মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়

'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'য়ে আত্মনিৰ্ভৰ উদ্যমিতা আৰু আৰ্থ-সামাজিক উন্নয়নৰ প্ৰসাৰ ঘটাইছে, বিশেষজ্ঞৰ মত

Posted On: 29 OCT 2020 1:16PM by PIB Guwahati

'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'য়ে  আত্মনিৰ্ভৰ উদ্যমিতা আৰু আৰ্থ-সামাজিক উন্নয়নৰ পৰিৱৰ্তনৰ ৰেখাপাত কৰিছে, আজি উক্ত বিষয়ৰ ওপৰত প্ৰেছ ইনফৰমেচন ব্যুৰ, গুৱাহাটীয়ে ইয়াত আয়োজন কৰা এখন ৱেবিনাৰত বিশেষজ্ঞসকলে আলোকপাত কৰে। বস্ত্ৰ শিল্প, ফেশ্যন ইণ্ডাষ্ট্ৰী আৰু আৰ্থ-সামাজিক-সাংস্কৃতিক ক্ষেত্ৰ, চৰকাৰী খণ্ডৰ বিভিন্ন বিশেষজ্ঞৰ লগতে শিক্ষাবিদে বিষয়টোৰ ওপৰত বিভিন্ন দৃষ্টিকোনৰ পৰা আলোচনা কৰে।

চৰ্দাৰ বল্লভভাই পেটেল আৰু 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ শিক্ষণৰ বিষয়ে উল্লেখ কৰি আন্দামান আৰু নিকোবাৰ দীপপুঞ্জৰ, স্বচ্ছ ভাৰত অভিযানৰ ৰাষ্ট্ৰদূত, পদ্মশ্ৰী নৰেশ চন্দৰ লালে কয় যে একোখন ঠাইৰ বাতাবৰণ আৰু জৈৱ বৈচিত্ৰ্য হৈছে সাংস্কৃতিক উন্নয়নৰ আন এটা দিশ। তেওঁ কয় যে এক ভাৰত শ্ৰেষ্ঠ ভাৰত হৈছে একোখন ঠাইৰ সংস্কৃতি আৰু ৰীতি-নীতিৰ দীৰ্ঘস্থায়ী উন্নয়ন সাধন। বিষয়টোৰ ওপৰত ৱেবিনাৰ আয়োজন কৰাৰ লগতে জনসজাগতাৰ তৎপৰতা চলোৱা বাবে তেওঁ পিআইবি গুৱাহাটীৰ শলাগ লয়।

এডিজি (মণ্ডল), প্ৰেছ ইনফৰমেচন ব্যুৰ' আৰু ৰিজিঅনেল আউটৰিচ ব্যুৰ', জয়পুৰৰ প্ৰজ্ঞা পালিৱাৰ গৌৰে কয় যে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' হৈছে আৰ্থ-সামাজিক উন্নয়নত আগভাগ লোৱা দেশৰ বিভিন্ন  সংস্কৃতিৰ অনুপ্ৰেৰণা, বিশেষকৈ বিভিন্ন কৰ্মক্ষেত্ৰত নাৰী উদ্যোগীৰ গুৰুত্ব সৃষ্টিৰ ক্ষেত্ৰত।

জয়পুৰৰ ৰিজিঅনেল আউটৰিচ ব্যুৰ'ৰ সঞ্চালক ঋতু শুকলাই কয় যে একোখন ঠাইৰ সংস্কৃতি সেই ঠাইৰ আৰ্থ-সামাজিক উন্নয়নৰ সৈতে অংগাংগীভাৱে জড়িত। তেওঁ কয় যে বিভিন্ন খণ্ডৰ লগতে বিপণনত থকা সুযোগবিলাকে অৰ্থনৈতিক কাম-কাজৰ দুৱাৰ মুকলি কৰি দিছে, য'ত নাৰী উদ্যোগীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ত একগোট হৈ থকা অসম আৰু ৰাজস্থানৰ বিষয়ে মন্তব্য কৰি, মিছেছ ইণ্ডিয়া ইউনিভাৰ্ছ (কলকাতা) ২০১৯ৰ বিজেতা তথা বস্ত্ৰ শিল্প আৰু ফেশ্যন ইণ্ডাষ্ট্ৰীৰ এগৰাকী উদ্যোগী মিছ সৌমি দত্তই কয় যে সংস্কৃতিয়ে অপাৰ সম্ভাৱনাৰ পথ মুকলি কৰিছে। তেওঁ কয় যে মহিলা উদ্যোগীসকলে নিয়োগ খণ্ডত ব্যৱসায় আৰু সুযোগৰ ক্ষেত্ৰখন সলনি কৰি দিছে। তেওঁ কয় যে একোখন ঠাইৰ আৰ্থ-সামাজিক উন্নয়নৰ সৈতে নিয়োগৰো সম্পৰ্ক অবিচ্ছেদ্য।

