বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

আজি গুৱাহাটীত আৰম্ভ হ’ল ‘জি-২০’ৰ ‘এছএআই২০’ শীৰ্ষক প্ৰতিনিধি বৈঠক

বৈঠক উদ্বোধন কৰে ‘চিএজি অব ইণ্ডিয়া’ শ্ৰী গিৰীশ চন্দ্ৰ মুৰ্মুয়ে

পৃথিৱী গ্ৰহৰ লগতে জীৱন-জীৱিকাৰ ব্যাপক পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে ‘নীলা অৰ্থনীতি’য়ে: শ্ৰী মুৰ্মু

‘এআই’ প্ৰযুক্তিৰ গণতান্ত্ৰিককৰণ অনিবাৰ্য আৰু ‘এআই’ক লক্ষ্য নিৰ্দ্ধাৰিত ৰূপত আৰু সময়সাপেক্ষ হস্তক্ষেপৰ জৰিয়তে নাগৰিক আৰু দেশক লাভান্বিত কৰিব পৰাকৈ ব্যৱহাৰ কৰিব পাৰি: চিএজি

‘জি-২০’ৰ সদস্য ‘এছএআই’, অতিথি ‘এছএআই’ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ৩৯ গৰাকী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে বৈঠকত অংশগ্ৰহণ কৰে

পোষ্ট কৰা হৈছে: 13 MAR 2023 3:06PM by PIB Guwahati

ভাৰতৰ অধ্যক্ষতাত ‘জি-২০’ৰ ‘এছএআই২০ এনগেজমেণ্ট গ্ৰুপ’ৰ জ্যেষ্ঠ বিষয়া পৰ্যায়ৰ প্ৰথমখন  বৈঠক আজি গুৱাহাটীত আৰম্ভ হয়৷ ভাৰতৰ ‘নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক’ (চিএজি) শ্ৰী গিৰীশ চন্দ্ৰ মুৰ্মুয়ে  ‘সৰ্বোচ্চ অডিট প্ৰতিষ্ঠান-২০’ (এছএআই২০)ৰ ‘এনগেজমেণ্ট গ্ৰুপ’ৰ অধ্যক্ষ হিচাপে আলোচনাৰ নেতৃত্ব প্ৰদান কৰে৷

উদ্বোধনী ভাষণত ‘চিএজি’-য়ে কয় যে ‘এছএআই২০’ৰ জ্যেষ্ঠ বিষয়াসকলৰ ২০২৩বৰ্ষৰ বৈঠকখন হৈছে ‘জি-২০’ দেশসমূহৰ ‘সৰ্বোচ্চ অডিট প্ৰতিষ্ঠান’সমূহৰ সামগ্ৰিক বিকাশ আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে গোলকীয় সহযোগিতা আৰু সামূহিক প্ৰচেষ্টাৰ এক প্ৰতীক। ভাষণ প্ৰসংগত ‘চিএজি’য়ে আলোকপাত কৰি কয় যে পৃথিৱীখনে একাধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, আৰু আটাইতকৈ কঠিন প্ৰত্যাহ্বানসমূহ হৈছে বহনক্ষম উন্নয়ন আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰসংগত। তেওঁ লগতে কয় যে জলবায়ু পৰিৱৰ্তন আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ, খাদ্য সুৰক্ষা হৈছে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা প্ৰত্যাহ্বান। তেওঁ সকলোৰে বাবে এক সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ বাবে বিশ্ব সম্প্ৰদায়ে এই সমস্যাসমূহৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

