তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

পিএমজেডিৱাই এ অৱহেলিত আৰু নিম্ন আয়ৰ শ্ৰেণীটোক সহজতে বেংকিং সেৱা লাভত সহায় কৰিব

পিআইবি, গুৱাহাটীৰদ্বাৰা প্ৰধান মন্ত্ৰী জন ধন যোজনা সন্দৰ্ভত ৱেবিনাৰ সম্পন্ন

Posted On: 24 AUG 2020 4:48PM by PIB Guwahati

প্ৰধান মন্ত্ৰী জন ধন যোজনা (পিএমজেডিৱাই) সন্দৰ্ভত আজি প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’, গুৱাহাটীয়ে এখনি ৱেবিনাৰ অনুষ্ঠিত কৰে। ২০১৪ ৰ ২৮ আগষ্টত আৰম্ভণিতে ৪ বছৰৰ কাৰণে আৰ্থিক অন্তৰ্ভুক্তিৰ অৰ্থে ৰাষ্ট্ৰীয় অভিযানৰ অধীনত প্ৰধান মন্ত্ৰী জন ধন যোজনাৰ শুভাৰম্ভ কৰা হৈছিল। এই ৱেবিনাৰখনিত গুৱাহাটী আৰু ছিকিম মণ্ডলৰ বিত্তীয় ক্ষেত্ৰখনৰ কেইবাজনো সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

আৰম্ভণিতে মতামত ব্যক্ত কৰি পিআইবি, ইম্ফলৰ সঞ্চালক শ্ৰী অভিষেক দয়ালে কয়, “মহামাৰীৰ বাবে কাৰ্যকৰী কৰা লকডাউনৰ সময়ছোৱাত, পিএমজেডিৱাই এ বিশেষ গুৰুত্ব লাভ কৰে; এই আঁচনিখনৰ মূল বৈশিষ্ট্য হৈছে যে ই মধ্যস্থতাকাৰীৰ প্ৰয়োজনীয়তা দূৰ কৰে আৰু ধনৰাশি পোনে-পোনে হিতাধিকাৰীৰ একাউন্টত জমা হয়গৈ। বিত্তীয় প্ৰণালীটোৰ মূলসূঁতিৰপৰা বাদ পৰা লোকসকলক অন্তৰ্ভুক্তিৰ অৰ্থে ই প্ৰয়োজনীয় বুলি আমাৰ প্ৰধানমন্ত্ৰীয়ে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে।

এই ৱেবিনাৰখনিত এগৰাকী সমল ব্যক্তি হিচাপে ভাষণ প্ৰদান কৰি, আৰবিআই, ছিকিমৰ মহা প্ৰৱন্ধক আৰু ভাৰপ্ৰাপ্ত-বিষয়া শ্ৰী ৰৱীন্দ্ৰ চাংভায়ে অৱগত কৰে যে ২০২০ ৰ এপ্ৰিলৰপৰা জুনলৈকে লকডাউনৰ সময়ছোৱাত ছিকিমত মুদ্ৰা আঁচনিৰ অধীনত প্ৰায় ১২ কোটি টকা বিতৰণ কৰা হৈছে। তেওঁ লগতে কয় যে পিএমজেডিৱাইৰ অধীনত ছিকিমৰ ৬০% ৰোধিক গাঁও আৰু ৱাৰ্ডক সামৰি লোৱা হৈছে। লকডাউনৰ সময়ছোৱাত উদ্ভৱ হোৱা সমস্যাৰাজিৰে মোকাবিলা কৰিবলৈ হিতাধিকাৰীসকলক সহায়ৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰখনে এনে একাউন্টলৈ ধন হস্তান্তৰ কৰাৰ পৰিপ্ৰেক্ষিতত, উক্ত সময়ছোৱাত পিএমজেডিৱাই একাউন্টত জমা বৃদ্ধি হৈ পৰে, তেওঁ কয়।
 

অসমত, পিএমজেডিৱাই আঁচনিখন সামগ্ৰিকভাৱে সফল হৈছে আৰু এই আঁচনিখনৰপৰা সমাজৰ নিম্ন আয়ৰ শ্ৰেণীটো অধিক লাভান্বিত হৈছে”, এইদৰে ৱেবিনাৰখনিত কয় এছবিআই, গুৱাহাটীৰ ডিজিএম শ্ৰী সুশান্ত চাহুৱে। তেওঁ আৰু কয় যে ইতিমধ্যে অসমত ১ কোটিৰো অধিক ৰুপে’ কাৰ্ড জাৰি কৰা হৈছে। পিএমজেডিৱাই ৰ দ্বাৰা সকলো লোক লাভান্বিত হোৱাৰ অৰ্থে তেওঁ সকলো স্থানীয় প্ৰতিনিধি আৰু এনজিঅ’সমূহক আগলৈ সাধাৰণ লোকৰ মাজত এই সন্দৰ্ভত প্ৰচাৰ আৰু অৱগত কৰিবলৈ আহ্বান জনায়।

দৈনিক পূৰ্বোদয়ৰ সম্পাদক শ্ৰী ৰবি শংকৰ ৰবিয়ে মতামত আগবঢ়াই কয় যে পিএমজেডিৱাই ৰ বাবে আমাৰ দেশৰ নিম্ন শ্ৰেণীটোৰ অৰ্থে বেংক একাউন্ট খোলাটো জটিল নহয়। এই আঁচনিখনৰ অধীনত, বেংকত একাউন্ট খুলিবলৈ অসুবিধা পোৱাসকলক ইয়াৰ লাভত চৰকাৰে সহায় আগবঢ়াইছে।

এছবিআই, শিলিগুৰি মডিউলৰ ডিজিএম শ্ৰী ডি.ভি. গুট্টেয়ে কয় যে বিত্তীয় অন্তৰ্ভুক্তি কাৰ্যক্ৰমৰ অধীনত অধিক ভাৰতীয়ক সামৰি লোৱাত পিএমজেডিৱাই এ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সাধাৰণ লোকক এই আঁচনিখনৰ বৈশিষ্ট্যৰাজি সম্পৰ্কে অধিক সজাগ কৰিলে তেওঁলোকে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হৈ উঠিব।

পিআইবিৰ মিডিয়া আৰু কমিউনিকেশ্যন বিষয়া শ্ৰী গোপজিৎ দাসে আদৰণি ভাষণ প্ৰদান কৰে আৰু ৱেবিনাৰখনিৰ আঁত ধৰে পিআইবি, গুৱাহাটীৰ মিডিয়া আৰু কমিউনিকেশ্যন বিষয়া শ্ৰীমতী সুচৰিতা চাহুৱে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকসকলে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ আৰু ৰিজিঅ’নেল আউটৰীছ ব্যুৰ’ৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা ৱেবিনাৰখনিত ভাগ লয়।

********



(Release ID: 1648363) Visitor Counter : 43


Read this release in: English