কয়লা মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় কয়লা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে উত্তৰ-পূব কয়লাক্ষেত্ৰৰ কয়লা খননৰ পুনৰাম্ভ কাৰ্য মুকলি কৰে

प्रविष्टि तिथि: 26 MAR 2022 5:39PM by PIB Guwahati

বিশ্বৰ সৰ্ববৃহৎ কয়লা কোম্পানী ক’ল ইণ্ডিয়া লিমিটেডৰ (চিআইএল) এটা গোট নৰ্থ ইষ্টাৰ্ণ ক’লফিল্ডছ (এনইচি)ত শনিবাৰে কেন্দ্ৰীয় কয়লা, খনি আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে এনইচিৰ টিকক কলিয়াৰীত খননৰ পুনৰাম্ভ কাৰ্যৰ শুভাৰম্ভ কৰে। অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল।

"আজি আমি টিকক কলিয়াৰীত খনন কাৰ্য পুনৰ আৰম্ভ কৰিছো আৰু অঞ্চলটোৰ উন্নয়নৰ দিশত ই এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এনইচিৰ কয়লাৰ মানদণ্ড উৎকৃষ্ট আৰু ভাৰতৰ কেইবাটাও ঘৰুৱা উদ্যোগত ইয়াৰ চাহিদা অধিক", শ্ৰী যোশীয়ে এইদৰে কয়।

অত্যাধিক জমা ৰখাৰ বাবে ভূমি উপলব্ধ নোহোৱা আৰু অন্যান্য কিছুমান অনুমোদনৰ বাবে এনইচি-ত খনন কাৰ্য বন্ধ ৰখা হৈছিল। এনইচিয়ে বৰ্তমান অসমৰ মাৰ্ঘেৰিটাৰ টিকক কলিয়াৰীত দুটা মুক্ত প্ৰকল্প (অ'চিপি) যেনে টিকক অ'চিপি আৰু টিকক এক্সটেনচন অ'চিপিৰ সৈতে প্ৰতি বছৰে ৪ লাখ টনৰ সম্মিলিত কয়লা উৎপাদন ক্ষমতাৰ সৈতে কাম কৰি আছে। এনইচিয়ে আগন্তুক ২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ইয়াৰ টিৰাপ অ'চিপিৰ পৰা কয়লা উৎপাদন আৰম্ভ কৰিব। এনইচিয়ে ২৩-২৪ বিত্তীয় বৰ্ষৰ পৰা ১০ লাখ টন কয়লা উৎপাদন কৰাৰ পৰিকল্পনা কৰিছে।

"খনিবোৰৰ বৰ্ধিত উৎপাদনে ৰাজ্য চৰকাৰৰ বাবে অধিক ৰাজহ, জনসাধাৰণৰ বাবে অধিক নিযুক্তি আৰু লগতে ক্ষুদ্ৰ ব্যৱসায়িক কাৰ্যকলাপত অৱদান আগবঢ়াব, লগতে শক্তিৰ চাহিদাও পূৰণ কৰিব", শ্ৰী যোশীয়ে লগতে এইদৰে কয়।


(रिलीज़ आईडी: 1810013) आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English