থনা গৃহ) আদিত পৰিৱেশন কৰা ভাওনা(বৈষ্ণৱী নাটক), নৃত্য (সত্ৰীয়ানৃত্য)আদিত সঘনাই ব্যৱহাৰ কৰা হয়।
শ্ৰী গোস্বামীয়ে স্থানীয়ৰ পৰা ৰাষ্ট্ৰীয় তথা সাৰ্বজনীন প্ৰেক্ষাপটলৈ প্ৰাচীন দক্ষতাৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ নিৰ্মাণ কৰা মুখাসমূহ বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়; তেজপুৰ বিশ্ববিদ্যালয়; শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী; বিবেকানন্দ প্ৰতিষ্ঠান, গুৱাহাটী; ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ, নতুন দিল্লী; ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰাহালয়, ভূপাল আদিৰ লগতে আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, ইটালী, ইজৰাইল আদি বিদেশৰ সংগ্ৰহালয়ৰ দৰে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহত সংৰক্ষণ তথা প্ৰদৰ্শন কৰা হয়। ২০১৫ চনত ‘ব্ৰিটিছ সংগ্ৰহালয়’ৰ ‘মুখ্য কিউৰেট’ৰ শ্ৰী টি ৰিচাৰ্ড ব্লাৰটনে ‘ব্ৰিটিছ সংগ্ৰহালয়’ত সংৰক্ষিত ‘বৃন্দাবনী বস্ত্ৰ’ত উল্লেখ থকা মুখাশিল্পৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে মাজুলীলৈ আহিছিল। তেওঁ অসমৰ সেই ঐতিহ্যমণ্ডিত বস্ত্ৰভাগত অংকিত মুখাশিল্পৰ বিষয়ে তথ্য অৱগত হোৱাৰ বাবে শ্ৰী গোস্বামীক সাক্ষাত্ কৰি পাঁচটো দিন মাজুলী কটাই আৰু উভতি যোৱাৰ সময়ত শ্ৰী গোস্বামীয়ে নিৰ্মাণ কৰা পাঁচটা মুখা লগত লৈ গৈছিল। সম্প্ৰতি এইকেইটা মুখা ‘ব্ৰিটিছ সংগ্ৰহালয়’ত সংৰক্ষিত হৈ আছে। ২০১৬ চনৰ জানুৱাৰীৰ পৰা আগষ্টমাহলৈ ‘ব্ৰিটিছ সংগ্ৰহালয়’ত অনুষ্ঠিত হোৱা ‘অসমৰ বাগিচাত কৃষ্ণ’ শীৰ্ষক এখন প্ৰদৰ্শনীত এই মুখাকেইটাও প্ৰদৰ্শন কৰা হৈছিল।
শ্ৰী গোস্বামীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, বিবেকানন্দ কেন্দ্ৰ, গুৱাহাটী, ইন্দিৰা গান্ধী সাংস্কৃতিক কলা কেন্দ্ৰ, নতুন দিল্লী; বিশ্ব-ভাৰতী, শান্তিনিকেতনকে ধৰি দেশৰ বিভিন্ন প্ৰতিষ্ঠানত বাঁহৰ কাঠিৰে নিৰ্মিত মুখাৰ ঐতিহ্য সন্দৰ্ভত বক্তৃতা প্ৰদান কৰিছে।
শ্ৰী গোস্বামীয়ে মাজুলীৰ ‘চামগুৰি সত্ৰ’ত ভাৰতৰ এই সুদূৰ প্ৰান্তৰ ‘মুখা শিল্প’ৰ ঐতিহ্যৰ বিষয়ে নতুন প্ৰজন্মক শিকোৱাৰ উদ্দেশ্যে ‘সুকুমাৰ কলাপীঠ’ নামৰ সত্ৰীয়া কলা আৰু সংস্কৃতিৰ এটি প্ৰতিষ্ঠান স্থাপন কৰিছে।
মুখা শিল্পত দেখুৱা বিশেষ দক্ষতাৰ বাবে শ্ৰী গোস্বামীক বিভিন্ন সন্মানীয় বঁটা-উপাধিৰে সন্মানিত কৰা হৈছে, যাৰ ভিতৰত আছে ‘লামেজো দা আনন্দ বঁটা: ২০১২’, ‘দামোদৰ দেৱ ৰাষ্ট্ৰীয় বঁটা: ২০১৪’, ‘গুৱাহাটী বিশ্ববিদ্যালয়’ৰ ‘পিএইচডি’ (সন্মান জনাই আগবঢ়োৱা), ২০১৭, ‘লুইতপৰীয়া জীৱনজোৰা সাধনা বঁটা, ২০১৮’, ‘সংগীত নাটক একাডেমী বঁটা, ২০১৯’, ‘প্ৰতিদিন টাইম, অসম’-ৰ কলা বিষয়ত দক্ষতাৰ বাবে আগবঢ়োৱা ‘এচিভাৰ বঁটা, ২০২২’।
*****
(ৰিলিজ আই ডি : 1909730)
অতিথি কক্ষ : 397