বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

দেশখনক আত্ম নিৰ্ভৰ হৈ উঠাত সহায় কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰচুৰ সম্ভাৱনা আছেঃ ডঃ আৰ. কে. ৰঞ্জন, সাংসদ

মহামাৰীটোক অতিক্ৰম কৰিবলৈ আন বহু ৰাষ্ট্ৰৰ তুলনাত ভাৰত অতিশয় সাজু হৈ উঠেঃ সঞ্চালক, নেইষ্ট

“আইআইএছএফ ২০২০: বিজ্ঞান আৰু আত্মনিৰ্ভৰ ভাৰত” শীৰ্ষক ৱেবিনাৰ সম্পন্ন পিআইবি, গুৱাহাটীৰ

Posted On: 17 DEC 2020 4:36PM by PIB Guwahati

দেশখনক আত্ম নিৰ্ভৰ হৈ উঠাত সহায় কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি আজি ইয়াত প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’, গুৱাহাটীয়ে “আইআইএছএফ ২০২০: বিজ্ঞান আৰু আত্মনিৰ্ভৰ ভাৰত” শীৰ্ষক বিষয়ত অনুষ্ঠিত কৰা ৱেবিনাৰত কয় সাংসদ ডঃ আৰ. কে. ৰঞ্জনে।ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান উৎসৱ (IISF)ৰ সৈতে সংগতি ৰাখি ৱেবিনাৰখনিৰ আয়োজন কৰা হয়।বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰোৎসাহনৰ অৰ্থে প্ৰতিবছৰে আইআইএছএফৰ আয়োজন কৰা হয় আৰু এই বৰ্ষত উক্ত উৎসৱ ভাৰ্চুৱেল ম’ডত অনুষ্ঠিত হ’ব।আজিৰ ৱেবিনাৰত ভিন্ন ক্ষেত্ৰ আৰু সংস্থাৰ বিশেষজ্ঞসকলে আত্মনিৰ্ভৰ ভাৰতৰে বিজ্ঞানৰ সম্পৰ্ক সন্দৰ্ভত বিচাৰ-বিবেচনা আৰু আলোচনা কৰে।

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ জৰিয়তে ভাৰতক বৈশ্বিক অৰ্থনীতিৰ এটা বৃহত্তৰ আৰু অধিক গুৰুত্বপূৰ্ণ অংশ কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ব্যৱস্থাৰাজি সন্দৰ্ভত ব্যক্ত কৰি, ডঃ ৰঞ্জনে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ইয়াৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ আৰু আত্ম নিৰ্ভৰ হৈ উঠাত দেশখনক সহায় কৰিবলৈ প্ৰচুৰ সম্ভাৱনা আছে।অঞ্চলটোত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ উন্নয়নৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি,তেওঁ কয় যে ই উত্তৰ পূব ভাৰতৰ জনসাধাৰণক বৈজ্ঞানিক মনস্তত্বৰ সু উদ্দীপনা প্ৰদান কৰিব।

ৱেবিনাৰখনিত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি, নেইষ্ট, যোৰহাটৰ সঞ্চালক ডঃ জি. নৰহৰি শাস্ত্ৰীয়ে কয় যে যেতিয়াই কোনো এটা সমস্যাৰ উদ্ভৱ হৈছে, তেতিয়াই ইয়াক সমাধান কৰিবলৈ বিজ্ঞান আৰু প্ৰযুক্তি বহুলভাৱে আগবাঢ়ি আহিছে।এটা দশকতকৈয়ো কম সময়ৰ ভিতৰত ভাৰতে বহু ইলেকট্ৰনিক সা-সামগ্ৰীকে ধৰি বহুতো কিবা-কিবি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে আৰু তদুপৰি এনে পথৰে অগ্ৰসৰ হৈছে য’ত বিজ্ঞান আৰু প্ৰযুক্তিৰ দৃষ্টিকোণেৰে বহু বিশেষীকৃত সামগ্ৰী প্ৰস্তুত কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ লগতে কয়।

