তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰে পিআইবি, গুৱাহাটীৰ মত-বিনিময় অনুষ্ঠান সম্পন্ন

নেতাই নেতৃত্ব দিয়ে সন্মুখৰপৰাঃ এল.আৰ. বিশ্বনাথ

Posted On: 29 JUL 2020 3:36PM by PIB Guwahati

নেতাই সন্মুখৰপৰা নেতৃত্ব প্ৰদান কৰে আৰু যিকোনো পৰিস্থিতিতে আহ্বান পোৱা মাত্ৰকে সদায়ে মোকাবিলা কৰিবলৈ সাজু থাকে, এইদৰে কয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ উত্তৰ পূব মণ্ডলৰ বিভাগীয় মূৰব্বী শ্ৰী এল.আৰ. বিশ্বনাথে। প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ, গুৱাহাটীয়ে আজি যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলৰে অনুষ্ঠিত কৰা উদ্ভাৱন আৰু প্ৰয়োগেৰে ডিজিটেল যুগত নেতৃত্ব প্ৰদান শীৰ্ষক মত-বিনিময় অনুষ্ঠানত ভাগ লৈয়ে তেওঁ এইদৰে কয়।

নেতৃত্বই ক্ষীপ্ৰতাৰে চিন্তা কৰে আৰু আনতকৈ সদায়ে আগত থাকে বুলি উল্লেখ কৰি, তেওঁ কয় যে সফলতা লাভ কৰিবলৈ নেতৃত্বৰ কাৰণে চিন্তাৰ গতি আৰু দৃঢ়তা অতিশয় প্ৰয়োজনীয়। তেওঁ লগতে কয় যে নেতৃত্বই সদায়ে প্ৰতিটো পৰিস্থিতি আৰু তেওঁলোকে লোৱা প্ৰতিটো সিদ্ধান্তৰে ভাল আৰু বেয়াটো মূল্যায়ন, বিচাৰ-বিবেচনা আৰু বিশ্লেষণ কৰি লয় আৰু তাৰ পাছত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে।

শ্ৰী বিশ্বনাথে উদ্ভাৱন আৰু প্ৰয়োগেৰে ডিজিটেল যুগত নেতৃত্ব প্ৰদান সন্দৰ্ভত এটি প্ৰেজেনটেশ্যন আগবঢ়ায়। এই মত-বিনিময় অনুষ্ঠানটিত ১০০ ৰোধিক অংশগ্ৰহণকাৰীয়ে ভাগ লয়।

অসম মহিলা বিশ্ববিদ্যালয়ৰ স্কুল অৱ মিডিয়া এণ্ড মাছ কমিউনিকেশ্যনৰ সহকাৰী অধ্যাপক শ্ৰীযুতা মহছিনা ৰহমানে তেওঁৰ ভাষণত শিক্ষানুষ্ঠানখনিৰ এক চমু অৱলোকন কৰে। ছাত্ৰীসকলৰ লাভালাভৰ অৰ্থে এনে মত-বিনিময় অনুষ্ঠান আয়োজন কৰাৰ বাবে তেওঁ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ, গুৱাহাটী তথা ইয়াত ভাগ লোৱাৰ বাবে শ্ৰী এল.আৰ. বিশ্বনাথকো কৃতজ্ঞতা জ্ঞাপন কৰে।

আদৰণি ভাষণ আগবঢ়াই পিআইবি গুৱাহাটীৰ যুটীয়া সঞ্চালক শ্ৰীমতী কীৰ্তি তিৱাৰীয়ে অংশগ্ৰহণকাৰীসকলক জনাই যে শ্ৰী এলআৰ বিশ্বনাথৰ তত্ত্বাৱধানত পিআইবি গুৱাহাটীয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন শিক্ষানুষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহৰ গণ সংযোগৰ ছাত্ৰ-ছাত্ৰীসকলৰে এলানি মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। আৰঅবি, গুৱাহাটীৰ ফিল্ড এক্সিবিশ্যন বিষয়া শ্ৰীমতী হীৰামণি দাসে এই অনুষ্ঠানটিৰ আঁত ধৰে।

********



(Release ID: 1642136) Visitor Counter : 83


Read this release in: English