কৃষি মন্ত্ৰালয়
দেশত শীতল ভাণ্ডাৰৰ সুবিধা
Posted On:
23 SEP 2020 1:46PM by PIB Guwahati
উপলব্ধ তথ্য অনুসৰি, ফল-মূল আৰু শাক-পাঁচলিৰ দৰে নষ্ট হ’ব পৰা সামগ্ৰী মজুত ৰখাৰ বাবে দেশত ৮১৮৬টা শীতল ভাণ্ডাৰ আছে। এই ভাণ্ডাৰৰ ক্ষমতা হ’ল ৩৭৪.২৫ লাখ মেট্ৰিক টন।
কৃষক আৰু ব্যৱসায়ীৰ ক্ষেত্ৰত শীতল ভাণ্ডাৰ ব্যৱহাৰৰ ব্যয়, উপলব্ধতা সন্দৰ্ভত প্ৰকৃত তথ্য আৰু সক্ষমতাৰ উপযোগিতা সন্দৰ্ভত পৰ্যাপ্ত তথ্য আদি মন্ত্ৰালয়ে কেন্দ্ৰীয়ভাৱে সংৰক্ষণ কৰা নাই। ইয়াৰ কোনো ৰিয়েল-টাইম মনিট’ৰিং পদ্ধতি নাই।
নাবাৰ্ড ক’নছালটেন্সী ছাৰ্ভিচে সৰ্বভাৰতীয় শীতল ভাণ্ডাৰ আন্তঃগাথনি সক্ষমতাৰ ওপৰত চলোৱা সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি, নষ্ট হ’ব পৰা ফল-মূল আৰু শাক-পাচলিৰ বাবে ৩৫০লাখ মেট্ৰিক টন সক্ষমতাসমৃদ্ধ শীতল ভাণ্ডাৰৰ প্ৰয়োজন আছে। বৰ্তমান দেশত ৩৭৪.২৫ লাখ মেট্ৰিক টন সক্ষমতাৰ শীতল ভাণ্ডাৰ উপলব্ধ আছে।
চৰকাৰে এই প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পৰ্যাপ্ত শীতল ভাণ্ডাৰ স্থাপনৰ বাবে নিম্নোক্ত আঁচনি ৰূপায়ন কৰিবিত্তীয় সাহায্য আগবঢ়াইছে।
উদ্যান শস্যৰ সামগ্ৰিক উত্তৰণৰ বাবে অভিযান(এমআইডিএইচ):
কৃষি সমবায় আৰু কৃষক কল্যাণ বিভাগে উদ্যান শস্যৰ সামগ্ৰিক উত্তৰণৰ বাবে অভিযান(এমআইডিএইচ)ৰূপায়ন কৰিছে, যাৰ অধীনত শীতল ভাণ্ডাৰ স্থাপন কৰিবলৈ বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে।
প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনা(পিএমকেএছৱাই)
খাদ্য সংশাধন মন্ত্ৰালয়ে একীকৃত শীতল ভাণ্ডাৰ আৰু মূল্য সংযোজন আন্তঃগাথনিক প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনাৰ এক উপাদান হিচাপে গ্ৰহণ কৰি আঁচনি ৰূপায়ন কৰিছে। এই আঁচনিৰ লক্ষ্য হ’ল শস্য চপোৱাৰ পিছত কৃষকে সন্মুখীন হোৱা ক্ষতিৰ পৰিমাণ হ্ৰাস কৰা আৰু তেওঁলোকক উৎপাদিত সামগ্ৰীৰ পাৰিশ্ৰমিক মূল্য প্ৰদান কৰা। এই আঁচনিৰ অধীনত মন্ত্ৰালয়ে শীতল ভাণ্ডাৰ আৰু পৰিবহণ আন্তঃগাথনি নিৰ্মাণৰ বাবে কৃষকক সাধাৰণ অঞ্চলত ৩৫ শতাংশ আৰু উত্তৰ-পূৰ্বাঞ্চল, হিমালয়ান ৰাজ্য, আইটিডিপি অঞ্চল আৰু দ্বীপপুঞ্জসমূহত ৫০ শতাংশ হাৰত বিত্তীয় সাহায্য প্ৰদান কৰে।
ৰাজ্যসভাত আজি এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমাৰে।
****
APS/SG/RC/MS
(Release ID: 1658559)
Visitor Counter : 263