বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

গুৱাহাটীত অনুষ্ঠিত ‘জিইএম চেলাৰ সংবাদ’ ত বিক্ৰেতাসকলে ব্যক্ত কৰিলে জিইএম প্লেটফৰ্মৰ অভিজ্ঞতা আৰু যাত্ৰাৰ কথা

গভমেন্ট ই-মাৰ্কেটপ্লেছে এমএছএমই, ষ্টাৰ্টআপৰ ব্যৱসায় বৃদ্ধি কৰিছে

Posted On: 26 SEP 2022 5:26PM by PIB Guwahati

বিক্ৰেতা, উদ্যোগী আৰু সংবাদ মাধ্যমৰ মাজত গভমেন্ট ই-মাৰ্কেটপ্লেছ (GeM) ৰ কাৰ্য্যকাৰিতা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে আজি গুৱাহাটীৰ পিডব্লিউডি কনভেনশ্যন চেন্টাৰত ‘জিইএম চেলাৰ সংবাদ’ শীৰ্ষক এক কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ (PIB), গুৱাহাটীৰ সহযোগত গভমেন্ট ই-মাৰ্কেটপ্লেছ (GeM) য়ে ইয়াৰ আয়োজন কৰে। এই জিইএম চেলাৰ সংবাদৰ লক্ষ্য হৈছে মত-বিনিময়মূলক অধিবেশনৰ জৰিয়তে ডিজিটেল প্লেটফৰ্মটোৰ সেৱা প্ৰদানৰ পৰৱৰ্তী অগ্ৰগতি সাধনৰ বাবে অংশীদাৰসকলৰ মতামত আৰু পৰামৰ্শ গ্ৰহণ কৰা।                   

ইয়াত আদৰণি ভাষণ আগবঢ়াই পিআইবিৰ উপ-সঞ্চালক শ্ৰীমতী পাৱনী গুপ্তাই এই প্লেটফৰ্মৰ অধীনত এক সংহত বজাৰৰ গুৰুত্ব আৰু লাভা-লাভ সম্পৰ্কে কয়। জিইএম ৰ পটভূমি সন্দৰ্ভত আলোকপাতেৰে তেওঁ কয় যে ২০১৭ ত শুভাৰম্ভণিৰেপৰা এই প্লেটফৰ্ম বহুগুণে বৃদ্ধি পাইছে আৰু কেৱল ২০২১-২২ বিত্তীয় বৰ্ষতে মুঠ পণ্যদ্ৰব্যৰ মূল্য (GMV) ই এক লাখ কোটি টকা অতিক্ৰম কৰিছে। এয়া জিইএম প্লেটফৰ্মটোত থকা সকলো বিক্ৰেতাৰ অংশগ্ৰহণৰ বাবেহে সম্ভৱ হৈ উঠিছে। শ্ৰীমতী গুপ্তাই লগতে কয় যে প্ৰাথমিকভাৱে জিইএমে তিনিটা স্তম্ভক লক্ষ্য কৰি কাম কৰিছে। এয়া হৈছেঃ অন্তৰ্ভুক্তি (inclusivity), স্বচ্ছতা (transparency) আৰু কাৰ্য্যকাৰিতা (efficiency)। এমএছএমই, ষ্টাৰ্টআপ, মহিলা উদ্যোগী আদিৰ দৰে যথেষ্ট সংখ্যক বিক্ৰেতাই জিইএমৰ জৰিয়তে প্ৰত্যক্ষ প্লেটফৰ্ম লাভ কৰিছে, যাৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ উৎপাদিত পণ্য চৰকাৰখনক বিক্ৰী কৰিব পাৰিছে বুলি তেওঁ লগতে কয়।

এভিপি-চাৰ্ভিচেছৰ শ্ৰী শ্ৰেষ্ঠ ৱটছে তেওঁৰ ভাষণত কয় যে এই চেলাৰ সংবাদৰ জৰিয়তে বিশেষকৈ জেইএম বিক্ৰেতাসকলৰ সৈতে মত-বিনিময় আৰু ইয়াৰদ্বাৰা তেওঁলোকক জিইএম ৰ নতুন বৈশিষ্ট্যৰাজি আৰু কাৰ্য্যকাৰিতাসমূহৰ সম্পৰ্কে জ্ঞাত কৰাৰ পৰিকল্পনা কৰা হৈছে। যোৱা পাঁচটা বছৰত জিইএম, চৰকাৰী ক্ৰয় প্ৰক্ৰিয়াত নিয়োজিত বিশ্বৰ শীৰ্ষ তিনিটা পৰ্টেলৰ ভিতৰত অন্যতম হৈ পৰিছে আৰু অনাগত তিনি ৰপৰা পাঁচ বছৰৰ ভিতৰত জিইএম য়ে বিশ্বৰ ভিতৰতে প্ৰথম হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। শ্ৰী ৱটছে কয় যে বৃহৎ সংখ্যক ক্ৰেতা আৰু বিক্ৰেতা এতিয়া জিইএম ৰ সৈতে সংযুক্ত হৈ পৰিছে আৰু জনসাধাৰণক জ্ঞাত কৰি ভৱিষ্যতে ইয়াৰ সেৱা প্ৰদান প্ৰক্ৰিয়াৰ অগ্ৰগতি সাধন কৰাটো গুৰুত্বপূৰ্ণ।

