তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

তৃণমূল পৰ্যায়ত ভোটাৰ সজাগতা বৃদ্ধিৰ বাবে শ্ৰেষ্ঠ চৰকাৰী শাখাত লাভ কৰিলে এই বঁটা

Posted On: 25 JAN 2023 7:30PM by PIB Guwahati

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচনৰ ইম্ফলৰ আঞ্চলিক কাৰ্যালয়ে ফেব্ৰুৱাৰী-মাৰ্চ ২০২২-ত মণিপুৰ বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰচাৰত পৰম্পৰাগত লোক-নৃত্য আৰু নাটক ব্যৱহাৰ কৰি ভোটাৰ সজাগতাৰ স্তৰ বৃদ্ধিত আগবঢ়োৱা অৱদানৰ বাবে শ্ৰেষ্ঠ চৰকাৰী শাখাত উত্তম নিৰ্বাচনী অনুশীলনৰ বাবে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।  

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ মানেকশ্ব কেন্দ্ৰত অনুষ্ঠিত বাৰ্ষিক ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অনুষ্ঠানত চেণ্ট্ৰেল কমিউনিকেচন অব্ ব্যুৰ’ৰ সঞ্চালক প্ৰধান (উত্তৰ-পূৰ্বাঞ্চল) শ্ৰী বি নাৰায়ণনক এই বঁটা প্ৰদান কৰে। ইম্ফলৰ চিবিচিৰ আঞ্চলিক কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰী, মণিপুৰৰ জিলাৰ পাঁচোজন ক্ষেত্ৰীয় বিষয়া, কৰ্মচাৰী শিল্পী আৰু ব্যক্তিগত পঞ্জীকৃত লোকনৃত্যৰ দলবোৰে এছভিইইপি অভিযানত অংশগ্ৰহণ কৰিছিল, য'ত সমগ্ৰ ৰাজ্যখনৰ বিশেষকৈ দূৰৱৰ্তী অঞ্চলত, পাঁচ সপ্তাহ জুৰি প্ৰায় ১৫০টা কাৰ্যসূচী অনুষ্ঠিত হৈছিল। মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু জিলা নিৰ্বাচনী বিষয়াৰ সৈতে ঘনিষ্ঠভাৱে এই কাৰ্যসূচীসমূহ আয়োজন কৰা হৈছিল। কাৰ্যসূচীবোৰত নৈতিক ভোটদান আৰু কোনো ভোটাৰ যাতে বাদ পৰি নাযায়, এনেধৰণৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হৈছিল।        

ৰাজ্যখনৰ পূৰ্বৱৰ্তী বিধানসভা নিৰ্বাচনৰ তুলনাত কাৰ্যসূচী অনুষ্ঠিত হোৱা ভোটকেন্দ্ৰসমূহত ভোটদানৰ হাৰ যথেষ্ট অধিক আছিল।

এই উপলক্ষে অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে মুঠ ১৩টা বঁটা প্ৰদান কৰে, যাৰ ভিতৰত আছে শ্ৰেষ্ঠ ৰাজ্য, সাধাৰণ বঁটা, বিশেষ শ্ৰেণী আৰু ৰাষ্ট্ৰীয় সংবাদ বঁটা ৷ এই বঁটা অল ইণ্ডিয়া ৰেডিঅ'ৰ সংবাদ সেৱা বিভাগক প্ৰদান কৰা হয়। ১৯৫০ চনত  নিৰ্বাচন আয়োগ গঠন হোৱা দিনটোৰ সোঁৱৰণত প্ৰতি বছৰে ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস বঁটা প্ৰদান কৰা হয় ৷

 

*********

 

BN, PG

 



(Release ID: 1893772) Visitor Counter : 109


Read this release in: English