কৃষি মন্ত্ৰালয়

উত্তৰ-পূৱৰ কৃষকসকল এই নতুন কৃষি সংস্কাৰৰ পৰা যথেষ্ট লাভান্বিত হ’বঃ কিৰেণ ৰিজিজু

গুৱাহাটীত আজি কৃষকৰ সবলীকৰণ সম্পৰ্কীয় সংবাদ মেলত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৰ

Posted On: 01 OCT 2020 6:49PM by PIB Guwahati

‘কেন্দ্ৰীয় চৰকাৰৰ এই নতুন কৃষি সংস্কাৰৰ পৰা অতিশয় লাভান্বিত হ’ব উত্তৰ-পূৱৰ কৃষকসকল’, গুৱাহাটীত আজি অনুষ্ঠিত এক সংবাদ মেলত এই মন্তব্য কৰে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব) আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, খাদ্য সংসাধন দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অসমৰ কৃষিমন্ত্ৰী শ্ৰী অতুল বৰাৰ সৈতে শ্ৰী ৰিজিজুৱে ‘কৃষি সংস্কাৰ বিধি-ভাৰত চৰকাৰে গ্ৰহণ কৰা ঐতিহাসিক পদক্ষেপ’ শীৰ্ষক বিষয়ত এক সংবাদ মেলত অংশগ্ৰহণ কৰে।

 

কৃষি(ফাৰ্ম)বিধেয়ক সন্দৰ্ভত মত ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সংসদত শেহতীয়াভাৱে যি তিনিখন কৃষি বিধেয়ক  গৃহীত হৈছে সেয়া স্বাধীনতাৰ পাছৰ পৰা আজিলৈকে দেশৰ কৃষকৰ কল্যাণৰ বাবে হোৱা সৰ্ববৃহত্ কৃষি সংস্কাৰ।

 

শ্ৰী কিৰেণ ৰিজিজুৱে কয় যে চৰকাৰে অনা এইকেইখন বিধেয়কে কৃষকক স্বাধীনতা প্ৰদান কৰিব আৰু তেওঁলোকক দেশৰ যিকোনো প্ৰান্তত ফচল বিক্ৰীৰ সুযোগ দিব। তেওঁ আৰু কয় যে কৃষকসকলক সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে, যিহেতু তেওঁলোকৰ উত্পাদিত সামগ্ৰী বিক্ৰীত কোনোধৰণৰ বাধা আৰোপ কৰা হোৱা নাই। বিশদ বৰ্ণনা কৰি শ্ৰী ৰিজিজুৱে কয়, কৃষকসকলে কৃষিক্ষেত্ৰক আৰু অধিক শক্তিশালী আৰু অধিক ফচল লাভ কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ পৰা  সমৰ্থন লাভ কৰিব। এই সংশোধনে কেৱল কৃষকৰেই নহয়, উপভোক্তা আৰু বিনিয়োগকাৰীৰ বাবেও এক যোগাত্মক পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে দেশক স্বাৱলম্বী কৰাত সহায় কৰিব, তেওঁ কয়।

 

২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ  কৰি শ্ৰী ৰিজিজুৱে কয় যে এই সংস্কাৰসমূহে মধ্যভোগীৰ সকলো হস্তক্ষেপমূলক ভূমিকা খৰ্ব কৰিছে যিয়ে কৃষকসকলৰ বহু উপকাৰ সাধন কৰিব।

 

আজিৰ সংবাদ মেলত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ সুবিধাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেইসমূহৰ অংশ হিচাপে কৃষি বিধেয়কসমূহ গৃহীত হৈছে যিয়ে কৃষকসকলক তেওঁলোকৰ ইচ্ছানুসৰি যিকোনো স্থানত ফচল বিক্ৰীৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰিব। মাণ্ডিৰ উপৰিও কৃষকসকলে ফাৰ্ম গেট, কল্ড ষ্ট’ৰেজ, পণ্যাগাৰ, সংসাধন গোট আদিত ব্যৱসায় কৰাৰ স্বাধীনতা লাভ কৰিব।

 

শ্ৰী সৰ্বানন্দ সোণোৱালে কৃষকসকলৰ সবলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায় আৰু এই নতুন আইনসমূহে  দেশৰ আন প্ৰান্তৰ লগতে অসমৰ কৃষকসকলক অধিক লাভৱান কৰিব বুলি মত ব্যক্ত কৰে। এই নতুন আইনসমূহে আধুনিক প্ৰযুক্তি, উন্নত বীজ আৰু অন্যান্য ইনপুটসমূহ ব্যৱহাৰ কৰাত কৃষকক সক্ষম কৰিব। তেওঁ আৰু কয়, ইয়ে বিপণন খৰচ হ্ৰাস কৰিব আৰু কৃষকৰ আয় উন্নত কৰিব।

 

কৃষকৰ কল্যাণ সুনিশ্চিত কৰিবলৈ বিগত ছয় বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত চৰকাৰৰ বহু যুগান্তকাৰী সিদ্ধান্তৰ অংশ হিচাপে শেহতীয়াভাৱে সংসদত তিনিখন কৃষি বিধেয়ক গৃহীত হৈছে যত ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দেও তেওঁৰ সন্মতি প্ৰদান কৰিছে। সেই বিধেয়কসমূহ হৈছে কৃষকৰ উত্পাদন ব্যৱসায় আৰু বাণিজ্য(সংবৰ্দ্ধন আৰু সুবিধা) বিধেয়ক ২০২০, কৃষকৰ(সবলীকৰণ আৰু সুৰক্ষা)মূল্য আশ্বাসন চুক্তি আৰু কৃষি সেৱা বিধেয়ক,২০২০ আৰু অত্যাৱশ্যকীয় সামগ্ৰী(সংশোধনী)বিধেয়ক,২০২০।

 

কৃষি খণ্ডত আন্তঃগাঁথনি নিৰ্মাণত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ জৰিয়তে বিকাশ ত্বৰান্বিত কৰাৰ বাবে এই সংস্কাৰসমূহ কৰা হৈছে। অন্যান্য সুবিধাৰ উপৰি ন্যূনতম সমৰ্থন মূল্যত ক্ৰয়ৰ সুবিধাও অব্যাহত থাকিব আৰু কৃষকে তেওঁলোকৰ ফচল ন্যূনতম সমৰ্থন মূল্যত বিক্ৰী কৰিব পাৰিব।

 

শ্ৰী ৰিজিজুৱে কৃষকৰ সবলীকৰণ সন্দৰ্ভত আয়োজিত এক ছেমিনাৰতো অংশ লয়, য’ত কৃষি বিশেষজ্ঞ, কৃষক, বুদ্ধিজীৱি আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ বিষয়াসকলো উপস্থিত থাকে।

 

 ********************************************************

 KG

 



(Release ID: 1660813) Visitor Counter : 75


Read this release in: English