কৃষি মন্ত্ৰালয়

কৃষিখণ্ডত ষ্টাৰ্ট-আপ

Posted On: 23 SEP 2020 1:48PM by PIB Guwahati

কৃষি, সহযোগিতা আৰু কৃষক কল্যাণ (ডিএচিএণ্ডএফডব্লিউ) বিভাগে ইনকিউবেচন পৰিবেশতন্ত্ৰক বিত্তীয় সাহায্য আৰু সুবিধা প্ৰদানৰ বাবে ২০১৮-১৯ত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ‘‘উদ্ভাৱন আৰু কৃষি উদ্যমিতা বিকাশ’’ শীৰ্ষক এক অংশ মুকলি কৰিছিল৷ ইয়াৰ জৰিয়তে ষ্টাৰ্ট-আপসমূহক কৃষকৰ উপাৰ্জন বৃদ্ধিৰ ক্ষেত্ৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হ’বলৈ উদগনি জনোৱা হৈছে৷

এই সংক্ৰান্তত ডিএচিএণ্ডএফডব্লিউয়ে পাঁচটা নলেজ পাৰ্টনাৰ আৰু চৌবিশটা কৃষি ব্যৱসায় ইনকিউবেটৰ নিয়োজিত কৰিছে যাতে বিভিন্ন ৰাজ্যত এই কাৰ্যসূচী মসৃণ আৰু কাৰ্যকৰীভাৱে প্ৰণয়ন কৰিব পাৰি৷

এই কাৰ্যসূচীৰ অধীনত ধাৰণা/প্ৰি-ছীড পৰ্যায়ৰ বাবে এক নিৰ্বাচিত ষ্টাৰ্ট-আপ সৰ্বাধিক পাঁচ লাখ টকা বিত্তীয় সাহায্যৰ বাবে যোগ্য হ’ব৷ ছীড পৰ্যায়ৰ বাবে এক নিৰ্বাচিত ষ্টাৰ্ট-আপ সৰ্বাধিক পঁচিশ লাখ টকা বিত্তীয় সাহায্যৰ বাবে যোগ্য হ’ব৷

কিস্তিভিত্তিত মুঠ ৩৬.৭২ কোটি টকা কৃষি আৰু কৃষি সম্বন্ধীয় ক্ষেত্ৰক বিত্তপোষণৰ বাবে নিৰ্বাচিত কৰা হৈছে আৰু ইয়াৰে প্ৰথমটো কিস্তি হিচাপে ১৬.০১ কোটি টকা আৱণ্টিত কৰা হৈছে৷

এই তথ্য ২০.০৯.২০২০ তাৰিখে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে লিখিতভাৱে ৰাজ্যসভাত প্ৰদান কৰে

 

****

 

APS/SG/RC/MANN



(Release ID: 1658218) Visitor Counter : 62


Read this release in: English , Manipuri , Tamil