পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ পূৰ্বাঞ্চলত তেল আৰু গেছ খণ্ডৰ সুবিধাসমূহৰ সন্দৰ্ভত আজি অনুষ্ঠিত হৈছে এখন সন্মিলন

শ্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বাবে ১ লাখ কোটি টকাৰ তেল আৰু গেছৰ প্ৰকল্পৰ অনুমোদন জনোৱা হৈছে আৰু এয়া ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব

তেল আৰু গেছ খণ্ডত বিনিয়োগকাৰীক সক্ৰিয়ভাৱে অংশগ্ৰহণৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ

পোষ্ট কৰা হৈছে: 24 SEP 2021 4:42PM by PIB Guwahati

ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে আজি গুৱাহাটীত এখন সন্মিলন অনুষ্ঠিত কৰে ৷ এই সন্মিলনত উত্তৰ পূৰ্বাঞ্চলত তেল আৰু গেছ খণ্ডত থকা অপাৰ সম্ভাৱনাসমূহ আলোকপাত কৰা হয় ৷ সন্মিলনখনৰ পৰিকল্পনা অধিৱেশনত সভাপতিত্ব কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰীয়ে ৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী আৰু ছিক্কিম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ মন্ত্ৰীসকলেও এই সন্মিলনত অংশগ্ৰহণ কৰে ৷ তাৰোপৰি মন্ত্ৰালয়টোৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল, ডিজিএইচ আৰু বিভিন্ন ষ্টেকহ’ল্ডাৰসকলেও এই সন্মিলনত উপস্থিত থাকে ৷

সন্মিলনখনত ভাষণ প্ৰদান কৰি শ্ৰী পুৰীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চল ইয়াৰ প্ৰাকৃতিক সম্পদসমূহেৰে সমৃদ্ধ ৷ দেশৰ উন্নয়নৰ এজেণ্ডাত অঞ্চলটোৰ পৰা বিকাশৰ অপাৰ সম্ভাৱনাৰ সৃষ্টি হ’ব পাৰে বুলি তেওঁ কয় ৷ ভূ-বৈজ্ঞানিক তথ্য অনুসৰি উত্তৰ পূৰ্বাঞ্চলত তেল আৰু গেছৰ বিশাল ভাণ্ডাৰ সন্ধান কৰাৰ অৱকাশ আছে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে ৷

ভাৰতীয় কূটনৈতিক কৌশলত উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ গুৰুত্ব আছে বুলি উল্লেখ কৰি শ্ৰী পুৰীয়ে কয় যে ভাৰত চৰকাৰে অঞ্চলটোৰ আন্তঃগাঁথনি আৰু অৰ্থনৈতিক বিকাশৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে ৷ তাৰে ভিতৰত ১ লাখ কোটি টকাৰ তেল আৰু গেছৰ প্ৰকল্প, অ’এএলপিৰ অধীনত বিশেষ নিবিদা ৰাউণ্ড, অন্বেষণৰ ক্ষেত্ৰ দুগুণলৈ বৃদ্ধি, তেল আৰু গেছৰ উৎপাদন দুগুণলৈ বৃদ্ধিৰ পৰিকল্পনা, উত্তৰ পূব গেছ গ্ৰীডৰ প্ৰণয়ন আদিয়েই প্ৰধান বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

অসমৰ ডিগবৈ শোধনাগাৰৰ সম্প্ৰসাৰণ হ’ব বুলি শ্ৰী পুৰীয়ে ঘোষণা কৰে ৷ শোধনাগাৰ পৰ্যায়ত পেট্ৰ’লৰ সৈতে ইথানলৰ মিশ্ৰণৰ বিষয়টোও অন্বেষণ কৰা হ’ব বুলি তেওঁ আশ্বাস প্ৰদান কৰে ৷

বিনিয়োগকাৰীসকলক তেল আৰু গেছৰ খণ্ডত সক্ৰিয় অংশগ্ৰহণৰ বাবে আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে বিনিয়োগৰ ক্ষেত্ৰত অনুঘটকৰ দৰে কাম কৰিব ৷