উদীয়মান প্ৰযুক্তিৰ সুস্থিৰতা, বিকাশ আৰু ভূমিকাৰ গুৰুত্বক স্বীকাৰ কৰি তেওঁ কয় যে ‘এছএআই২০’য়ে প্ৰাথমিকতা প্ৰদান কৰা ক্ষেত্ৰসমূহ হৈছে– "নীলা অৰ্থনীতি" আৰু "দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তা," যিয়ে নতুন যুগৰ সুযোগ আৰু উদ্বেগক প্ৰতিনিধিত্ব কৰে আৰু গোলকীয় অভিজ্ঞতা আৰু পদক্ষেপসমূহ বুজি পোৱাৰ প্ৰচেষ্টা আৰু এই ক্ষেত্ৰসমূহত বহিঃ অংশীদাৰীপক্ষসমূহে এই ক্ষেত্ৰসমূহৰ ভূমিকাক কেনেদৰে প্ৰত্যক্ষ কৰে সেয়া জানিবলৈ  প্ৰকৃত সহযোগিতাৰ পোষকতা কৰে। চিএজি-য়ে জানিবলৈ দিয়ে যে তেওঁলোকে চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ সৈতে বাৰ্তালাপত মিলিত হোৱাৰ লগতে যোৱা মাহত এই বিষয়বস্তুসমূহৰ সন্দৰ্ভত আলোচনাচক্ৰ অনুষ্ঠিত কৰিছিল।

নীলা অৰ্থনীতিৰ প্ৰাথমিকতা প্ৰদানকাৰী ক্ষেত্ৰসমূহৰ গুৰুত্ব সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি চিএজিয়ে কয় যে নীলা অৰ্থনীতি হৈছে এক অৰ্থনৈতিক প্ৰণালী য'ত সামুদ্ৰিক আৰু সতেজ পানীৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় এলানি নীতি আৰু কাৰ্যকৰী মাত্ৰা অন্তৰ্ভুক্ত থাকে যিয়ে ইয়াৰ বহনক্ষম ব্যৱহাৰ, খাদ্য আৰু শক্তি উৎপাদন, জীৱিকা নিৰ্বাহত সহযোগিতাৰ লগতে অৰ্থনৈতিক অগ্ৰগতি আৰু কল্যাণৰ চালিকাশক্তি হিচাপে ভূমিকা পালন কৰে।

নীলা অৰ্থনীতিয়ে যিহেতু পৃথিৱী গ্ৰহৰ লগতে জীৱন-জীৱিকাৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিব পাৰে সেয়ে, সময়ৰ সৈতে নীলা অৰ্থনীতিৰ নিৰন্তৰ বিকাশ নিশ্চিত কৰিবলৈ এই দুটা লক্ষ্যৰ মাজত এক সফল সন্তুলন গঢ়ি তোলাত ‘চিএজি’-য়ে গুৰুত্ব আৰোপ কৰে।

উপকূলীয় অঞ্চলসমূহত সম্পন্ন হোৱা অপৰিকল্পিত আৰু অনিয়ন্ত্ৰিত বিকাশৰ তথ্যাৱলী গণনাত অন্তৰ্ভুক্ত কৰাৰ লগতে এই অঞ্চলসমূহত বাস কৰা লোকসকলৰ জীৱন-জীৱিকাত যাতে বিৰূপ প্ৰভাৱ নপৰে সেয়া নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট চৰকাৰসমূহে প্ৰমাণিক পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰে চিএজি-য়ে।

দ্বিতীয় প্ৰাথমিকতা প্ৰাদনক্ষেত্ৰ– ‘দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তা’ (এআই)ৰ বিষয়ে কোৱাৰ সময়ত, ‘চিএজি’য়ে উল্লেখ কৰে যে ‘এআই প্ৰযুক্তিৰ গণতান্ত্ৰিককৰণ অনিবাৰ্য আৰু এআইক লক্ষ্য নিৰ্দ্ধাৰিত ৰূপত আৰু সময়সাপেক্ষ হস্তক্ষেপৰ জৰিয়তে নাগৰিক আৰু দেশক লাভান্বিত কৰিব পৰাকৈ ব্যৱহাৰ কৰিব পাৰি। ‘চিএজি’য়ে লগতে উল্লেখ কৰে যে স্বাস্থ্যসেৱা, খুচুৰা, বিত্ত, কৃষি, খাদ্য, জলসম্পদ, পৰিৱেশ আৰু প্ৰদূষণ, শিক্ষা, বিশেষ প্ৰয়োজনীয়তা, পৰিবহন, শক্তি, ৰাজহুৱা সুৰক্ষা, দুৰ্যোগ ব্যৱস্থাপনা, ন্যায়পালিকা আদি ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো ‘কৃত্ৰিম বুদ্ধিমত্তা’ই সম্ভাৱনীয়তা বহণ কৰিছে।

