বিত্ত মন্ত্ৰালয়
‘৫.০৯% চৰকাৰী ষ্টক ২০২২’ৰ বিক্ৰী(পুনৰ ইচ্ছ্যু) ৰ বাবে নিলাম, ‘৫.৭৭% চৰকাৰী ষ্টক ২০৩০’ৰ বিক্ৰী(পুনৰ ইচ্ছ্যু) ৰ বাবে নিলাম ; ‘ভাৰত চৰকাৰৰ ফ্লটিং ৰেট বণ্ড ২০৩৩’ৰ বিক্ৰী(পুনৰ ইচ্ছ্যু) ৰ বাবে নিলাম আৰু ‘৬.৮০% চৰকাৰী ষ্টক ২০৬০’ৰ বিক্ৰী(পুনৰ ইচ্ছ্যু) ৰ বাবে নিলাম
পোষ্ট কৰা হৈছে:
05 OCT 2020 7:43PM by PIB Guwahati
ভাৰত চৰকাৰে মূল্য আধাৰিত নিলামৰ জৰিয়তে ৩,০০০কোটি টকা(নমিনেল)ৰ অধিসূচিত ৰাশিৰ বাবে (১)‘৫.০৯% চৰকাৰী ষ্টক ২০২২’ৰ বিক্ৰী(পুনৰ ইচ্ছ্যু), (২)মূল্য আধাৰিত নিলামৰ জৰিয়তে ১৩,০০০কোটি টকা(নমিনেল)ৰ অধিসূচিত ৰাশিৰ বাবে ‘৫.৭৭% চৰকাৰী ষ্টক ২০৩০’ৰ বিক্ৰী(পুনৰ ইচ্ছ্যু), (৩) মূল্য আধাৰিত নিলামৰ জৰিয়তে ৩,০০০কোটি টকা(নমিনেল)ৰ অধিসূচিত ৰাশিৰ বাবে ‘ভাৰত চৰকাৰৰ ফ্লটিং ৰেট বণ্ড, ২০৩৩’ৰ বিক্ৰী(পুনৰ ইচ্ছ্যু) আৰু (৪) মূল্য আধাৰিত নিলামৰ জৰিয়তে ৯,০০০কোটি অধিসূচিত ৰাশিৰ বাবে ‘৬.৮০% চৰকাৰী ষ্টক ২০৬০’ৰ বিক্ৰী(পুনৰ ইচ্ছ্যু)কৰাৰ কথা ঘোষণা কৰিছে। ভাৰত চৰকাৰৰ ওচৰত উপৰোক্ত প্ৰতিটো ছিকিউৰিটিৰ বিপৰীতে ২হাজাৰ কোটি টকালৈকে অতিৰিক্ত ছাবস্ক্ৰিপচন ধৰি ৰখাৰ বিকল্প থাকিব। এই নিলাম বিবিধ মূল্য পদ্ধতি ব্যৱহাৰ কৰি ৯অক্টোবৰ,২০২০(শুকুৰবাৰ)ত ভাৰতীয় ৰিজাৰ্ভ বেংক,মুম্বাই কাৰ্যালয়,ফৰ্ট, মুম্বাইৰ দ্বাৰা পৰিচালনা কৰা হ’ব।
ষ্টক বিক্ৰীৰ অধিসূচীত ৰাশিৰ ৫শতাংশলৈকে চৰকাৰী ছিকিউৰিটীৰ নিলামত অ-প্ৰতিযোগিতামূলক বিডিং সুবিধাৰ প্ৰকল্প হিচাপে যোগ্য ব্যক্তি আৰু সংস্থাক আৱণ্টন দিয়া হ’ব।
নিলামৰ বাবে প্ৰতিযোগিতামূলক আৰু অ-প্ৰতিযোগিতামূলক উভয় বিডকেই ভাৰতীয় ৰিজাৰ্ভ বেংকে কোৰ বেংকিং ছলিউচন পদ্ধতি(ই-কুবেৰ)ত ইলেকট্ৰনিক ফৰ্মেট ৯অক্টোবৰ,২০২০ত জমা দিয়া উচিত। নন-প্ৰতিযোগিতামূলক বিডসমূহ পুৱা ১০.৩০বজাৰ পৰা ১১.০০ বজাৰ ভিতৰত আৰু প্ৰতিযোগিতামূলক বিডসমূহ পুৱা ১০.৩০ বজাৰ পৰা ১১.৩০ বজাৰ ভিতৰত জমা দিব লাগিব।
নিলামৰ ফলাফল ৯অক্টোবৰ,২০২০(শুকুৰবাৰ)ত আৰু সফল বিডাৰসকলৰ দ্বাৰা অৰ্থ প্ৰদান ১২ অক্টোবৰ,২০২০(সোমবাৰ)ত কৰা হ’ব।
*******************************************************
RM/KMN/KG
(ৰিলিজ আই ডি : 1661887)
অতিথি কক্ষ : 147