অসম চৰকাৰে আজি ইএণ্ডপি অপাৰেটৰসকলৰ আইনী অনুমোদনৰ সুবিধাৰ বাবে মুকলি এটা পৰ্টেলক শ্ৰী পুৰীয়ে প্ৰশংসা কৰি অন্যান্য ৰাজ্যসমূহেও অনুৰূপ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ এই সন্দৰ্ভত সমস্যাসমূহৰ সমাধানৰ বাবে অঞ্চলটোৰ ৰাজ্যকেইখনৰ মাজত সময়ে সময়ে ভিচিযোগে বৈঠক অনুষ্ঠিত হ’ব বুলি তেওঁ ঘোষণা কৰে ৷

সন্মিলনখনত উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অন্বেষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে ৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে তেল আৰু গেছৰ প্ৰকল্পসমূহৰ বাবে আগতীয়াকৈ পৰিবেশ সংক্ৰান্তীয় অনুমোদন ওলোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷

আনহাতে শ্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে আগন্তুক দিনসমূহত ভাৰতে শীৰ্ষৰ শক্তি ব্যৱহাৰকাৰী দেশসমূহৰ ভিতৰত অন্যতম হ’ব ৷ শক্তিৰ সুৰক্ষাৰ বাবে তেল আৰু গেছ খণ্ডৰ দ্ৰুত উত্থান হ’ব লাগে আৰু আমদানিৰ ওপৰত নিৰ্ভৰ হ্ৰাস হ’ব লাগে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে৷

সন্মিলনখনৰ উদ্দেশ্য আছিল ভাৰতৰ পলসৰ অৱবাহিকা অঞ্চলৰ সম্পদ তেল আৰু গেছৰ বৃহৎ ভাণ্ডাৰৰ পৰ্টফলিঅ’ আলোকপাত কৰা আৰু হাইড্ৰ’কাৰ্বন অন্বেষণ তথা অনুজ্ঞাপত্ৰৰ নীতি আৰু আৱিষ্কৃত ক্ষুদ্ৰ ক্ষেত্ৰৰ নীতিৰ নিবিদা ৰাউণ্ডৰ উত্তৰণ কৰা ৷  সন্মিলনখনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন প্ৰতিনিধি, ৰাষ্ট্ৰীয় তেল উদ্যোগ, ব্যক্তিগত ইএণ্ডপি উদ্যোগৰ নেতৃবৰ্গ, সেৱা প্ৰদানকাৰী আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে ৷

অনুষ্ঠানত প্ৰদৰ্শিত ইএণ্ডপিৰ সুবিধাসমূহঃ

১) অ’এএলপি নিবিদা ৰাউণ্ড ৬- ১১ টা পলস অৱবাহিকাত ২১টা ব্লকে প্ৰায় ৩৫,৩৪৬ বৰ্গ কিলোমিটাৰ এলেকা সামৰি আছে ৷ ২১টা ব্লকৰ ১৫টা ব্লক হ’ল অনলেণ্ড প্ৰকাৰৰ, ৪টা ব্লক অগভীৰ পানীৰ প্ৰকাৰ আৰু ২টা ব্লক হ’ল অধিক গভীৰ পানীৰ প্ৰকাৰ ৷

২) ডিএছএফ নিবিদা ৰাউণ্ড -৩- ৩২টা সংস্পৰ্শ এলেকাই (৭৫ টা আৱিষ্কাৰৰ সৈতে) প্ৰায় ১৩৬৮৫ বৰ্গ কিলোমিটাৰ এলেকা সামৰি আছে আৰু ইয়াত প্ৰায় ২৩২ মিলিয়ন মেট্ৰিকটনৰ তৈল সম্পদ আছে বুলি অনুমান কৰা হৈছে ৷

 

YB/MANN


(ৰিলিজ আই ডি : 1757769) অতিথি কক্ষ : 205
ত এই ৰিলিজটো পঢ়ক: English