যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে গুৱাহাটীত ৱাই-২০ গোটৰ প্ৰথমখন বৈঠকৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে

চলিত বৰ্ষৰ ৬ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অসমত অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া অনুষ্ঠানত ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ ২৫০ জনতকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব

ভাৰতে প্ৰথমবাৰলৈ ৱাই-২০ সন্মিলনৰ আয়োজন কৰিছে

Posted On: 05 JAN 2023 5:57PM by PIB Guwahati

"'আজাদী কা অমৃত মহোৎসৱ'ৰ সময়ত ভাৰতে আয়োজন কৰা জি-২০ সন্মিলন ২০২৩ স্বয়ং এক গৌৰৱৰ বিষয় হিচাপে বিবেচিত হৈছে। অনুষ্ঠানটোৰ জৰিয়তে গণতন্ত্ৰৰ মাতৃ ভাৰতে কেনেদৰে বিভিন্ন ক্ষেত্ৰত এক বৃহৎ গণতন্ত্ৰ হিচাপে উল্লেখনীয় কাম কৰিছে আৰু ভৱিষ্যতে ভাৰতে কি কৰিব সেয়া প্ৰদৰ্শন কৰা হ'ব। এই পৰিপ্ৰেক্ষিতত ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীৰ  পৰা ৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত প্ৰথমখন ৱাই-২০ৰ তৰুণ গোটৰ বৈঠক অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ৱাই-২০ আৰম্ভণি বৈঠকৰ পৰ্যালোচনা কৰিবলৈ আজি গুৱাহাটী ভ্ৰমণ কৰে ভাৰতে প্ৰথমবাৰৰ বাবে ৱাই ২০ সন্মিলনৰ আয়োজন কৰিছে।

এই সন্দৰ্ভত তেওঁ ৱাই-২০ অনুষ্ঠানৰ বাবে আইআইটি গুৱাহাটী, শংকৰদেৱ কলাক্ষেত্ৰ আদিৰ দৰে অস্থায়ী স্থানসমূহ পৰিদৰ্শন কৰে আৰু যুটীয়াভাৱে কাৰ্যসূচীটোৰ সফলতাৰ পৰিকল্পনা কৰিবলৈ বিভাগীয় বিষয়া, চৰকাৰী সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে আলোচনাত মিলিত হয় ।

 

তেওঁ অনুষ্ঠানটোত যুৱক-যুৱতীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ ক্ষেত্ৰত আশা প্ৰকাশ কৰি সাংস্কৃতিক পৰম্পৰাৰ আদান-প্ৰদান আৰু শান্তি প্ৰক্ৰিয়া, সংঘাত ক্ষেত্ৰ আদি বিষয়ত পৰ্যালোচনাৰ বাবে গুৰুত্ব আৰোপ কৰে।

তেওঁ কয় যে অসমে অনুষ্ঠানটোৰ প্ৰস্তুতিৰ বাবে ভাল কাম কৰি আছে আৰু তেওঁ আশা কৰে যে অসমৰ পৰম্পৰা, সংস্কৃতি প্ৰদৰ্শনৰ বাবে ৱাই-২০ এক বৃহৎ মঞ্চ হিচাপে পৰিগণিত হ'ব; হস্তশিল্প, জৈৱিক সামগ্ৰী, আত্মসহায়ক গোটৰ কাৰ্যকলাপ, লগতে ই বজাৰ, পৰ্যটনৰ ক্ষেত্ৰত অসমক বিশ্ব পৰ্যায়ত প্ৰক্ষেপিত কৰাৰ সুবিধা প্ৰদান কৰিব। অসমত অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া অনুষ্ঠানটোত ২০ খন দেশৰ তথা ভাৰতৰ ২৫০ জনতকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

ৱাই-২০ ভাৰত সন্মিলনে ২০২৩ চনত ভাৰতৰ যুৱ-কেন্দ্ৰিক প্ৰচেষ্টাৰ আৰ্হি দাঙি ধৰিব আৰু ইয়াৰ মূল্যবোধ আৰু নীতিগত পদক্ষেপসমূহ প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিব যাতে এই সন্মিলনত ভাৰতৰ নেতৃত্ব যুৱ দলৰ মাজৰ পৰা মূৰ দাঙি থিয় হ'ব পাৰে। সন্মিলনৰ বাবে বাছনি কৰা বিষয়বোৰে বিশ্ব আৰু ঘৰুৱা দৰ্শকৰ আগত ভাৰতীয় নেতৃত্বৰ ধ্বজ্বা প্ৰদৰ্শন কৰিব আৰু জি-২০ সন্মিলনক সঁচাকৈয়ে অংশগ্ৰহণমূলক প্ৰকৃতিৰ কৰি তোলাৰ ভাৰতৰ দৃষ্টিভংগী পূৰণ কৰাত সহায় কৰিব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাইলৈ নতুন দিল্লীৰ আকাশবাণী ৰং ভৱনত ৱাই-২০ সন্মিলনৰ মুকলি অনুষ্ঠান ৱাই-২০ সন্মিলনৰ থীম, ল’গো আৰু ৱেবছাইট মুকলি কৰিব।

এয়া হ’ল জি-২০ পদক্ষেপৰ অধীনত আঠটা চৰকাৰী এংগেজমেণ্ট গোটৰ ভিতৰত অন্যতম এটা পদক্ষেপ। জি-২০-ৰ চলন্ত অধ্যক্ষতাত যুৱ সন্মিলন আয়োজনৰ দায়িত্ব বহন কৰা হয়, যি সাধাৰণতে পৰম্পৰাগত বৈঠকৰ কিছু সপ্তাহ পূৰ্বে অনুষ্ঠিত কৰা হয় যাতে যুৱক-যুৱতীসকলৰ চিন্তাধাৰা জানিব পাৰে আৰু তেওঁলোকৰ পৰামৰ্শবোৰ নীতি প্ৰস্তাৱত অন্তৰ্ভুক্ত কৰা হয়। এয়া জি-২০ চৰকাৰ আৰু স্থানীয় যুৱচামৰ মাজত এটা সংযোগ বিন্দু সৃষ্টি কৰাৰ প্ৰয়াস হিচাপে বিবেচিত হৈছে।

অধিক জানিবলৈ চাওক https://www.pib.gov.in/PressReleasePage.aspx?PRID=1888811

 

 

PG/PN

 



(Release ID: 1888952) Visitor Counter : 190


Read this release in: English