গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
২০২০-২১ খাৰিফ বিপণন বৰ্ষত এমএছপি কাৰ্যকলাপ
ধান ক্ৰয়ৰ পৰিমাণ বিগত বৰ্ষতকৈ ২৭.১৩% বৃদ্ধি পাইছে
এমএছপিৰ হাৰত খাৰিফ বিপণন বৰ্ষৰ ক্ৰয় ব্যৱস্থাৰ জৰিয়তে প্ৰায় ৬৭.৮৯ লাখ ধান খেতিয়কে ৯৮,৪৫৬.৮০ কোটি টকা লাভ কৰিছে
Posted On:
07 JAN 2021 6:03PM by PIB Guwahati
২০২০-২১ৰ খাৰিফ বিপণন বৰ্ষ (কেএমএছ)ত চৰকাৰে কৃষকসকলৰ পৰা এমএছপি আঁচনিৰ অধীনত ন্যূনতম সমৰ্থিত মূল্যত খাৰিফ শস্য ক্ৰয়ৰ কাম অব্যাহত ৰাখিছে৷
২০২০-২১ খাৰিফ বিপণন বৰ্ষত ০৬.০১.২০২১লৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে-পাঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, তেলেংগানা, উত্তৰাখণ্ড, তামিলনাডু, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ, কেৰালা, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, চত্তীশগড়, ওড়িশা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, অসম, কৰ্ণাটক আৰু পশ্চিমবংগৰ পৰা ৫২১.৪৮ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে৷ পূৰ্বৰ এই সময়ছোৱাত ধান ক্ৰয়ৰ পৰিমাণ আছিল ৪১০.১৮ লাখ মেট্ৰিক টন, যিটো চলিত বৰ্ষত ২৭.১৩% অধিক৷ চলিত বৰ্ষৰ ৫২১.৪৮লাখ মেট্ৰিকটনৰ ভিতৰত পাঞ্জাৱে অকলেই ২০২.৭৭ লাখ মেট্ৰিকটন বিক্ৰী কৰিছে, যিটো মুঠ ধান ক্ৰয়ৰ ৩৮.৮৮%৷
এমএছপিৰ হাৰত খাৰিফ বিপণন বৰ্ষৰ ক্ৰয় ব্যৱস্থাৰ জৰিয়তে প্ৰায় ৬৭.৮৯ লাখ ধান খেতিয়কে ৯৮,৪৫৬.৮০ কোটি টকা লাভ কৰিছে৷
তদুপৰি, ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰপ্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা ২০২০-২১ খাৰিফ বিপণন বৰ্ষত ৫১.৬৬ লাখ মেট্ৰিক টন দাইল আৰু তৈলবীজ ক্ৰয় কৰা হৈছে৷ ইফালে, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ পৰা ১.২৩ লাখ মেট্ৰিক টন নাৰিকল ক্ৰয় কৰাৰ বাবে অনুমোদন দিয়া হৈছে৷ বাকী ৰাজ্যসমূহেও এই অনুমোদনৰ ভিত্তিতে এমএছপি হাৰত মাহজাতীয় শস্য, তৈলবীজ আৰু নাৰিকল ক্ৰয়ৰ কৰিব পাৰিব৷
০৬.০১.২০২১লৈকে চৰকাৰে ইয়াৰ সমন্বয়ৰক্ষী এজেন্সিসমূহৰ জৰিয়তে ২,৭৮,০৫৯.৪০ মেট্ৰিক টন মগু, মাটি মাহ, বাদাম আৰু ছয়াবিন এমএছপি হাৰত ক্ৰয় কৰিছে৷ ইয়াৰ জৰিয়তে তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আৰু ৰাজস্থানৰ ১,৪৮,৫৫গৰাকী কৃষকে ১,৪৮৭.৬৫ কোটি টকা লাভ কৰিছে৷
সেইদৰে, ০৬.০১.২০২১লৈকে কৰ্ণাটক আৰু তামিলনাডুৰ পৰা ৫,০৮৯ মেট্ৰিক টন নাৰিকল ক্ৰয় কৰা হৈছে, যাৰ জৰিয়তে ৩,৯৬১গৰাকী কৃষকে এমএছপি হাৰত ৫২.৪০ কোটি টকা লাভ কৰিছে৷ বিগত বৰ্ষৰ এই সময়ছোৱাত নাৰিকল ক্ৰয়ৰ পৰিমাণ আছিল ২৯৩.৩৪ মেট্ৰিকটন৷ নাৰিকল আৰু মাটি মাহৰ দাইলৰ বাবে অধিকাংশ মুখ্য উৎপাদক ৰাজ্যই এমএছপি বা ততোধিক দৰত ধন লাভ কৰিছে৷ নিৰ্ধাৰিত দৰত সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰে দাইল আৰু তৈলবীজ ক্ৰয় কাৰ্য নিৰ্ধাৰিত তাৰিখৰ পৰা আৰম্ভ কৰিবলৈ আৱশ্যকীয় ব্যৱস্থা কৰা হৈছে৷
২০২০ৰ খাৰিফ বিপণন বৰ্ষত পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, ওড়িশা আৰু কৰ্ণাটকৰ পৰা ০৬.০১.২০২১লৈকে মুঠ ৮০,২৬,৪০১ বেল কঁপাহ এমএছপিৰ হাৰত ক্ৰয় কৰা হৈছে৷ ইয়াৰ ফলত সংশ্লিষ্ট ৰা্জ্যসমূহৰ ১৫,৫৯,৪২৯গৰাকী কৃষকে ২৩,৪৮৫.০৫ কোটি টকা লাভ কৰিছে৷
*****
APS/DB
(Release ID: 1686978)
Visitor Counter : 105