বিত্ত মন্ত্ৰালয়

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কামৰূপ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেন দলং নিৰ্মাণৰ কথা ঘোষণা কৰে

মুঠ আনুমানিক ৩০৯৪ কোটি টকাৰে নিৰ্মাণ কৰা হ’ব দলংখনঃ সীতাৰমণ

অসমৰ ব্ৰহ্মপুত্ৰ দলং প্ৰকল্প পৰিদৰ্শন কৰে বিত্ত মন্ত্ৰীয়ে

গুৱাহাটীত আৰটিপিএছ পৰ্টেল মুকলি কৰিলে শ্ৰীমতী সীতাৰমণে

হাফলঙত অসম ৰোড নেটৱৰ্ক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে বিত্ত মন্ত্ৰীয়ে

ডিমা হাচাওত ১২০ মেগাৱাট শক্তিশম্পন্ন নামনি কপিলী হাইড্ৰ বৈদ্যুতিক প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ শ্ৰীমতী সীতাৰমণৰ

Posted On: 07 OCT 2021 7:12PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি গুৱাহাটীত ভাৰত চৰকাৰে কামৰূপ জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনৰ দলং নিৰ্মাণত অনুমোদন জনাইছে বুলি ঘোষণা কৰে । দলংখন আনুমানিক মুঠ ৩০৯৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব, বিত্ত মন্ত্ৰীয়ে  কয়। শ্ৰীমতী সীতাৰমণে লগতে কয় যে দলংখনে আন্তৰ্জাতিক খ্যাতিসম্পন্ন ৰেচম চহৰ শুৱালকুচি আৰু আমিনগাঁৱৰ ঔদ্যোগিক অঞ্চলৰ সৈতে গুৱাহাটী আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পোনপটীয়া সংযোগ ৰক্ষা কৰিব। দলংখনে গুৱাহাটী চহৰৰ ভিৰ হ্ৰাস কৰাৰ লগতে পৰিবহণ দক্ষতা বৃদ্ধি কৰিব আৰু কাষৰীয়া জিলা নলবাৰী আৰু বৰপেটাৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা দৈনিক যাতায়াতকাৰীসকলৰ বাবে ভ্ৰমণৰ সময় হ্ৰাস কৰাত সহায় কৰিব, তেওঁ কয়।

শ্ৰীমতী সীতাৰমণে লগতে কয় যে এই প্ৰকল্পটোৱে নদীৰ পাৰৰ খহনীয়া ৰোধ কৰাত সহায় কৰিব আৰু ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত পৰিবহণ দক্ষতা উন্নত কৰিব।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে আজি ইয়াত আৰটিপিএছ (ৰাজহুৱা সেৱাৰ অধিকাৰ) প’ৰ্টেল মুকলি কৰাৰ সময়ত এই কথা ঘোষণা কৰে। এই প’ৰ্টেলটোৱে অসমত নিৰ্বাচিত ৰাজহুৱা সেৱা প্ৰদানত প্ৰৱেশাধিকাৰ উন্নত কৰিব ৷ প’ৰ্টেলটো মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহে আন্তঃগাঁথনি সম্পৰ্কীয় বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে সুন্দৰ প্ৰচেষ্টা আগবঢ়াইছে। ৰাজ্যখনত উন্নয়নমূলক প্ৰকল্পসমূহৰ ৰূপায়ণৰ গতি   অতি প্ৰশংসনীয় হৈ পৰিছে বুলি তেওঁ কয়। তেওঁ ৰাজ্যখনৰ বিকাশৰ বাবে সামগ্ৰিক  আৰু উন্নয়নমূলক দৃষ্টিভংগীৰ বাবে ৰাজ্য চৰকাৰক প্ৰশংসা কৰে।

বিত্ত মন্ত্ৰীয়ে বিশ্ব বেংকৰ দ্বাৰা পুঁজি যোগান ধৰা এএছপিআইআৰ প্ৰকল্পৰ অংশ হিচাপে অসম চৰকাৰৰ আবকাৰী আৰু কৰ প’ৰ্টেলো মুকলি কৰে। এই প্ৰকল্পটোৱে দক্ষ প্ৰক্ৰিয়া আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ দ্বাৰা প্ৰদান কৰা উন্নত সেৱা প্ৰদান আৰু বৰ্ধিত স্বচ্ছতাৰ জৰিয়তে অসমৰ নাগৰিকসকলক লাভান্বিত কৰিব।

এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁৰ চৰকাৰে শাসনৰ ক্ষেত্ৰত দ্ৰুত, কাৰ্যকৰী আৰু স্থিতিস্থাপক সংস্কাৰ অনাৰ দিশত কাম কৰি আছে আৰু জনসাধাৰণৰ দুৱাৰমুখত সেৱা আগবঢ়োৱাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে। আৰটিপিএছৰ শুভাৰম্ভক ৰাজ্যখনৰ ৰাজহুৱা সেৱাৰ ইতিহাসৰ এক উজ্জ্বল মুহূৰ্ত বুলি অভিহিত কৰি তেওঁ কয় যে এই চৰকাৰৰ সপোন হৈছে প্ৰতিটো প্ৰকল্প সময়মতে সম্পূৰ্ণ কৰা।

ইয়াৰ পূৰ্বে আজি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী সীতাৰমণে গুৱাহাটী-উত্তৰ গুৱাহাটী দলং প্ৰকল্প পৰিদৰ্শন কৰে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী সীতাৰমণে আজি ডিমা হাচাওৰ লংকুত ১২০ মেগাৱাট শক্তিসম্পন্ন নামনি কপিলী জল বৈদ্যুতিক প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানতো অংশগ্ৰহণ কৰে। এই প্ৰকল্পটোৱে স্বচ্ছ জলবিদ্যুৎ উৎসৰ পৰা অসমৰ বিদ্যুৎ উৎপাদন ক্ষমতা বৃদ্ধি কৰিব আৰু বিদ্যুতৰ উপলব্ধতা উন্নত কৰিব। লগতে, আশা কৰা হৈছে যে প্ৰকল্পটোৰ জৰিয়তে সুলভ আৰু স্বচ্ছ বিদ্যুতে জীৱন ধাৰণৰ পৰিস্থিতি উন্নত কৰাত, ব্যৱসায় সম্প্ৰসাৰণত সহায় কৰিব তথা অসমত নিযুক্তিৰ সুযোগ বৃদ্ধি কৰিব। 

আন এক অনুষ্ঠানত এছিয়ান ডেভেলপমেণ্ট বেংকৰ সমৰ্থনত ডিমা হাচাওত অসম ৰোড নেটৱৰ্ক উন্নয়ন প্ৰকল্পৰ (এআৰএনআইপি) অধীনত হাফলং তিনি আলিৰ পৰা নামনি হাফলঙলৈ ৯০ কিলোমিটাৰ পথৰ উন্নীতকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰা হয়।

প্ৰকল্পটোৰ আনুমানিক ব্যয় হৈছে ৩৭৫ মিলিয়ন ডলাৰ, য’ত এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ৩০০ মিলিয়ন ডলাৰ সাহায্য অন্তৰ্ভুক্ত আছে।  উন্নত পথ আন্তঃগাঁথনিৰ ফলত অঞ্চলটোত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব আৰু অৰ্থনৈতিক সমৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

 

SS/BM/MANN

**********



(Release ID: 1761881) Visitor Counter : 212


Read this release in: English , Hindi