এই মত-বিনিময়মূলক অধিবেশনত বিক্ৰেতাসকলে জিইএম প্লেটফৰ্মটো সম্পৰ্কে তেওঁলোকৰ অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰে। ইয়াত তেনে কেইজনমান বিক্ৰেতাৰ অভিজ্ঞতা উল্লেখ কৰা হৈছেঃ

“মই ২০১৭ ৰপৰাই জিইএম ত পঞ্জীয়নভুক্ত হৈ আছো আৰু আমাৰ ৮০% ব্যৱসায় ইয়াৰ জৰিয়তে সম্পন্ন কৰা হয়। জিইএমে মোক দেশখনৰ বিভিন্ন ৰাজ্যলৈ মোৰ ব্যৱসায় সম্প্ৰসাৰণত সহায় কৰিছে। মোৰ কোম্পানীয়ে কেৱল উত্তৰ-পূবতে নহয়, বৰঞ্চ সমগ্ৰ দেশখনতে ভাল ব্যৱসায় কৰি আছে। ইয়ালৈ গ্ৰাহকৰ সঁহাৰি আশাব্যঞ্জক।”

- বিকাশ আগৰৱালা, হাইটেক চলুচনছ

“মোৰ কোম্পানীটো আৰম্ভণিৰেপৰাই জিইএম ৰে জড়িত হৈ আহিছে। মই জিইএম ৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ একাধিক সংস্থাক সামগ্ৰী যোগান ধৰি আহিছো। কেৱল এই বৰ্ষতে, মই এই প্লেটফৰ্মৰ জৰিয়তে কেইবা হাজাৰ অৰ্ডাৰ লাভ কৰিছো।”

বৰ্ণ দাস, ডাইঅডছ এণ্ড ছেমিকণ্ডাক্টৰ্ছ

 

জিইএম ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অতিৰিক্ত বিজনেছ ফেচিলিটেটৰ শ্ৰী সঞ্জীৱ অধিকাৰীয়ে জিইএম ৰ নতুন বৈশিষ্ট্যৰাজি সম্পৰ্কে এক প্ৰেজেনটেশ্যন আগবঢ়ায়। ইয়াৰ জৰিয়তে জিইএম সন্দৰ্ভত বিক্ৰেতাৰ অভিজ্ঞতা বৃদ্ধি পাব।

পিআইবি, গুৱাহাটীৰ মিডিয়া আৰু কমিউনিকেশ্যন বিষয়া শ্ৰীমতী স্মিতা শইকীয়াই এই অনুষ্ঠানৰ আঁত ধৰে।

গভমেন্ট ই-মাৰ্কেটপ্লেছ সম্পৰ্কেঃ

গভমেন্ট ই-মাৰ্কেটপ্লেছ (GeM) হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিকল্পনা অনুসৰি ভাৰতত ৰাজহুৱা ক্ৰয়ৰ বাবে প্ৰৱৰ্তন কৰা এক অনলাইন প্লেটফৰ্ম। চৰকাৰী ক্ৰেতাসকলৰ বাবে এক মুক্ত আৰু নিকা ক্ৰয়ৰ মঞ্চ গঢ়ি তোলাৰ উদ্দেশ্যেৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে ২০১৬ ৰ ০৯ আগষ্টত এই পদক্ষেপৰ শুভাৰম্ভ কৰিছিল। ২০১৭ ৰ ১২ এপ্ৰিলত, কেবিনেটৰ সিদ্ধান্ত অনুসৰি, ২০১৭ ৰ ১৭ মে’ত জেইএম এছপিভি (স্পেচিয়েল পাৰপ’জ ভেহিকল) আৰম্ভ কৰা হয়।

কেৱল পাঁচ মাহতে জিইএমে চৰকাৰী সংস্থাসমূহৰদ্বাৰা সাধাৰণ-ব্যৱহৃত সামগ্ৰী আৰু সেৱাসমূহৰ অনলাইন ক্ৰয়ৰ সুবিধা প্ৰশস্ত কৰে। সম্প্ৰতি, এই প্লেটফৰ্ম সকলো চৰকাৰী ক্ৰেতাৰদ্বাৰা ক্ৰয়ৰ বাবে মুকলি কৰা হৈছে যথাঃ কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰালয়, বিভাগ, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, স্বায়ত্তশাসিত প্ৰতিষ্ঠান, স্থানীয় সংস্থা আদি। বৰ্তমানৰ নীতি-নিৰ্দেশনা অনুসৰি, ব্যক্তিগত খণ্ডৰ ক্ৰেতাসকলৰ ব্যৱহাৰৰ বাবে জেইএম উপলব্ধ নহয়। যোগানধাৰী (বিক্ৰেতা) সকল অৱশ্যে চৰকাৰী বা ব্যক্তিগত উভয় খণ্ডৰে হ’ব পাৰে।

নিম্ন উল্লেখিত লিংকত জিইএম ৰ ফেক্ট শ্বীট উপলব্ধ হৈছেঃ

https://static.pib.gov.in/WriteReadData/specificdocs/documents/2022/jun/doc20226361301.pdf

 

PG/BM

 


(Release ID: 1862322)
Read this release in: English