ৰাজহুৱা সেৱাসমূহৰ স্বতন্ত্ৰ আৰু বস্তুনিষ্ঠ পৰীক্ষা সম্পাদন কৰা আৰু উন্নয়ন আৰু সুযোগৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ ক্ষেত্ৰত নীতি নিৰ্মাতাসকলৰ বাবে অতি প্ৰয়োজনীয় প্ৰতিক্ৰিয়া প্ৰণালী হিচাপে কাম কৰাৰ বাবে ‘উচ্চতম অডিট প্ৰতিষ্ঠান’সমূহৰ শাসনাদেশসমূহৰ ওপৰত আলোকপাত কৰি ‘চিএজি’য়ে গুৰুত্ব আৰোপ কৰে যে ‘নীলা অৰ্থনীতি’ আৰু ‘কৃত্ৰিম বুদ্ধিমত্তা’ দুয়োটাই যিহেতু উদীয়মান ক্ষেত্ৰ, সেয়েহে, ‘উচ্চতম অডিট প্ৰতিষ্ঠান’সমূহে এই বিশিষ্ট খণ্ডকেইটাক উপেক্ষা কৰিব নোৱাৰে। ‘এছএআই’-ক নেতৃত্ব দিয়াৰ বাবে এক ‘অডিটিং ফ্ৰেমৱৰ্ক’ আৰু ‘গ্ৰেনুলাৰ চেকলিষ্ট’ যুগুতাই উলিওৱাটো অত্যাৱশ্যকীয় বুলি উল্লেখ কৰি ‘চিএজি’-য়ে কয় যে ইয়ে ‘অডিটৰ’সকলক কেৱল বিস্তৃত নিৰ্দেশনাই প্ৰদান নকৰিব বৰঞ্চ, এই দুয়োটা খণ্ডকে অৰ্থপূৰ্ণ ভাবে ‘অডিট’ কৰাৰ বাবে নিৰ্দিষ্ট ‘টুলকিট’ও প্ৰদান কৰিব।

গোলকীয় প্ৰশিক্ষণ প্ৰদানকাৰী গোট হিচাপে কাৰ্যনিৰ্বাহ কৰিব লগা ‘এছএআই ইণ্ডিয়া’ৰ ‘আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ গণনা আৰু বহনক্ষম উন্নয়ন কেন্দ্ৰ’ (আইচিইডি)টোক ‘নীলা অৰ্থনীতি’ৰ ‘উৎকৰ্ষতাৰ কেন্দ্ৰ’ হিচাপে প্ৰতিষ্ঠা কৰা হৈছে আৰু এপ্ৰিলৰ শেষত প্ৰথম ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে ‘চিএজি’-য়ে।

বৈঠকত ‘জি-২০’ সদস্য দেশৰ ‘এছএআই’, অতিথি ‘এছএআই’ আৰু ‘বিশ্ব বেংক’ৰ ৩৯ গৰাকী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে আমন্ত্ৰিত সংগঠনসমূহৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে। ‘জি-২০’ সদস্য দেশ, অতিথি দেশ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰতিনিধিসকলেও ‘এছএআই২০’ অনুষ্ঠানত অংশগ্ৰহণ কৰে। অষ্ট্ৰেলিয়া, ব্ৰাজিল, ইজিপ্ত, ইণ্ডোনেছিয়া, ওমান, কোৰিয়া গণৰাজ্য, ৰাছিয়া, চৌদি আৰৱ, তুৰস্ক  আৰু ইউএই-ৰ ‘এছএআই’-য়েও সভাত অংশগ্ৰহণ কৰে।

 

*****

BN/BM/SS


(ৰিলিজ আই ডি : 1906507) অতিথি কক্ষ : 192
ত এই ৰিলিজটো পঢ়ক: English