মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
একাধিক বিষয় লিখা-পঢ়াৰ সুযোগ বৃদ্ধি কৰিবলৈ নতুন প্ৰজন্মৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাক নৱম শ্ৰেণীৰ ২০১৯-২০ শিক্ষাবৰ্ষৰ পৰা এক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিছে চিবিএছইয়ে – শিক্ষামন্ত্ৰী
प्रविष्टि तिथि:
17 SEP 2020 5:52PM by PIB Guwahati
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) জনাইছে যে নতুন প্ৰজন্মক বহু বিষয়ত শিক্ষাদানৰ সুযোগ কৰি দিবলৈ তেওঁলোকে অনুমোদিত বিদ্যালয়বোৰত ২০১৯ – ২০ শিক্ষাবৰ্ষৰ পৰা কৃত্ৰিম বুদ্ধিমত্তাক এক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিছে। নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এই সুযোগ লাভ কৰিছে। সংশ্লিষ্ট বিষয়টোৰ পাঠক্ৰম আৰু পাঠ্যপুথি প্ৰস্তুত কৰিবৰ বাবে ইন্টেল, আইবিএম, মাইক্ৰোছফ্ট, প্ৰাইভেট স্কুলৰ দৰে সংস্থাবোৰে চিবিএছইক সহায় কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বুদ্ধিমত্তা বিষয়ত চিবিএসইয়ে ৪১ টা প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছিল। য’ত ১৬৯০ জন অধ্যক্ষ আৰু শিক্ষক – শিক্ষয়িত্ৰীয়ে প্ৰশিক্ষণ লৈছে। চিবিএছইৰ দ্বাৰা অনুমোদিত বিদ্যালয়বোৰত অষ্টম শ্ৰেমীৰ পৰা একাদশ শ্ৰেণী পৰ্যন্ত কৃত্ৰিম বুদ্ধিমত্তাক লৈ শিক্ষণ – শিকণ আৰম্ভ কৰা হৈছে।
শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ কাৰিকৰী শিক্ষা বিষয়ক নিয়ামক সংস্থা অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনে (এআইচিটিই), শিক্ষামূলক প্ৰযুক্তিক লৈ কাম কৰি আছে, এনেধৰণৰ একাধিক সংস্থাক নেশ্যনেল এডুকেশ্যনেল এলায়েন্স ফৰ টেকন’লজীৰ অধীনত নিৰ্বাচিত কৰা হৈছে। এআইচিটিইয়ে বিভিন্ন প্ৰতিষ্ঠানত কৃত্ৰিম বুদ্ধিমত্তা আৰু ডাটা ছায়েন্সক লৈ পঢ়া শুনা কৰাৰ সুযোগ প্ৰদান কৰিছে। বিভিন্ন আই আই টি আৰু আই আই আই টিয়ে কৃত্ৰিম বুদ্ধিমত্তাক লৈ অধ্যয়ণ কৰাৰ সুযোগ সৃষ্টি কৰিছে।
ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন প্ৰতিষ্ঠান আৰু উদ্যোগ প্ৰতিষ্ঠানবোৰৰ সহায়ত এআইচিটিইয়ে শিক্ষক – শিক্ষয়িত্ৰী আৰু শিক্ষাকৰ্মী সৃষ্টিৰ বাবে ফেকাল্টি ডেভলপমেন্ট প্ৰ’গ্ৰাম (এফডিপি) পৰিচালনা কৰিছে। এইপৰ্যন্ত আঢ়ৈশ কোটি এফডিপি অনুষ্ঠিত হৈছে। য’ত কৃত্ৰিম বুদ্ধিমত্তাক বিশেষ গুৰুত্ব দিয়া হৈছে। চিবিএছইয়ে তেওঁলোকৰ বিভিন্ন স্কুলৰ শিক্ষক – শিক্ষয়িত্ৰীসকলৰ এই কাৰ্যসূচীত যোগদানৰ সুযোগ প্ৰদান কৰিছে। এআইচিটিইয়ে এক ইনোভেশ্যন কোষো গঠন কৰিছে। এই কোষে বিভিন্ন উচ্চশিক্ষা প্ৰতিষ্ঠানত ১৬০০ টা ইনোভেশ্যন কাউন্সিল গঠন কৰিছে। প্ৰতিটো আইআইআইটিয়েই তেওঁলোকৰ ছাত্ৰ – ছাত্ৰীসকলৰ উদ্ভাৱনীমূলক কাম-কাজত উৎসাহ দিবলৈ ইনকিউবেশ্যন চেন্টাৰ গঠন কৰিছে।
কেন্দ্ৰই সামাজিক দিশেৰে প্ৰাসঙ্গিক এই ধৰণৰ বিষয়ক লৈ গৱেষণা কৰিবৰ বাবে উৎসাহ দিছে। ইয়াৰ বাবে ইম্প্ৰিন্ট আৰু উচ্চতৰ আৱিস্কাৰ যোজনা আৰম্ভ কৰিছে। ইম্প্ৰিন্টত ৫০ শতাংশ খৰচ বহন কৰে শিক্ষা মন্ত্ৰালয়ে। বাকী থকা খৰচ অংশগ্ৰহণকাৰী মন্ত্ৰালয় অথবা দপ্তৰৰ পৰা প্ৰদান কৰা হয়। উচ্চতৰ আৱিস্কাৰ যোজনাত শিক্ষা মন্ত্ৰালয়ে ৫০ শতাংশ ধন দিয়ে। ২৫ শতাংশ ধন উদ্যোগ সংস্থা আৰু বাকী ধনখিনি অংশগ্ৰহণকাৰী মন্ত্ৰালয় অথবা দপ্তৰৰ পৰা প্ৰদান কৰা হয়।
উল্লেখ্য যে ৰাজ্যসভাত আজি এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য দিছে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাঙ্কে’।
*****
MC/AKJ/AK/RD
(रिलीज़ आईडी: 1655943)
आगंतुक पटल : 148