পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
আজি গুৱাহাটীত পেট্ৰলিয়াম স্প’ৰ্টছ প্ৰম’শ্যন ব’ৰ্ডৰ আন্তঃইউনিট টুৰ্ণামেন্ট, ২০২২-২৩ ৰ উদ্বোধন পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীৰ
১৬-২০ নৱেম্বৰত ৫ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ’ব
৫-দিনীয়া এই প্ৰতিযোগিতাত ৬০০ ৰোধিক আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিব
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ পিএছইউসমূহে দেশখনত ক্ৰীড়াৰ প্ৰোৎসাহনত সদায়েই সক্ৰিয় ভূমিকা পালন কৰি আহিছেঃ ৰামেশ্বৰ তেলী
प्रविष्टि तिथि:
15 NOV 2022 8:10PM by PIB Guwahati
আজি গুৱাহাটীৰ মালিগাঁৱস্থিত এনএফআৰ ষ্টেডিয়ামত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীয়ে পেট্ৰলিয়াম স্প’ৰ্টছ প্ৰম’শ্যন ব’ৰ্ড (PSPB) ৰ আন্তঃইউনিট টুৰ্ণামেন্ট, ২০২২-২৩ ৰ উদ্বোধন কৰে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ উদ্যোগত পিএছপিবিয়ে ১৬-২০ নৱেম্বৰত গুৱাহাটীত এই ০৫-দিনীয়া আন্তঃইউনিট টুৰ্ণামেন্ট, ২০২২-২৩ ৰ আয়োজন কৰিছে। পিএছপিবিয়ে পোন প্ৰথমবাৰৰ বাবে একেলগে পাঁচটা ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ইয়াত অ’এনজিচি, বিপিচিএল, এমএনজিএল, অইল আৰু এনআৰএলে গুৱাহাটীত বেডমিন্টন, ভলীবল, বাস্কেটবল, কেৰম আৰু ফুটবলৰ আয়োজন কৰিছে।

ইয়াত ভাষণ প্ৰদান কৰি ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে এইবাৰ পিএছপিবিৰ ইতিহাসত তথা অসমতো পোন প্ৰথমবাৰৰ বাবে একে সময়তে ৫ টা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।
ক্ৰীড়াৰ প্ৰোৎসাহনৰ ক্ষেত্ৰত পিএছপিবিৰ ভূমিকাৰ আলোকপাতেৰে মন্ত্ৰীজনে কয় যে হকী, বেডমিন্টন, টেবুল টেনিছ দবা, কেৰম আৰু আৰ্চাৰীত ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলৰ একাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ আছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনস্থ তেল আৰু গেছ পিএছইউসমূহে দেশখনত ক্ৰীড়াৰ প্ৰোৎসাহনৰ ক্ষেত্ৰত সদায়েই এটি সক্ৰিয় আৰু অগ্ৰণী ভূমিকা পালন কৰি আহিছে। শ্ৰী তেলীয়ে এই প্ৰতিযোগিতাখনি আয়োজনৰ ক্ষেত্ৰত পিএছপিবিয়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পিএছপিবি খেলুৱৈসকলৰ কৃতিত্ব সম্পৰ্কে উল্লেখ কৰি মন্ত্ৰীজনে লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশখনে ক্ৰীড়াৰ ক্ষেত্ৰত এক পৰিৱৰ্তিত পৰিস্থিতি প্ৰত্যক্ষ কৰিছে আৰু এছিয়ান গেমছ, কমনৱেলথ গেমছৰ দৰে ক্ৰীড়া সমাৰোহসমূহত খেলুৱৈসকলে অত্যন্ত ভাল ফলাফল প্ৰদৰ্শন কৰিছে। মহিলাসকলেও বিভিন্ন ক্ৰীড়াত সমানে ভাল ফলাফল দেখুৱাইছে বুলি তেওঁ লগতে কয়।
আজিৰ উদ্বোধনী অনুষ্ঠানত বেডমিন্টন, ভলীবল, বাস্কেটবল, ফুটবল আৰু কেৰমৰ কেইবাগৰাকীও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ইয়াত ভাগ লয় প্ৰসিদ্ধ খেলুৱৈ লক্ষয় সেন (বেডমিন্টন), এইচ এছ প্ৰণয় (বেডমিন্টন), সাতৱিক চৈৰাজ ৰাংকি ৰেড্ডী (বেডমিন্টন), বি সাই প্ৰণীত (বেডমিন্টন), সৌৰভ বাৰ্মা (বেডমিন্টন), অশ্বিনী পোনাপ্পা (বেডমিন্টন), পি কাশ্যপ (বেডমিন্টন), ছিকি ৰেড্ডী (বেডমিন্টন), সমীৰ বাৰ্মা (বেডমিন্টন), কাজল কুমাৰী (কেৰম), কে শ্ৰীনিবাস (কেৰম), ৰশ্মি কুমাৰী (কেৰম), অথিন জি এছ (ভলীবল), জয়ৰম বিনীত (ভলীবল), বিষেশ ভৃগুবংশী (বাস্কেটবল), অতনু দাস (আৰ্চাৰী), জ্যোতি সুৰেখা (আৰ্চাৰী) আৰু শিৱ থাপা (বক্সিং)ই।
