স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

গুৱাহাটীত ‘উত্তৰ-পূৰ্বাঞ্চলত এটি বহনক্ষম ডায়েলাইচিছ কেয়াৰ ইক’চিষ্টেম’ শীৰ্ষক আলোচনা

Posted On: 03 DEC 2022 6:15PM by PIB Guwahati

আজি গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চল (NER) ত বহনক্ষম ডায়েলাইচিছ কেয়াৰ ইক’চিষ্টেম সন্দৰ্ভত এক আলোচনা অনুষ্ঠিত হয়। ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সকলো অংশীদাৰ আৰু দেশখনত ডায়েলাইচিছ সেৱা আগবঢ়াই অহা ব্যক্তিগত সেৱা প্ৰদানকাৰীসকলে অংশগ্ৰহণ কৰে।

এই অধিবেশনত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (MoHFW) ৰ যুটীয়া সচিব (নীতি) শ্ৰী বিশাল চৌহান, আইএএছ য়ে উত্তৰ-পূৰ্বাঞ্চলৰে সম্পৰ্কীয় একাধিক বিষয় সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে কয় যে এই সন্দৰ্ভত পুঁজিৰ যোগান সমস্যা নহয়; ডায়েলাইচিছ কেন্দ্ৰসমূহৰ অৰ্থে স্থান প্ৰস্তুতিৰ বাবে পুঁজিৰ প্ৰয়োজন হোৱা মাত্ৰেকে এনএইচএম পুলৰ পুঁজি ব্যৱহাৰ কৰিব পাৰি আৰু অধিক পুঁজিও লাভ কৰিব পাৰি।

শ্ৰী বিশাল চৌহানে আৰু কয় যে এই বৈঠকৰ উদ্দেশ্য হৈছে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰ্হিৰে ব্যক্তিগত সেৱা অংশীদাৰসকলৰ সহায়ত উত্তৰ-পূৰ্বাঞ্চলত এক বহনক্ষম ডায়েলাইচিছ কেয়াৰ বাতাবৰণ গঢ়ি তোলা। সকলো জিলা চিকিৎসালয়তে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ কাৰ্য্যক্ৰম (PMNDP) ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সমৰ্থন আগবঢ়াই আহিছে। সকলো বিপিএল ৰোগীয়ে পিএমএনডিপিৰ অধীনত বিনামূলীয়াকৈ ডায়েলাইচিছ সেৱা লাভ কৰি আছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ২০১৬ ত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM) ৰ অধীনত পিএমএনডিপি ৰ ঘোষণা কৰিছিল। পিএমএনডিপি ৰ লক্ষ্য আছিল সাশ্ৰয়ীভাৱে ডায়েলাইচিছ সেৱা আগবঢ়াই জিলা চিকিৎসালয়সমূহক সুদৃঢ় কৰি তোলা। এই কাৰ্য্যক্ৰমৰ প্ৰথম পৰ্য্যায়ত দেশখনৰ সকলো জিলাতে হিমোডায়েলাইচিছ কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছিল।

নেফ্ৰ’লজিষ্টৰ উপলব্ধতা আৰু ওচৰতে মাল্টি-স্পেচিয়েলিটি চিকিৎসালয় থকাটো বিবেচনাযোগ্য আন এক পৰিমাপ কিয়নো ক্ৰনিক কিডনী ডিজিজ (CKD) ৰোগীৰ স্বাস্থ্যৰ অৱস্থা সাধাৰণতে ভাগি পৰে আৰু যিকোনো সময়তে জীৱনলৈ ভাবুকি কঢ়িয়াই অনা জৰুৰীকালীন অৱস্থাৰ বিপদাশংকাত গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজনীয়। সকলোৰে বাবে নিৰ্ভৰযোগ্য ডায়েলাইচিছ সেৱা প্ৰদান আৰু উন্নত সুলভতা নিশ্চিতকৰণৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলত বিশাল সুযোগ আছে।

