কৃষি মন্ত্ৰালয়
২০২০-২১ খাৰিফ বিপণন ঋতুত ন্যূনতম সহায়ক মূল্য(এমএছপি)ত অব্যাহত অভিযান
প্ৰায় ২৬.১৫ লাখ ধান খেতিয়ক লাভান্বিত হৈছে
৬৪৪০.২৮ কোটি টকা মূল্যৰ ২১০২১১৬ কপাহৰ মুঠা ক্ৰয় কৰাৰ ফলত ৪১৯৬৩৪ গৰাকী খেতিয়ক লাভৱান হৈছে
Posted On:
22 NOV 2020 5:22PM by PIB Guwahati
চলিত খাৰিফ বিপণন ঋতু ২০২০-২১ত চৰকাৰে ইয়াৰ পূৰ্বৰ ন্যূনতম সহায়ক মূল্য(এমএছপি)আঁচনি অনুসৰি যোৱা বছৰৰ দৰে কৃষকৰ পৰা খাৰিফ শস্য ক্ৰয় অব্যাহত ৰাখিছে।
খাৰিফ ২০২০-২১ৰ বাবে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তেলেংগানা, উত্তৰাখণ্ড, তামিলনাডু, চণ্ডীগড়, জম্মু-কাশ্মীৰ, কেৰালা গুজৰাট, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা, আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ধান ক্ৰয় পূৰ্ণগতিত চলি আছে। ২০ নৱেম্বৰ, ২০২০ পৰ্যন্ত ২৯৭.৫১ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। যোৱা বছৰ এই পৰিমাণ আছিল ২৫২.৬৯লাখ মেট্ৰিক টন। এয়া হ’ল যোৱা বছৰৰ তুলনাত ১৭.৭৩ শতাংশ অধিক। মুঠ ২৯৭.৫১ লাখ মেট্ৰিক টন ক্ৰয়ৰ পঞ্জাৱে অকলে ২০১.৭৩ লাখ মেট্ৰিক টনৰ অৰিহণা আগবঢ়াইছে। মুঠ ক্ৰয়ৰ ই হ’ল ৬৭.৮০ শতাংশ।
ইয়াৰ ফলত ইতিমধ্যে ২৬.১৫ লাখ কৃষক উপকৃত হৈছে। এই ক্ৰয়ৰ ন্যূনতম সহায়ক মূল্য(এমএছপি) হ’ল ৫৬১৬৮.৯৫ কোটি টকা।
তদুপৰি, ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত ৪৫.১০ লাখ মেট্ৰিক টন দাইল আৰু তৈলবীজ ক্ৰয় কৰিবলৈ অনুমোদন জনোৱা হৈছে। মূল্য সমৰ্থন আঁচনি(পিএছএছ)ৰ অধীনত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগনা, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশৰ বাবে এই সামগ্ৰী ক্ৰয় কৰা হ’ব। একেদৰে, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ বাবে ১.২৩ লাখ মেট্ৰিক টন নাৰিকলৰ শুকোৱা শাহ(বাৰমহীয়া শস্য) ক্ৰয় কৰিবলৈ অনুমোদন জনোৱা হৈছে।
২১ নৱেম্বৰ,২০২০ পৰ্যন্ত চৰকাৰে নোডেল এজেন্সীৰ জৰিয়তে ৬৭০৪৫.৬৬ মেট্ৰিক টন মগু, উড়দ, মাটিমাহ, চিনাবাদাম আৰু চয়াবিন ক্ৰয় কৰিছে। ইয়াৰ ন্যূনতম সহায়ক মূল্য(এমএছপি) হ’ল ৩৬২.৪৩ কোটি টকা। ই তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আৰু ৰাজস্থানৰ ৩৮,৮৯২গৰাকী কৃষকক উপকৃত কৰিছে। যোৱা বছৰ ক্ৰয়ৰ পৰিমাণ আছিল ৬৫৮৫০.০৫ মেট্ৰিক টন। এয়া হ’ল যোৱা বছৰৰ তুলনাত ১.৮২ শতাংশ অধিক দাইল আৰু তৈলবীজ ক্ৰয়।
একেদৰে, ৫২.৪০ কোটিৰ ন্যূনতম সহায়ক মূল্য(এমএছপি)ৰ ৫০৮৯ মেট্ৰিক টন নাৰিকলৰ শুকোৱা শাহ(বাৰমহীয়া শস্য)সংগ্ৰহ কৰিছে। ই ২১ নৱেম্বৰ পৰ্যন্ত কৰ্ণাটক আৰু তামিলনাডুৰ ৩৯৬১গৰাকী কৃষকক উপকৃত কৰিছে।যোৱা বছৰ নাৰিকলৰ শুকোৱা শাহ(বাৰমহীয়া শস্য) ক্ৰয়ৰ পৰিমাণ আছিল ২৯৩.৩৪ মেট্ৰিক টন।
ন্যূনতম সহায়ক মূল্য(এমএছপি)ৰ অধীনত পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা, আৰু কৰ্ণাটকৰ পৰা কপাহ বীজ ক্ৰয় প্ৰক্ৰিয়া পূৰ্ণ গতিত চলি আছে। ২১ নৱেম্বৰ পৰ্যন্ত ৬৪৪০.২৮ কোটি টকা মূল্যৰ ২১০২১১৬ কপাহ মুঠা ক্ৰয় কৰা হৈছে আৰু ৪১৯৬৩৪ গৰাকী কৃষক উপকৃত হৈছে।
******
APS /KG
(Release ID: 1674999)
Visitor Counter : 81