আজিৰ এই কাৰ্য্যসূচীত ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামশ্বেৰ তেলীয়ে সকলো খেলুৱৈকে সম্বৰ্ধনা জনায়।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ শ্ৰীমতী কুইন ওজাই ভাষণ প্ৰসংগত কয় যে গুৱাহাটীত এই প্ৰতিযোগিতাখনিৰ আয়োজনেৰে পিএছপিবিয়ে এক মহান পদক্ষেপ গ্ৰহণ কৰিলে। তেওঁ লগতে কয় যে খেলুৱৈসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ইভেন্টসমূহত প্ৰায় প্ৰতিটো ক্ৰীড়াতে উৎকৃষ্টতাৰ প্ৰদৰ্শনেৰে দেশখনক গৌৰৱান্বিত কৰি তুলিছে।
ইয়াত পাঁচটা ক্ৰীড়া যথাঃ ফুটবল, বেডমিন্টন, ভলীবল, বাস্কেটবল আৰু কেৰম প্ৰতিযোগিতা একে সময়তে অনুষ্ঠিত হ’ব।
|
ক্ৰমিক নং
|
শাখা
|
আয়োজক সংস্থা
|
গুৱাহাটীৰ স্থান
|
তাৰিখ
|
-
|
ফুটবল
|
এনআৰএল
|
নেহৰু ষ্টেডিয়াম
|
১৬ – ২০ নৱেম্বৰ, ২০২২
|
-
|
বেডমিন্টন
|
অ’এনজিচি
|
নেহৰু ষ্টেডিয়াম
|
১৬ – ২০ নৱেম্বৰ, ২০২২
|
-
|
ভলীবল
|
বিপিচিএল
|
উত্তৰ-পূব সীমান্ত ৰেলৱে (হল)
|
১৬ – ২০ নৱেম্বৰ, ২০২২
|
-
|
বাস্কেটবল
|
এমএনজিএল
|
উত্তৰ-পূব সীমান্ত ৰেলৱে (হল)
|
১৬ – ২০ নৱেম্বৰ, ২০২২
|
-
|
কেৰম
|
অইল
|
নাৰেংগী, অইল ইণ্ডিয়া টাউনশ্বিপ
|
১৬ – ২০ নৱেম্বৰ, ২০২২
|
এই প্ৰতিযোগিতাত ৬০০ ৰোধিক আন্তঃৰাষ্ট্ৰীয়/ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। দৰ্শকে তেওঁলোকৰ বাবে নিৰ্ধাৰিত স্থানত সকলো দিনতে বিনামূলীয়াকৈ এই প্রতিযোগিতাসমূহ চাব পাৰিব।
পিএছপিবি সম্পৰ্কেঃ
পেট্ৰলিয়াম স্প’ৰ্টছ প্ৰম’শ্যন ব’ৰ্ড (PSPB) হৈছে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ উদ্যোগত ১৯৭৯ ত স্থাপিত এটি ক্ৰীড়া সংস্থা। এই সংস্থাটো ১৫ টা তেল পিএছইউৰ সমৰ্থনত সদস্য সংস্থা হিচাপে ছ’চাইটিজ এক্টৰ অধীনত পঞ্জীয়নভুক্ত। এই ১৫ টা তেল পিএছইউত প্ৰায় ৩০০+ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰীড়াবিদ আছে। পিএছপিবিয়ে ইয়াৰ সদস্য সংস্থাসমূহৰ সহযোগত হকী, টিটি, বেডমিন্টন, ক্ৰিকেট, ভলীবল, বাস্কেটবল, আৰ্চাৰী, এথলেটিকছ আদি ক্ষেত্ৰসমূহত প্ৰোৎসাহিত কৰি আহিছে।
বিগত সময়ছোৱাত পিএছপিবিয়ে ১৮ টা ক্ৰীড়াত একাধিক আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈক সহায় কৰিছে। তেওঁলোকৰ একাংশ হৈছেঃ
১) হকী (পুৰুষ/মহিলা) – হৰমনপ্ৰীত সিং, গুৰজন্ত সিং, হাৰ্দিক সিং, সুমিত
২) টেবুল টেনিছ – শৰথ কমল, মণিকা বাট্ৰা, অমলৰাজ, জি সঠিয়ান
৩) বেডমিন্টন – লক্ষ্য সেন, চিৰাগ শ্বেট্টী, অশ্বিনী পোনাপ্পা
৪) ভলীবল – ললিত কুমাৰ, মনদ্বীপ সিং, বিনীত, অখিন জিএছ
৫) বাস্কেটবল – বিনয় দবাছ, বিষেশ ৰঘুবংশী
৬) কেৰম – ৰশ্মি, কাজল কুমাৰী, যোগেশ পাৰ্দেশী, শ্ৰীনিবাস
৭) ক্ৰিকেট – ৰোহিত শৰ্মা, ঈশান্ত শৰ্মা, বিৰাট কোহলী
৮) আৰ্চাৰী – দীপিকা কুমাৰী, জ্যোতি সুৰেখা, অতনু দাস
৯) বিলিয়ার্ড আৰু স্নুকাৰ – পংকজ আদৱানি, সৌৰভ কোথাৰী, আলোক কুমাৰ, ধ্ৰুৱ সীতৱালা
১০) দবা – মনন চন্দ্ৰ, এছ শ্ৰী কৃষ্ণ
PG/BM
(रिलीज़ आईडी: 1876295)
आगंतुक पटल : 109
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English