প্ৰতি বছৰে ভাৰতত অন্তিম-পৰ্য্যায়ৰ বৃক্কজনিত ৰোগত প্ৰায় ২.২ লাখ লোক আক্ৰান্ত হয়, যাৰ বাবে প্ৰতি বছৰে অতিৰিক্তভাৱে ৩.৪ কোটি ডায়েলাইচিছৰ আৱশ্যক হয়। ২০১৬ ত কৰা “হেল্থ অৱ দ্য নেচনচ ষ্টেটচঃ ইণ্ডিয়া ষ্টেট-লেভেল ডিজিজ বাৰ্ডেন” শীৰ্ষক এক অধ্যয়ন অনুসৰি, মুঠ মৃত্যুৰ প্ৰায় ৬১.৮ শতাংশৰে কাৰক হৈছে এনচিডি, একেদৰে সংক্ৰামক, মাতৃত্বকালীন আৰু পুষ্টিজনিত ৰোগৰ ফলত ২৭.৫ শতাংশ মৃত্যুৰ মুখত পৰিছে। কিন্তু, উক্ত প্ৰতিবেদন অনুসৰি, ২০১৬ ত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত এনচিডিৰ বাবে মুঠ ৰোগৰ ঘটনাৰ অনুপাত ৫১.২% ৰপৰা ৫৭.৫% ৰ ভিতৰত আছিল। ক্ৰনিক কিডনী ডিজিজ শীৰ্ষ ১০ ৰোগৰ অন্যতম আছিল যাৰ ফলশ্ৰুতি ইয়েৰ্ছ অৱ লাইফ লষ্ট (YLL)। 

ৰাজ্যত অধিক সংখ্যক ডায়েলাইচিছ কেন্দ্ৰ স্থাপনৰ লগে-লগে ডায়েলাইচিছ কৰা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ২০২২ ৰ এপ্ৰিলৰপৰা অক্টোবৰলৈ উত্তৰ-পূৰ্বাঞ্চলৰ ভিন্ন ৰাজহুৱা ডায়েলাইচিছ কেন্দ্ৰত প্ৰায় ১৪৫০০ নতুন চিকেডি ৰোগী পঞ্জীয়নভুক্ত হৈছিল আৰু ব্যক্তিগত খণ্ডত উপলব্ধ সেৱাসমূহৰ উপৰিও ১.৪০ লাখ ডায়েলাইচিছ চেছন অনুষ্ঠিত কৰা হয়। এটি চেন্ট্ৰেল ৰেজিষ্ট্ৰীয়ে অধিক সহায় কৰিব।

চেন্ট্ৰেল ৰেজিষ্ট্ৰীৰ দিশে আগবাঢ়ি গৈ আৰু এজন ৰোগীৰ হেল্থ ৰেকৰ্ড ৰক্ষণাবেক্ষণৰ বাবে ‘আভা’ (আয়ুষ্মান ভাৰত স্বাস্থ্য একাউন্ট) নম্বৰ হৈছে এটি ১৪-অংকৰ নম্বৰ যিয়ে ভাৰতৰ ডিজিটেল স্বাস্থ্যসেৱা বাতাবৰণত এজন ৰোগীক অনন্যভাৱে চিনাক্ত কৰিব। আভা আইডিৰ ব্যৱহাৰেৰে ষ্টেট ৰেজিষ্ট্ৰী সৃষ্টিৰ বাবে এটি পৰ্টেল ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে যিয়ে ডায়েলাইচিছ ৰোগীক খালী স্লট উপলব্ধ হ'লে ৰাজ্যৰ যিকোনো জিলাত বিনামূলীয়াকৈ ডায়েলাইচিছৰ সেৱা লাভ কৰিবলৈ সহায় আগবঢ়ায়। ‘এক ৰাজ্য-এক ডায়েলাইচিছ’ ৰ এই ধাৰণাটো অৱশেষত দেশখনত ‘এক ৰাষ্ট্ৰ -এক ডায়েলাইচিছ’ লৈ পৰিগণিত হ’ব।

