তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

কাইলৈৰ পৰা চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত হ’ব আজাদী কা অমৃত মহোৎসৱ আৰু বিগত আঠ বছৰৰ সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণ বিষয়কচিত্ৰ প্ৰদৰ্শনী


প্ৰদৰ্শনীখন উদ্বোধন কৰিব অসমৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে

উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলৰ জীৱনৰ ওপৰত আলোকপাত কৰিবলৈ আয়োজন কৰা হৈছে এই প্ৰদৰ্শনী

পোষ্ট কৰা হৈছে: 17 JAN 2023 4:58PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ চেণ্ট্ৰেলব্যুৰ’ অব্কমিউনিকেচনে (চিবিচি)১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰী তাৰিখলৈ গুৱাহাটীৰ চান্দমাৰীত আজাদী কা অমৃত মহোৎসৱ আৰু বিগত আঠ বছৰৰ সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণ বিষয়ত পাঁচদিনীয়া চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছে।

অসমৰ মাননীয় ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে ১৮ জানুৱাৰীত চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ (এইআই) খেলপথাৰত সন্ধিয়া ৫ বজাত চিত্ৰ প্ৰদৰ্শনীখন উদ্বোধন কৰিব। এই অনুষ্ঠানত অসম চৰকাৰৰ তথ্য আৰু জনসম্পৰ্ক মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকা, গুৱাহাটীৰ সাংসদ শ্ৰীমতী কুইন ওজা তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালক-প্ৰধান শ্ৰী বি নাৰায়ণন উপস্থিত থাকিব।

চিবিচি গুৱাহাটীয়ে প্ৰদৰ্শনীখনৰ জৰিয়তে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অখ্যাত নায়কসকলক আলোকপাত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ই দেশৰ উত্তৰ-পূব অংশৰ স্বাধীনতা সংগ্ৰামীসকল যেনে- কুশল কোঁৱৰ, কনকলতা বৰুৱা, মণিৰাম দেৱান, পা টোগান চাংমা, ইউ তিৰৎ সিং, হাইপৌ জাদোনাং, ডাৰ্থৱমা ৰেনথেলেই, মোজে ৰিবা আৰু বহুতৰ জীৱনকাহিনীৰ ওপৰত আলোকপাত কৰিব। ই দৰ্শনাৰ্থীসকলৰ বাবে ভাৰতৰ স্বাধীনতাত স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ বিষয়ে অৱগত হোৱাৰ এক মঞ্চ হিচাপে কাম কৰিব।

বিভিন্ন প্ৰদৰ্শন যেনে নৃত্য, নাটক, পুতলানৃত্য প্ৰদৰ্শনী, বাৰ্তালাপ অধিৱেশন, কুইজ আৰু অমৃত মহোৎসৱৰ ওপৰত বিভিন্ন আলোচনা এই পাঁচদিনীয়া অনুষ্ঠানৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। পাঁচোদিনে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত অসমৰ বিভিন্ন জনজাতি আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য অংশৰ সংস্কৃতি আৰু পৰম্পৰা প্ৰদৰ্শন কৰা লোকগীত আৰু লোক নৃত্য উপস্থাপন কৰা হ’ব। গীত আৰু নাটক বিভাগৰ শিল্পীসকলেও অনুষ্ঠানটোত বিভিন্ন ধৰণৰ নৃত্য আৰু সংগীত অনুষ্ঠান পৰিৱেশন কৰিব।

খাদ্যৰ বিপণীবোৰ অনুষ্ঠানটোৰ আন এটা বিশেষত্ব হ’ব। আত্মসহায়ক গোটবোৰে দৰ্শনাৰ্থীসকলৰ বাবে অসমৰ সুস্বাদু ৰন্ধনপ্ৰণালী পৰিবেশন কৰিব।

পাঁচদিনীয়াকৈ অনুষ্ঠিত এই চিত্ৰ প্ৰদৰ্শনীখন ১৯ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ দৰ্শকৰ বাবে বিনামূলীয়াকৈ মুকলি থাকিব ৷

 

***

PG/SS


(ৰিলিজ আই ডি : 1891817) অতিথি কক্ষ : 101
ত এই ৰিলিজটো পঢ়ক: English