প্ৰেছ ইনফৰমেচন ব্যুৰ', গুৱাহাটীৰ ইনফৰমেচন এছিষ্টেণ্ট মিছ বৰ্ণালী মহন্তই কয় যে একোখন ঠাইৰ নাৰী উদ্যোগীৰ সংস্কৃতি, নিয়মানুৱৰ্তিতা আৰু কঠোৰ পৰিশ্ৰমেও উন্নয়নৰ মূল্য শৃংখলাত বিভিন্ন ফলদায়ক সুযোগৰ বাবে মানদণ্ড আৰু সৰ্বশেষ পৰিণতিক প্ৰভাৱিত কৰে যি এক কাংক্ষিত প্ৰাপ্তিৰ দিশত লৈ যাব পাৰে। ৰিজিঅনেল আউটৰিচ ব্যুৰ', গুৱাহাটীৰ ফিল্ড এগ্জিবিচন অফিচাৰ মিছ হীৰামণি দাসে কয় যে পৰ্যটনৰ স্থানসমূহক ৰে'ল আৰু বিমানে সংযোগ কৰিছে, যি একোখন ঠাইৰ সাংস্কৃতিক উদগণিতো সহায়ক হৈ পৰিছে। তেওঁ কয় যে অসমত ৰঙালী, কঙালী আৰু ভোগালী বিহু, বৈষাগু আৰু বহুৱা নৃত্য আদিয়ে জনসাধাৰণৰ সংস্কৃতি প্ৰদৰ্শন কৰে।

সংস্কৃতি মন্ত্ৰালয়ৰ নেশ্যনেল কাউঞ্চিল অফ ছাইঞ্চ মিউজিয়ামৰ পিআৰঅ' শ্ৰী সত্যজিৎ নাৰায়ণ সিংহ আৰু সাংবাদিক মিছ পূজা যাদবে কয় যে সংস্কৃতি আৰু উৎসৱসমূহৰ সৌন্দৰ্য আৰু বিচিত্ৰতাই দেশৰ যুৱক-যুৱতীসকলৰ তৎপৰতা আৰু সুযোগ বৃদ্ধি কৰে। তেওঁলোকে কয় যে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'য়ে সাংস্কৃতিক বৈচিত্ৰ্যৰ আনন্দ উদযাপন কৰে। তেওঁলোকে লগতে কয় যে অসমৰ সংস্কৃতি আৰু উৎসৱসমূহে ইয়াৰ মানুহৰ মাজৰ সৰলতা আৰু উদ্দীপনা ব্যক্ত কৰে।

আন্তঃগাঁথনিৰ সক্ৰিয় ভূমিকাৰ বিষয়ে উল্লেখ কৰি, কলকাতাৰ মৌলানা আবুল কালাম আজাদ ইউনিভাৰছিটী অফ টেকনলজিৰ ট্ৰেভেল এণ্ড টুৰিজিমৰ বিভাগীয় মুৰব্বী শ্ৰী জে পি শ্ব, পৰ্যটন মন্ত্ৰালয়ৰ প্ৰাক্তন মাণ্ডলিক সঞ্চালক আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আব্দুৰ ৰহমান মালিকে কয় যে ৰাজ্যসমূহৰ মাজৰ সংযোগে অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত সহায় কৰে। তেওঁলোকে কয় যে চাহ পৰ্যটন, এডভেন্সাৰ টুৰিজম, ইক'-টুৰিজম, চিকিৎসা পৰ্যটন আৰু কুমাৰৰ উদ্যোগৰ উদ্যমিতা বিপণন গঢ়ি তোলাৰ ক্ষেত্ৰত নাৰীৰ নেতৃত্বই উত্তৰ-পূৰ্বাঞ্চলত যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ ব্যাপক সম্ভাৱনাৰ সৃষ্টি কৰিছে।

প্ৰাক্তন ডিজিএম, এছবিআই আৰু চাৰ্কোল ডেভেলপমেন্ট অফিচাৰ, এইচ আৰ ইনচাৰ্জ, নৰ্থ-ইষ্ট ৰিজিঅন, শ্ৰী আশীষ বিশ্বাস আৰু সাংবাদিক মিছ সৃষ্টি জশোৱালে কয় যে একোটা অঞ্চলৰ সামাজিক সাংস্কৃতিক উন্নয়নৰ সম্ভাব্য দিশবোৰৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। তেওঁলোকে কয় যে ঘাইপথ, ৰে'লপথ আৰু বিমান পথবিলাক কেৱল যোগাযোগৰে মাধ্যম নহয়, বৰং সিবিলাকে দেশখনক আবেগিক আৰু সাংস্কৃতিকভাৱে সংযুক্ত হোৱাত সহায় কৰে। তেওঁলোকে কয় যে কৃষকক বজাৰৰ সৈতে সংযুক্ত হোৱাৰ সুবিধা প্ৰদান কৰি আন্তঃগাঁথনি হৈছে উন্নয়নৰ কেন্দ্ৰ।

চৰ্দাৰ পেটেলৰ শিক্ষণৰ ওপৰত আয়োজিত জনসজাগতাৰ এই ৱেবিনাৰ পৰিচালনা আৰু সমন্বয় সাধন কৰে পিআইবি, গুৱাহাটীৰ যুটীয়া সঞ্চালক শ্ৰী সম্ৰাট বন্দ্যোপাধ্যায়ে। পিআইবিৰ উপ-সঞ্চালক শ্ৰী পল্লৱ চক্ৰবৰ্ত্তীয়ে বিশেষজ্ঞসকলৰ লগতে ছাত্ৰ-ছাত্ৰী, বিশিষ্ট সাংবাদিক আৰু প্ৰেছ ইনফৰমেচন ব্যুৰ', দূৰদৰ্শন, ৰিজিঅনেল আউটৰিচ ব্যুৰ' তথা আন চৰকাৰী জ্যেষ্ঠ বিষয়াসকলক আদৰণি জনায়। অনুষ্ঠানত অল ইণ্ডিয়া ৰেডিঅ'ৰ দিল্লী, অসম আৰু ৰাজস্থানৰ বিষয়াও উপস্থিত থাকে।

************


(Release ID: 1668543) Visitor Counter : 176


Read this release in: English