গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

২০২০-২১ খাৰিফ বিপণন বৰ্ষত এমএছপি কাৰ্যকলাপ

১০০২৯৪.২৬ কোটি টকাৰ এমএছপি মূল্যৰ সৈতে কেএমএছ ক্ৰয় ব্যৱস্থাৰ জৰিয়তে প্ৰায় ৭০.৩৫ লাখ ধান খেতিয়ক লাভান্বিত হৈছে

২৪০৬৩.৩০ কোটি টকা মূল্যৰ ৮২১৯৫৬৭ বেল কঁপাহ ক্ৰয়ৰ জৰিয়তে ১৬০০৫১৮ গৰাকী কৃষক উপকৃত হৈছে

Posted On: 09 JAN 2021 6:30PM by PIB Guwahati

চলিত খাৰিফ বিপণন ঋতু ২০২০-২১তো চৰকাৰে ন্যূনতম সহায়ক মূল্য(এমএছপি)আঁচনি অনুসৰি কৃষকৰ পৰা খাৰিফ ফচল সংগ্ৰহৰ পৰম্পৰা অব্যাহত ৰাখিছে।

 

 

খাৰিফ বিপণন ঋতু ২০২০-২১ৰ সময়ছোৱাত এমএছপিৰ আধাৰত পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তেলেংগানা, উত্তৰাখণ্ড, তামিলনাডু, চণ্ডীগড়, জন্মু-কাশ্মীৰ, কেৰালা গুজৰাট, অন্ধ্ৰ প্ৰদেশ, চত্তীশগড়, ওড়িশা মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, অসম আৰু পশ্চিম বংগৰ দৰে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ধান সংগ্ৰহৰ কাম পূৰ্ণগতিত অব্যাহত আছে। জানুৱাৰী, ২০২ পৰ্যন্ত ৫৩১.২২ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। যোৱা বছৰ এই পৰিমাণ আছিল ৪২০.৫১ লাখ মেট্ৰিক টন। এয়া হল যোৱা বছৰৰ তুলনাত ২৬.৩২ শতাংশ অধিক। মুঠ ৫৩১.২২ লাখ মেট্ৰিক টন ক্ৰয়ৰ পঞ্জাৱে অকলে ২০২.৭৭ লাখ মেট্ৰিক টনৰ অৰিহণা আগবঢ়াইছে। এই পৰিমাণ দেশৰ মুঠ সংগ্ৰহৰ ৩৮.১৭ শতাংশ।

 

ইয়াৰ ফলত ইতিমধ্যে ৭০.৩৫ লাখ কৃষক উপকৃত হৈছে। এই ক্ৰয়ৰ ন্যূনতম সহায়ক মূল্য(এমএছপি)১০০২৯৪.২৬ কোটি টকা

 

তদুপৰি, ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত ৫১.৬৬ লাখ মেট্ৰিক টন দাইল আৰু তৈল বীজ ক্ৰয় কৰিবলৈ অনুমোদন জনোৱা হৈছে। মূল্য সমৰ্থন আঁচনিৰ অধীনত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগনা, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশৰ বাবে এই সামগ্ৰী ক্ৰয় কৰা হব। একেদৰে, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ বাবে ১.২৩ লাখ মেট্ৰিক টন নাৰিকলৰ শুকোৱা শাহ(বাৰমহীয়া শস্য) ক্ৰয় কৰিবলৈ অনুমোদন জনোৱা হৈছে। একেদৰে ৰবি বিপণন ঋতু ২০২০-২১ৰ সময়ছোৱাত গুজৰাট আৰু তামিলনাডুৰ বাবে ২.৫০ লাখ মেট্ৰিক টন দাইল আৰু তৈল বীজ ক্ৰয় কৰিবলৈ অনুমোদন জনোৱা হৈছে।

 

 

জানুৱাৰী, ২০২ পৰ্যন্ত চৰকাৰে নোডেল এজেন্সীৰ জৰিয়তে ২৮২৫৩৫.৭৩ মেট্ৰিক টন মগু, উড়দ, মাটিমাহ, চিনাবাদাম আৰু চয়াবিন ক্ৰয় কৰিছে। ইয়াৰ ন্যূনতম সহায়ক মূল্য(এমএছপি) ১৫১১.৫১ কোটি টকাই তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আৰু ৰাজস্থানৰ ১৫০৭৪৩গৰাকী কৃষকক উপকৃত কৰিছে।

 

একেদৰে, ৮ জানুৱাৰী, ২০২ পৰ্যন্ত ৫০৮৯ মেট্ৰিক টন লাখ মেট্ৰিক টন নাৰিকলৰ শুকোৱা শাহ(বাৰমহীয়া শস্য) ক্ৰয় কৰা হৈছে, যাৰ মূল্য ৫২.৪০ কোটি টকা আৰু কৰ্ণাটক আৰু তামিলনাডুৰ ৩৯৬১ গৰাকী কৃষক উপকৃত হৈছে। যোৱা বছৰ ক্ৰয়ৰ পৰিমাণ আছিল ২৯৩.৩৪ মেট্ৰিক টন।

 

 

ন্যূনতম সহায়ক মূল্য(এমএছপি) অধীনত পঞ্জা, হাৰিয়ানা, ৰাজস্থান, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, ওড়িশা আৰু কৰ্ণাটকৰ পৰা কপাহ বীজ ক্ৰয় প্ৰক্ৰিয়া পূৰ্ণ গতিত অব্যাহত আছে। ৮ জানুৱাৰী, ২০২ পৰ্যন্ত ২৪০৬৩.৩০ কোটি টকা মূল্যৰ ৮২১৯৫৬৭ কপাহৰ মুঠা ক্ৰয় কৰা হৈছে আৰু ১৬০০৫১৮ গৰাকী কৃষক উপকৃত হৈছে। 

   

 *******

APS /KG



(Release ID: 1687395) Visitor Counter : 88