বিত্ত মন্ত্ৰালয়

ভাৰতৰ জি-২০ সভাপতিত্ব-ৰ বিষয়বস্তু "বসুধৈৱ কুটুম্বকম"ক সাৰোগত কৰি কটন বিশ্ববিদ্যালয়ত চিত্ৰাংকন আৰু শ্লোগান প্ৰতিযোগিতা

Posted On: 30 JAN 2023 5:00PM by PIB Guwahati

সজাগতা সৃষ্টি আৰু জনসাধাৰণক ভাৰতৰ জি-২০ সভাপতিত্বৰ বিষয়বস্তু "বসুধৈৱ কুটুম্বকম" বা "এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত"ৰ সৈতে সংযুক্ত কৰাৰ মানসেৰে জি-২০ বৈঠকৰ সময়ছোৱাত জন অংশীদাৰিত্বৰ এক শৃংখলাৰ আয়োজন কৰা হৈছে। এই উদ্যোগৰ অংশ হিচাপে আজি বিত্ত মন্ত্ৰালয়, ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু অসম চৰকাৰে কটন বিশ্ববিদ্যালয়ত চিত্ৰাংকন আৰু শ্লোগান ৰচনাৰ এখনি প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

বিভিন্ন প্ৰতিষ্ঠানৰ ১০০ গৰাকী শিক্ষাৰ্থীয়ে চিত্ৰাংকন প্ৰতিযোগিতাখনত আন্তৰিকতাৰে অংশগ্ৰহণ কৰাৰ লগতে ৫০ গৰাকী শিক্ষাৰ্থীয়ে জি-২০ৰ বিষয়বস্তু "বসুধৈৱ কুটুম্বকম"ক সাৰোগত কৰি শ্লোগান লিখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ৰং-তুলিকাৰে কাকতত জি-২০ৰ বিষয়বস্তুৰ প্ৰতীকী ৰূপ আৰু বৰ্ণনাৰ সঠিক প্ৰকাশৰে প্ৰতিভাধৰ অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ সৃষ্টিশীল মন আৰু পৰিচ্ছন্ন চিন্তাৰ ৰেশ ভাস্বত কৰি তুলিছিল। অংশগ্ৰহণকাৰীসকলে লিখা শ্লোগানবোৰে উপস্থিত সকলোকে অভিভূত কৰি তুলিছিল।

শিক্ষাৰ্থীসকলক উত্সাহিত কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়, ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ৰাজ্য চৰকাৰৰ বহুকেইগৰাকী বিষয়া আজিৰ এই অনুষ্ঠানত উপস্থিত আছিল। অনুষ্ঠানত উপস্থিত থাকি বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ উপদেষ্টা শ্ৰীমতী গীতু যোশীয়ে কয় যে "বিত্ত মন্ত্ৰালয়ে জি-২০ ক অসমৰ জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছে। তেওঁ কয় যে চিত্ৰাংকন আৰু শ্লোগান প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলৰ উৎসাহী অংশগ্ৰহণে ভাৰতৰ সভাপতিত্বৰ বিষয়বস্তুক কেনেকৈ ৰাইজৰ কাষলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে তাকেই দাঙি ধৰিছে। এই ধৰণৰ কাৰ্যক্ৰমে শিক্ষাৰ্থীসকলৰ মাজত জি-২০ৰ বাৰ্তা প্ৰচাৰ কৰাত সহায় কৰাৰ লগতে চৰকাৰে গ্ৰহণ কৰা সংকল্প আৰু এক বহনক্ষম ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে  তেওঁলোকক জনাৰ সুযোগ প্ৰদান কৰিব। পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰে আজিৰ কাৰ্যক্ৰমৰ সামৰণি পৰে।

অসমৰ জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছে। তেওঁ কয় যে চিত্ৰাংকন আৰু শ্লোগান প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলৰ উৎসাহী অংশগ্ৰহণে ভাৰতৰ সভাপতিত্বৰ বিষয়বস্তুক কেনেকৈ ৰাইজৰ কাষলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে তাকেই দাঙি ধৰিছে। এই ধৰণৰ কাৰ্যক্ৰমে শিক্ষাৰ্থীসকলৰ মাজত জি-২০ৰ বাৰ্তা প্ৰচাৰ কৰাত সহায় কৰাৰ লগতে চৰকাৰে গ্ৰহণ কৰা সংকল্প আৰু এক বহনক্ষম ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে  তেওঁলোকক জনাৰ সুযোগ প্ৰদান কৰিব। পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰে আজিৰ কাৰ্যক্ৰমৰ সামৰণি পৰে।

জন অংশীদাৰিত্ব কাৰ্যক্ৰমৰ অংশ হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰা স্বচ্ছতা অভিযানত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ লগতে জালুকবাৰী অঞ্চলত ৰূপায়ণ কৰা এক ছাফাই অভিযানত বহু সংখ্যক লোকৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকলেও অংশগ্ৰহণ কৰিছিল।

***

Pavni Gupta/BarnaliMahanta/KB



(Release ID: 1894737) Visitor Counter : 152


Read this release in: English