সাংস্কৃতিক মন্ত্ৰালয়

"ভাৰতীয় পতাকা সংহিতা, ২০০২ ৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ"

Posted On: 06 AUG 2022 12:14PM by PIB Guwahati

নাগৰিকসকলক নিজৰ ঘৰতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ উৎসাহিত কৰা আৰু দেশপ্ৰেমৰ অনুভূতি জগাই তুলিবলৈ ৰাষ্ট্ৰজোৰা #HarGharTiranga অভিযান হাতত লোৱা হৈছে। এই অভিযানত অংশগ্ৰহণৰ পূৰ্বে পতাকাখনি উত্তোলনৰ সময়ত মনত ৰাখিবলগীয়া ভাৰতীয় পতাকা সংহিতা, ২০০২ ৰ গুৰুত্বপূৰ্ণ নিয়ম-নীতিসমূহ ইয়াত উল্লেখ কৰা হৈছেঃ

 

  1. ভাৰতীয় জাতীয় পতাকাখনিয়ে ভাৰতৰ নাগৰিকৰ আশা-আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। এয়া আমাৰ ৰাষ্ট্ৰীয় গৌৰৱৰ প্ৰতীক আৰু ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সৰ্বজনীন আকৰ্ষণ আৰু সন্মান তথা আনুগত্য বিদ্যমান। পতাকাখনিয়ে ভাৰতৰ নাগৰিকৰ আৱেগ আৰু মনোজগতত এক অনন্য আৰু বিশেষ স্থান দখল কৰি আছে।
  2. ভাৰতীয় জাতীয় পতাকাৰ উত্তোলন / ব্যৱহাৰ / প্ৰদৰ্শনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সন্মানক অপমান প্ৰতিৰোধ আইন, ১৯৭১ আৰু ভাৰতীয় পতাকা সংহিতা, ২০০২ ৰ নীতি-নিয়ম অনুসৰণ কৰা উচিত। সেয়ে, ৰাইজৰ জ্ঞাতাৰ্থে ভাৰতীয় পতাকা সংহিতা, ২০০২ ৰ কেতবোৰ উল্লেখযোগ্য বৈশিষ্ট্য তলত উল্লেখ কৰা হৈছেঃ-
    1. ৩০ ডিচেম্বৰ, ২০২১ ৰ এক নিৰ্দেশনা অনুসাৰে ভাৰতীয় পতাকা সংহিতা, ২০০২ ৰ সংশোধন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে পলিষ্টাৰৰে বা মেচিনত প্ৰস্তুত ৰাষ্ট্ৰীয় পতাকাৰ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হয়। এতিয়া সেয়ে হাতে কটা আৰু হাতে বোৱা বা মেচিনত প্ৰস্তুত, কপাহী / পলিষ্টাৰ / ল / ছিল্ক খাদীৰ ৰাষ্ট্ৰীয় পতাকা উপলব্ধ হৈছে।
    2. সকলো ৰাজহুৱা, ব্যক্তিগত সংস্থা বা শৈক্ষিক প্ৰতিষ্ঠানে ৰাষ্ট্ৰীয় পতাকাখনিৰ মৰ্য্যাদা ৰক্ষা কৰি আৰু ইয়াৰ প্ৰতি সন্মান সহকাৰে আনুষ্ঠানিক বা অন্যান্য সকলো দিন আৰু পৰ্বতে ৰাষ্ট্ৰীয় পতাকাখনি উত্তোলন / প্ৰদৰ্শন কৰিব পাৰে।
    3. ১৯ জুলাই, ২০২২ ৰ এক নিৰ্দেশনা অনুসাৰে ভাৰতীয় পতাকা সংহিতা, ২০০২ ৰ সংশোধন কৰা হৈছে আৰু ভাৰতীয় পতাকা সংহিতাৰ অংশ-II ৰ অনুচ্ছেদ ২.২ ৰ দফা-xi ৰ ঠাইত নিম্ন উল্লেখিত দফাটো প্রতিস্থাপিত কৰা হয়ঃ-

(xi) " 'ত পতাকাখন মুকলিকৈ প্ৰদৰ্শন কৰা হয় বা জনসাধাৰণৰ ঘৰত প্ৰদৰ্শন কৰা হয়, তাত ইয়াক দিনে-ৰাতিয়ে উৰুৱাব পাৰি "

    1. ৰাষ্ট্ৰীয় পতাকাখনি আয়তাকাৰ হ’ব লাগিব। পতাকাখন যিকোনো আকাৰৰ হ’ব পাৰে কিন্তু ইয়াৰ দৈৰ্ঘ্য আৰু উচ্চতা (প্ৰস্থ) ৰ অনুপাত ৩:২ হ’ব লাগিব।
    2. সন্মানজনক স্থানত ৰাষ্ট্ৰীয় পতাকাখনি প্ৰদৰ্শন আৰু ইয়াক সুকীয়াকৈ স্থাপন কৰিব লাগে।
    3. অপৰিচ্ছন্ন বা বিকৃত পতাকা প্ৰদৰ্শন কৰিব নালাগে।
    1. পতাকাখনি একেসময়তে আন কোনো পতাকাৰ সৈতে এটা মাষ্টহেডত উৰুৱাব নালাগে।
    2. পতাকা সংহিতাৰ অংশ-III ৰ দফা-ix ত উল্লেখিত গণ্যমান্য ব্যক্তিসকল যথাঃ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আদিৰ বাহিৰে আন কোনো বাহনত পতাকাখন উৰুৱাব নালাগে
    3. ৰাষ্ট্ৰীয় পতাকাতকৈ ওখ বা ওপৰত বা আশে-পাশে আন কোনো পতাকা বা বান্টিং উৰুৱাব নালাগে।

টোকাঃ- অধিক বিৱৰণৰ বাবে ৰাষ্ট্ৰীয় সন্মানক অপমান প্ৰতিৰোধ আইন, ১৯৭১ আৰু ভাৰতীয় পতাকা সংহিতা, ২০০২ খনি গৃহ মন্ত্ৰালয়ৰ ৱেবছাইট www.mha.gov.in ত উপলব্ধ।

 

***

BN:SS

 



(Release ID: 1849118) Visitor Counter : 122


Read this release in: English