উত্তৰ-পূৰ্বাঞ্চলে সাধাৰণতে যোগাযোগ আৰু পৰিবহণৰ সমস্যাৰ বাবে যোগান শৃংখলৰ দুৰ্বলতাৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে। উত্তৰ-পূবত অনুকূল ডায়েলাইচিছ ব্যৱস্থা উপলব্ধ নোহোৱাৰ ভিন্ন কাৰণ হিচাপে নেফ্ৰ’লজিষ্টৰ অভাৱ, সঁজুলি আৰু ব্যৱহাৰ্য্য সামগ্ৰীৰ ক্ষেত্ৰত যোগান শৃংখলৰ দুৰ্বলতা, প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰী (ডায়েলাইচিছ টেকনিচিয়ান) ৰ অভাৱ ইত্যাদিক চিহ্নিত কৰিব পাৰি।

অসম, ছিকিম আৰু ত্ৰিপুৰাই ২০২২-২৩ ৰ ভিতৰত সকলো জিলাতে ডায়েলাইচিছ সেৱা আগবঢ়াব বুলি আশা কৰা হৈছে যদিও উত্তৰ-পূবৰ আন পাঁচখন ৰাজ্য যথাঃ অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ড এতিয়াও পিছ-পৰি আছে। সম্প্ৰতি অৰুণাচল প্ৰদেশৰ ২৫ ৰ ভিতৰত ৯ খন জিলা, অসমৰ ৩৩ ৰ ভিতৰত ২৬ খন, মণিপুৰৰ ১৬ ৰ ভিতৰত ৯ খন, মেঘালয়ৰ ১১ ৰ ভিতৰত ৩ খন, মিজোৰামৰ ৯ ৰ ভিতৰত ৪ খন, নাগালেণ্ডৰ ১২ ৰ ভিতৰত ৩ খন, ছিকিমৰ ৪ ৰ ভিতৰত ৩ খন আৰু ত্ৰিপুৰাৰ ৮ ৰ ভিতৰত ৭ খন জিলাত  পিএমএনডিপি উপলব্ধ। উত্তৰ-পূৰ্বাঞ্চলত ২০২২ ৰ অক্টোবৰলৈকে ৪০০ টা মেচিন স্থাপনেৰে ৬৪ খন জিলাৰ ৭২ টা জনস্বাস্থ্য ব্যৱস্থাত এই কাৰ্য্যক্ৰম ৰূপায়ণ কৰা হৈছে।

অৰুণাচল প্ৰদেশ আৰু অসমে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে এই কাৰ্য্যক্ৰম ৰূপায়ণ কৰিছে আৰু ত্ৰিপুৰাই ইয়াক মিশ্ৰিত আৰ্হিৰে ৰূপায়ণ কৰিছে আৰু মণিপুৰ, মেঘালয়, নাগালেণ্ড আৰু ছিকিমে ইয়াক ঘৰুৱা আৰ্হিৰে ৰূপায়ণ কৰিছে।

ইতিমধ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত ‘এক ৰাষ্ট্ৰ, এক ডায়েলাইচিছ’ ৰ অভিমুখে যাত্ৰা আৰম্ভ হৈছে। এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলত এই প্ৰচেষ্টাক অধিক গতি প্ৰদান কৰিবলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল আৰু পিপিপি মডেলৰ সেৱা অংশীদাৰসকলে অঞ্চলটোত ডায়েলাইচিছ সেৱাৰ বৰ্ধনৰ বাবে এক সুদৃঢ় বাতাবৰণ গঢ়ি তোলা সন্দৰ্ভত বিস্তৃত আলোচনা কৰে।

গুৱাহাটীত আজি ‘উত্তৰ-পূৰ্বাঞ্চলত এটি বহনক্ষম ডায়েলাইচিছ কেয়াৰ ইক’চিষ্টেম’ শীৰ্ষক আলোচনাৰ উদ্বোধন কৰি আৰআৰচিএনইৰ সঞ্চালক ডাঃ অশোক ৰয় (মাজত), চিকিৎসা শিক্ষা, অসমৰ সঞ্চালক অধ্যাপক (ডাঃ) অনুপ কুমাৰ বৰ্মন (বাওঁফালে) আৰু এনএইচএছআৰচি, নতুন দিল্লীৰ হেল্থ কেয়াৰ টেকনলজিৰ উপদেষ্টা ডাঃ ৰঞ্জন চৌধুৰী।

 

***


(Release ID: 1880734) Visitor Counter : 40


Read this release in: English