ডঃ শাস্ত্ৰীয়ে কয়, মহামাৰীৰ এই সময়তো ভাৰতে পিপিই কিট, ভেন্টিলেটৰ, উন্নত চিকিৎসালয়, অক্সিজেন যোগান ইত্যাদিউৎপাদনৰ সামৰ্থ্য বৃদ্ধি কৰিবলৈ সক্ষম হয়।তেওঁ তদুপৰি কয় যে মহামাৰীটোক অতিক্ৰম কৰিবলৈ আন বহু ৰাষ্ট্ৰৰ তুলনাত ভাৰত অতিশয় সাজু হৈ উঠে।ডঃ শাস্ত্ৰীয়ে কয় যে বৰ্তমানৰ নেতৃত্বৰ অধীনত ভাৰতে পৰিস্থিতিটো অধিক ভালদৰে অতিক্ৰম কৰিবলৈ সক্ষম হৈছেআৰু মহামাৰীটো শেষ হোৱাৰ লগে-লগে ভাৰত এখনি অধিক শক্তিশালী দেশ হিচাপে পৰিগণিত হ’ব।উত্তৰ পূৰ্বাঞ্চলত সুযোগৰাজি সন্দৰ্ভত ব্যক্ত কৰি, তেওঁ কয় যে উত্তৰ পূব হৈছে জৈৱ বৈচিত্ৰ্যতা, ভৌগলিক বৈচিত্ৰ্যতা আৰু খনিজ বৈচিত্ৰ্যতাৰে পৰিপূৰ্ণ আৰু তদুপৰি তেল, চাহ, বাঁহ উদ্যোগসমূহে অঞ্চলটো আত্ম নিৰ্ভৰ হৈ উঠাৰ অৰ্থে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াইছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ পূব মণ্ডলৰ এডিজি শ্ৰী এছ.এন. প্ৰধানে বিশেষজ্ঞসকলক আদৰণি জনাই আৰু তেওঁৰ আদৰণি ভাষণত কয় যেভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান উৎসৱ (IISF), ২০২০ ৰ সৈতে সংগতি ৰাখি এই ৱেবিনাৰৰ আয়োজন কৰা হৈছে।তেওঁ অংশগ্ৰহণকাৰীসকলক অৱগত কৰে যে এই বৰ্ষত উক্ত উৎসৱটি ভাৰ্চুৱেল ম’ডত অনুষ্ঠিত হ’ব আৰুবহু সংখ্যক লোকৰ অংশগ্ৰহণৰ উদ্দেশ্যৰে এই বিজ্ঞান উৎসৱত অধিক কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে।এই ৱেবিনাৰখনিৰ মূল লক্ষ্য হৈছে আইআইএছএফ, ২০২০ৰ অৰ্থে এটা প্ৰি-ইভেন্ট চৰ্চা সৃষ্টি কৰা আৰু আগ্ৰহ আৰু উৎসাহ বঢ়াই তোলা।

আত্মনিৰ্ভৰ ভাৰতৰে বিজ্ঞানৰ সম্পৰ্ক সন্দৰ্ভত ব্যক্ত কৰি, যোৰহাটস্থিত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ কিউৰেটৰ ডঃ প্ৰণৱজ্যোতি চেতিয়াই কয় যেবিজ্ঞান আৰু প্ৰযুক্তিয়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদৰাজিৰ বৃহৎ সম্ভাৱনাক বহনক্ষম বিকাশ প্ৰদান কৰিব পাৰে।

 

অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ পৰিবেশ বিভাগৰ মুৰব্বী ডঃ জয়দীপ বৰুৱাই “গ্ৰীণ স্কিলসমূহৰ জৰিয়তে আত্ম নিৰ্ভৰ” শীৰ্ষক বিষয়ত কয়।ডঃ বৰুৱাই তেওঁৰ প্ৰেজেনটেশ্যনত গ্ৰীণ স্কিল প্ৰগ্ৰেম আৰু ইয়াৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ব্যক্ত কৰে।

ৱেবিনাৰখনি সন্দৰ্ভত সংক্ষেপে কয় প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ৰ মিডিয়া আৰু কমিউনিকেশ্যন বিষয়া শ্ৰী গোপজিৎ দাসে।শ্ৰী দাসে তেওঁৰ বক্তব্যত কয় যেবিজ্ঞান উৎসৱটি আৰু অংশগ্ৰহণকাৰীসকলৰ পঞ্জীয়ন সম্পৰ্কীয় ভিন্ন কাৰ্য-কলাপৰ তথ্য আইআইএছএফৰ ৱেবচাইট www.scienceindiafest.org ত উপলব্ধ আৰু ভাৰ্চুৱেলী ইয়াত অংশগ্ৰহণ কৰিব পাৰিব।

আজিৰ ৱেবিনাৰখনৰ আঁত ধৰে পিআইবি, গুৱাহাটীৰ মিডিয়া আৰু কমিউনিকেশ্যন বিষয়াশ্ৰীমতী স্মিতা শইকীয়াই।

ইয়াত প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ আৰু ৰিজিঅ’নেল আউটৰীছ ব্যুৰ’ৰ বিষয়া-বৰ্গ আৰু সাংবাদিকসকলেও অংশগ্ৰহণ কৰে।

 

*******************



(Release ID: 1681473) Visitor Counter : 89


Read this release in: English