বিত্ত মন্ত্ৰালয়

গুৱাহাটী বিশ্ববিদ্যালয়ত “এছডিজিৰ বাবে বিত্তীয় সাহায্যঃ এটি বহনক্ষম ভৱিষ্যতৰ ৰূপৰেখা” বিষয়ক জি-২০ আলোচনা চক্ৰ সম্পন্ন


জি-২০ ৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিয়েই হৈছে এই আলোচনা চক্ৰৰ অন্তৰ্নিহিত উদ্দেশ্যঃ গীতু যোশী

Posted On: 31 JAN 2023 3:59PM by PIB Guwahati

প্ৰথম জি-২০ বহনক্ষম বিত্ত আৰু কৰ্ম গোট (SFWG) ৰ বৈঠকৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ত আজি এছডিজিৰ বাবে বিত্তীয় সাহায্য এটি বহনক্ষম ভৱিষ্যতৰ ৰূপৰেখা (Financing for SDGs: Blueprint to achieve a Sustainable Future) বিষয়ক এখনি জি-২০ আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই জি-২০ আলোচনা চক্ৰখনি উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক (ডঃ) প্ৰতাপ জ্যোতি সন্দিকৈয়ে। ইয়াত ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ উপদেষ্টা শ্ৰী গীতু যোশীয়ে মুকলি ভাষণ প্ৰদান কৰে। তেওঁ জি-২০ ৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি আৰু জি-২০ ক অসমৰ ৰাইজৰ মাজলৈ লৈ যোৱাটোৱেই এই কাৰ্য্যসূচীৰ অন্তৰ্নিহিত উদ্দেশ্য বুলি কয়।

ইয়াত আইআইএম, শ্বিলঙৰ সঞ্চালক ডঃ ডি. পি. গোৱেলে মূল ভাষণ প্ৰদান কৰে। ভাষণত ডঃ গোৱেলে আইআইএম, শ্বিলং আৰু বহনক্ষমতা ওতঃপ্ৰোতভাৱে জড়িত বুলি উল্লেখ কৰি বিষয়বস্তু সন্দৰ্ভত তেওঁৰ দৃষ্টিভংগী প্ৰকাশ কৰে। আৰবিআইৰ চিজিএম শ্ৰী সুনীল নায়াৰে ‘এছডিজিৰ বিত্তীয় সাহায্যত বেংকসমূহৰ ভূমিকা’ সন্দৰ্ভত বিশেষ ভাষণ প্ৰদান কৰে, য’ত তেওঁ বেংকসমূহৰ প্ৰধান ভূমিকা আৰু এই ক্ষেত্ৰত বেংকসমূহে গ্ৰহণ কৰিবপৰা পদক্ষেপসমূহৰ সম্পৰ্কে আলোকপাত কৰে।

এই আলোচনা চক্ৰত দুই পেনেল আলোচনাও অনুষ্ঠিত হয়। ‘বহনক্ষম বিত্তীয় সাহায্যঃ এজেণ্ডা ২০৩০ ত উপনীত হ’বলৈ সন্মুখৰ পথ’ শীৰ্ষক প্ৰথম পেনেল আলোচনাত অধ্যক্ষতা কৰে শ্ৰী গীতু যোশীয়ে। পেনেলিষ্টসকলৰ ভিতৰত আছিল উদ্যোগ বিশেষজ্ঞসকল যথাঃ ক্লাইমেট বণ্ডছ ইনিচিয়েটিভৰ শ্ৰী নেহা কুমাৰ, চিডিপি ইণ্ডিয়াৰ শ্ৰী প্ৰাৰ্থনা বৰা, অসম চৰকাৰৰ মুখ্য অৰ্থনীতিবিদ ডঃ ৰৌহিন দেৱ, ইণ্ডাছইণ্ড বেংকৰ শ্ৰী ৰূপা সতীশ আৰু ইউনিচেফৰ ডঃ সৌমেন বাগচী। ‘এছডিজিৰ বিত্তীয় সাহায্যত বিত্তীয় খণ্ডৰ নিয়ন্ত্ৰকসমূহৰ ভূমিকা’ শীৰ্ষক দ্বিতীয় পেনেল আলোচনাত অধ্যক্ষতা কৰে আৰবিআইৰ জিএম শ্ৰী ব্রিজ ৰাজে। পেনেলিষ্টসকলৰ ভিতৰত আছিল বিত্তীয় খণ্ডৰ নিয়ন্ত্ৰকসমূহৰ জ্যেষ্ঠ বিষয়াসকল, যথাঃ আৰবিআইৰ শ্ৰী অমিত সিনহা, ‘ছেবি’ ৰ শ্ৰী সুৰভি গুপ্তা, আইআৰডিএআইৰ শ্ৰী আম্মু ভেংকটৰমন আৰু আইএফএছচিএৰ শ্ৰী অভিলাষ মুলকালা। উক্ত উভয় আলোচনাতে পেনেলিষ্টসকলে বিষয়বস্তু সন্দৰ্ভত তেওঁলোকৰ বিশাল অভিজ্ঞতাৰ আধাৰত উৎকৃষ্ট অন্তৰ্দৃষ্টি আগবঢ়ায় আৰু ‘এছডিজিসমূহৰ বিত্তীয় সাহায্য’ ৰ ওপৰত কেইবাটাও উপযোগী পৰামৰ্শ প্ৰদান কৰে। আলোচনা চক্ৰখনি মনোগ্ৰাহী হৈ উঠে আৰু অংশগ্ৰহণকাৰীসকলে ইয়াৰ শলাগ লয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথে শলাগৰ শৰাই আগবঢ়ায়।

***



(Release ID: 1895033) Visitor Counter : 120


Read this release in: English