গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
খাৰিফ বিপণন ছিজন ২০২০-২১ৰ সময়ত ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ৰ ৰূপায়ণ
কেএমএছ ক্ৰয় কাৰ্যক্ৰমৰ জৰিয়তে প্ৰায় ৪১.০৪ লাখ ধান খেতিয়কৰ ৭০,৯৩৭.৩৮ কোটি টকা লাভ হয়
Posted On:
14 DEC 2020 5:58PM by PIB Guwahati
চলিত খাৰিফ বিপণন ছিজন (কেএমএছ) ২০২০-২১ৰ সময়ত, চৰকাৰৰ দ্বাৰা নিজৰ বৰ্তমানৰ ন্যূনতম সমৰ্থন মূল্য (এমএছপি) যোজনা অনুসৰি কৃষকৰ পৰা এমএছপিত খাৰিফ ২০২০-২১ শস্যৰ ক্ৰয় অব্যাহত আছে।
খাৰিফ ২০২০-২১ৰ বাবে ধানৰ ক্ৰয় পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তেলেংগানা, উত্তৰাখণ্ড, তামিলনাডু, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ, কেৰালা, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, মধ্যপ্ৰদেশ, বিহাৰ আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত সুচাৰুৰূপে চলি আছে। যোৱা বছৰৰ ৩০৯.৫৭ এলএমটিৰ তুলনাত ১৩-১২-২০২০লৈকে ৩৭৫.৭২ এলএমটিতকৈ অধিক ধান ক্ৰয় কৰা হৈছে। অনেক যোৱা বছৰৰ ৩১০.৭১ এলএমটিৰ বিপৰীতে ধান ক্ৰয়ত ২০.৯২% বৃদ্ধি নথিভুক্ত কৰা হৈছে। ৩৭৫.৭২ এলএমটিৰ মুঠ ক্ৰয়ত অকলে পঞ্জাৱে ২০২.৭৭ এলএমটিৰ যোগদান দিয়ে, যি মুঠ ক্ৰয়ৰ ৫৩.৯৬%।

চলিত কেএমএছ ক্ৰয় কাৰ্যক্ৰমৰ জৰিয়তে ৭০,৯৩৭.৩৮ কোটি টকা মূল্যৰ ধান ক্ৰয় কৰা হৈছে আৰু ইয়াৰ ফলত প্ৰায় ৪১.০৪ লাখ কৃষক লাভবান্বিত হৈছে।

ৰাজ্যসমূহৰ প্ৰস্তাৱৰ আধাৰত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ বাবে মূল্য সমৰ্থন যোজনা (পিএছএছ)ৰ জৰিয়তে খাৰিফ বিপণন ছিজন ২০২০ৰ সময়ত ৪৮.১১ এলএমটি দাইল আৰু তিল ক্ৰয়ৰ বাবে মঞ্জুৰী দিয়া হৈছিল। ইয়াৰ উপৰিও অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালা ৰাজ্যৰ বাবে ১.২৩ এলএমটি কোপ্ৰা (বাৰমাহী শস্য) ক্ৰয়ৰ বাবেও মঞ্জুৰী দিয়া হৈছিল। অন্য ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বাবে পিএছএছৰ জৰিয়তে মাহ, তিল আৰু কোপ্ৰাৰ ক্ৰয়-প্ৰস্তাৱ লাভ কৰাৰ ওপৰত মঞ্জুৰী দিয়া হ'ব যাতে ২০২০-২১ বৰ্ষৰ বাবে ৰাজ্যিক নোডেল এজেঞ্চিসমূহৰ মাধ্যমত কেন্দ্ৰীয় নোডেল এজেঞ্চিসমূহে এই শস্যৰ এফএকিউ গ্ৰেডৰ ক্ৰয়, অধিসূচিত এমএছপিত পোনপটীয়াকৈ পঞ্জীভুক্ত কৃষকৰ পৰা কৰিব পাৰ, যদি সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত অধিসূচিত শস্য সময়সীমাৰ ভিতৰত শস্যৰ বজাৰ দৰ এমএছপিতকৈ কম হৈ যায়।
চৰকাৰে নিজৰ নোডেল এজেঞ্চিসমূহৰ মাধ্যমত ১৩-১২-২০২০লৈকে ১,৫৮,৩৮৭.৩৩ এমটি উড়দ, বাদাম আৰু ছয়াবিন ক্ৰয় কৰে, যাৰ এমএছপি মূল্য ৮৫০.৮৯ কোটি টকা আৰু ইয়াৰ ফলত তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আৰু ৰাজস্থানৰ ৮৮,৮৭১ কৃষক লাভবান্বিত হয়।
এনেকৈয়ে, ১৩-১২-২০২০লৈকে ৫২.৪০ কোটি টকাৰ এমএছপি মূল্যত ৫,০৮৯ এমটি কোপ্ৰা (বাৰমাহী শস্য) ক্ৰয় কৰা হৈছে, যাৰ ফলত কৰ্ণাটক আৰু তামিলনাডুৰ ৩,৯৬১ কৃষক লাভবান্বিত হোৱাৰ বিপৰীতে যোৱা বছৰ এই সময়ছোৱাত ২৯৩.৩৪ এমটি কোপ্ৰা ক্ৰয় কৰা হৈছিল। কোপ্ৰা আৰু উড়দ সন্দৰ্ভত, অধিকাংশ প্ৰধান উৎপাদক ৰাজ্যত ক্ৰয় মূল্য এমএছপিতকৈ অধিক। খাৰিফ মাহ আৰু তিল সন্দৰ্ভত ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰে প্ৰাপ্তিৰ আধাৰত নিজৰ নিৰ্দ্ধাৰিত তাৰিখৰ পৰা ক্ৰয় আৰম্ভ কৰিবৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি চলাই আছে।

পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা ৰাজ্যত এমএছপিৰ জৰিয়তে বীজ কপাহ ক্ৰয়ৰ কাম সুচাৰুৰূপে চলি আছে। ১৩-১২-২০২০লৈকে ১৩,৯৩৯.৫২ কোটি টকা মূল্যৰ ৪৮,২০,২০৮টা কপাহৰ গাঁঠ ক্ৰয় কৰা হৈছে, যাৰ ফলত ৯,৩১,১৮৩ কৃষক লাভবান্বিত হয়।

*****
APS
(Release ID: 1680672)
Visitor Counter : 157