তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত আজাদী কা অমৃত মহোৎসৱৰ পাঁচদিনীয়া প্ৰদৰ্শনীৰ সফল সামৰণি
ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে উদযাপন কৰা আজাদী কা অমৃত মহোৎসৱ এক মহান পদক্ষেপ: সৰ্বানন্দ সোণোৱাল
প্ৰদৰ্শনীখনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলৰ জীৱন পৰিক্ৰমাত আলোকপাতৰ প্ৰয়াস কৰা হয়ঃ শ্ৰী নাৰায়ণন
प्रविष्टि तिथि:
22 JAN 2023 6:44PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেশ্যন (CBC), গুৱাহাটীৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান (AEI) ৰ খেলপথাৰত আয়োজিত আজাদী কা অমৃত মহোৎসৱৰ পাঁচদিনীয়া ফটো প্ৰদৰ্শনীখনিৰ আজি সফল সামৰণি পৰে। ইয়াত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে।
এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন আৰু স্মৰণাৰ্থে আজাদী কা অমৃত মহোৎসৱ চৰকাৰখনৰ এক মহান পদক্ষেপ। শ্ৰী সোণোৱালে লগতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অবিদিত বীৰসকলক লৈ এনে এখনি সুন্দৰ প্ৰদৰ্শনী আয়োজনৰ বাবে চিবিচি, গুৱাহাটীয়ে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়।
তেওঁ কয় যে ভাৰতে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপনৰ অভিমুখে অগ্ৰসৰ হোৱাৰ সময়তে এই অমৃত মহোৎসৱ এক স্মৰণীয় পদক্ষেপ হৈ ৰ’ব। তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সকলোকে নিষ্ঠা, ভক্তি আৰু দায়বদ্ধতাৰে কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায়।
এই সামৰণি অনুষ্ঠানত সমবেত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি শ্ৰী সোণোৱালে আগন্তুক পৰীক্ষ পে চৰ্চা সম্পৰ্কে আলোচনা কৰে। তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ এই মহান পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা সম্পৰ্কীয় ভীতিৰ সৈতে মোকাবিলাত সহায় কৰিব। তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখা "এক্সাম ৱাৰিঅ’ৰ" শীৰ্ষক গ্ৰন্থখন পঢ়িবলৈ আহ্বান জনায়।
সমবেত লোকসকলক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্ৰধান শ্ৰী বি. নাৰায়ণন (IIS) য়ে কয় যে চিবিচি, গুৱাহাটীয়ে প্ৰদৰ্শনীখনৰ জৰিয়তে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অখ্যাত নায়কসকলৰ বিষয়ে আলোকপাতৰ প্ৰয়াস কৰিছে আৰু ই দেশখনৰ উত্তৰ-পূব প্ৰান্তৰ স্বাধীনতা সংগ্ৰামীসকলৰ জীৱন পৰিক্ৰমাৰ অৱলোকন কৰিছে।
সামৰণি অনুষ্ঠানত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষ শ্ৰী হিতেশ তহবিলদাৰ, পিআইবি, গুৱাহাটীৰ উপ-সঞ্চালক শ্ৰীমতী পাৱনী গুপ্তাও উপস্থিত থাকে।
যোৱা ১৮ জানুৱাৰীত অসমৰ মাননীয় ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে এই ফটো প্ৰদৰ্শনী উদ্বোধন কৰিছিল। প্ৰদৰ্শনীখনিত ৰাষ্ট্ৰৰ স্বাধীনতা আন্দোলনত উত্তৰ-পূবৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগৰ গাথা আৰু তেওঁলোকৰ বৰঙণিক চিত্ৰিত কৰা হয়।
ইয়াত চিবিচি, গুৱাহাটীৰ শিল্পীসকলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আন-আন প্ৰান্তৰ সংস্কৃতি আৰু পৰম্পৰাক চিত্ৰিত কৰা লোকগীত আৰু লোকনৃত্য পৰিবেশন কৰে। ইয়াৰোপৰি, পাঁচদিনীয়া এই প্ৰদৰ্শনীৰে সংগতি ৰাখি আয়োজন কৰা নৃত্য, চিত্ৰাংকন, কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰসমূহো বিতৰণ কৰা হয়।
PG/SS
এই কাৰ্য্যসূচীৰ আলোকচিত্ৰসমূহঃ



***
(रिलीज़ आईडी: 1893881)
आगंतुक पटल : 47
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English