সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা

Posted On: 14 MAR 2023 5:48PM by PIB Guwahati

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামদাস আঠৱালে আজি গুৱাহাটী ভ্ৰমণ কৰি ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ আঁচনিসমূহৰ পৰ্যালোচনা কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ঔদ্যোগিক খণ্ডৰ বিকাশৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত দ্ৰুতহাৰত নিয়োজন সৃষ্টিৰ বাবে কাম কৰি আছে।

আজি গুৱাহাটীত সংবাদ মাধ্যমৰ সন্মুখত সম্বোধন কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ উন্নয়ন আৰু কল্যাণৰ বাবে কাম কৰি আছে। তেওঁৰ চৰকাৰে উত্তৰ-পূব অঞ্চলত ঔদ্যোগিক খণ্ডৰ বিকাশৰ বাবে কাম কৰি আছে যাতে যুৱচামৰ বাবে পৰ্যাপ্ত চাকৰিৰ সৃষ্টি হয়।

প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ দ্বাৰা ৪৪ লাখ লোক উপকৃত হৈছে আৰু এতিয়ালৈকে অসমত ২ কোটি ২০ লাখ ১৮ হাজাৰ জন ধন একাউণ্ট খোলা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । ২০১৫ চনত আৰম্ভ হোৱা প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত, অসমত প্ৰায় ৯৮ লাখ ৫০ হাজাৰ হিতাধিকাৰীয লাভান্বিত হৈছে, আনহাতে অসমত ৭৯ হাজাৰ লোক প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ)ৰ দ্বাৰা লাভান্বিত হৈছে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত, অসমত প্ৰায় ৬ লাখ ১৯ হাজাৰ লোক উপকৃত হৈছে। 

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁৰ চৰকাৰ যুৱক-যুৱতীসকলক লৈ উদ্বিগ্ন আৰু সেই পৰিপ্ৰেক্ষিতত অসমত ১১৩ টা নিচামুক্ত কেন্দ্ৰ স্থাপনৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। তেওঁ লগতে অসমৰ সৰ্বাংগীন উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সক্ৰিয় কাৰ্যপ্ৰণালীসমূহৰ প্ৰশংসা কৰে।


*******


PN
 


(Release ID: 1906843) Visitor Counter : 122
Read this release in: English