জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

এমএফপি আঁচনি আৰু ভান ধন যোজনাৰ বাবে এমএছপি ৰূপায়ন কৰিবলৈ অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতে ট্ৰাইফেডৰ বুজাবুজিৰ চুক্তি

प्रविष्टि तिथि: 22 MAR 2021 5:52PM by PIB Guwahati

অৰুণাচল প্ৰদেশত এমএফপি আঁচনি আৰু ভান ধন যোজনাৰ বাবে এমএছপি ৰূপায়ন কৰিবলৈ অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতে যোৱা ১৯মাৰ্চ, ২০২১ত ট্ৰাইফেড-এ এক বুজাবুজিৰ চুক্তি(এমঅ’ইউ)স্বাক্ষৰ কৰে। জনজাতীয় লোকসকলৰ জীৱনধাৰণৰ মান উন্নত কৰা আৰু জনজাতীয় লোকসকলৰ সৱলীকৰণ মিছনৰ অংশস্বৰূপে ট্ৰাইফেড-এ বিভিন্ন কাৰ্যসূচী আৰু পদক্ষেপ গ্ৰহণ কৰিছে।

অৰুণাচল প্ৰদেশৰ গ্ৰাম্য উন্নয়ন বিভাগ এই আঁচনি ৰূপায়নৰ বাবে ন’ডেল এজেন্সী হ’ব। একেদৰে, অৰুণাচল প্ৰদেশ ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছন হ’ব ৰাজ্যিক ৰূপায়নকাৰী এজেন্সী। এই চুক্তিৰ অধীনত চলিত বৰ্ষত ৰাজ্যখনত ১০০ ভান ধন বিকাশ কেন্দ্ৰ স্থাপন কৰা হ’ব। ৰাজ্যিক নডেল এজেন্সী আৰু ৰূপায়নকাৰী এজেন্সী দলে ট্ৰাইফেড আঞ্চলিক কাৰ্যালয়ৰ সৈতে বিভিন্ন গাঁও আৰু জিলা ভ্ৰমণ কৰি আঁচনি ৰূপায়ন প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰিব।

ট্ৰাইফেড-এ এতিয়ালৈকে ২১খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয় শাসিত অঞ্চলত ১৭৭০ ভান ধন কেন্দ্ৰৰ অনুমোদন জনাইছে আৰু প্ৰায় ৫.৩লাখ জনজাতীয় লোকক সাঙুৰি লৈছে। অৰুণাচল প্ৰদেশ উত্তৰ-পূৰ্বাঞ্চলৰ এনে এখন ৰাজ্য, য’ত এই আঁচনি এতিয়াও আৰম্ভ হোৱা নাই। চুক্তি স্বাক্ষৰৰ ফলস্বৰূপে এতিয়া ৰাজ্যখনত আঁচনিখনৰ কাম আৰম্ভ হ’ব।

 

****


(रिलीज़ आईडी: 1706843) आगंतुक पटल : 180
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी