তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যক্ৰমে সঠিক দৃষ্টিকোণেৰে ৰাজস্থান আৰু অসমৰ সমৃদ্ধ চিত্ৰ অংকন কৰিছেঃ এল.আৰ. বিশ্বনাথ

পিআইবি, গুৱাহাটীৰ “এক ভাৰত শ্ৰেষ্ঠ ভাৰত” সন্দৰ্ভত ৱেবিনাৰ সম্পন্ন

Posted On: 28 JUL 2020 8:16PM by PIB Guwahati

এক ভাৰত শ্ৰেষ্ঠ ভাৰত, ভাৰত চৰকাৰৰ এখনি ধ্বজাবাহী আঁচনি যাৰ জৰিয়তে বৈচিত্ৰ্যৰ মাজত একতাৰ ধাৰণা জগাই তোলাৰ চেষ্টা কৰা হৈছে। এই আঁচনিখনৰ অধীনত, অসমৰ সৈতে ৰাজস্থানক সংলগ্ন কৰা হৈছে সংস্কৃতিৰ ক্ষেত্ৰত এই দুখনি ৰাজ্যৰ সংযোগত গুৰুত্ব আৰোপেৰে, প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’, গুৱাহাটীয়ে আজি “এক ভাৰত শ্ৰেষ্ঠ ভাৰত” সন্দৰ্ভত এখনি ৱেবিনাৰ অনুষ্ঠিত কৰে। ইয়াত বহু কেইগৰাকী বিশিষ্ট বক্তাই ৰাজ্য দুখনিৰ মাজৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক সংযোগ সন্দৰ্ভত বক্তব্য ৰাখে। 

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ উত্তৰ পূব মণ্ডলৰ মূৰব্বী শ্ৰী এল.আৰ. বিশ্বনাথে “এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধীনত ৰাজস্থান আৰু অসমৰ মাজৰ সাংস্কৃতিক সহজীৱিতা” শীৰ্ষক প্ৰসংগত কয়। তেওঁ কয় যে উভয় ৰাজ্যৰ সুৰ, তাল, ধৰ্ম, সাহিত্য আৰু সংস্কৃতিৰ মাজত সাংস্কৃতিক সহজীৱিতা বিদ্যমান। স্পন্দনশীল ৰংসমূহ আৰু বৰ্ণাঢ্য স্থাপত্য পটভূমি হৈছে দুয়োখন ৰাজ্যৰ মাজৰ এটা সাধাৰণ উপাদান, তেওঁ কয়। তেওঁ লগতে কয় যে এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যক্ৰমে সঠিক দৃষ্টিকোণেৰে উভয় ৰাজ্যৰ এখনি বৰ্ণাঢ্য চিত্ৰ অংকন কৰিছে। অংশগ্ৰহণকাৰীসকলক তেওঁ অৱগত কৰে যে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধীনত প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ আৰু ৰিজিঅ’নেল আউটৰীচ ব্যুৰ’, গুৱাহাটীয়ে ভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে য’ত ৰাজস্থানৰ ৰহণীয়া লোক সংস্কৃতি আৰু খাদ্য সম্ভাৰৰ বিষয়ে অৱলোকন কৰা হৈছে।

পিআইবি ৰাজস্থানৰ এডিজি শ্ৰীমতী প্ৰজ্ঞা পলিৱাল গৌৰে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উদ্দেশ্য আৰু ধাৰণা সন্দৰ্ভত ব্যক্ত কৰে। তেওঁ কয় যে সংস্কৃতিৰ বৰ্ণাঢ্য ইতিহাসৰে ভাৰত এখনি অনন্য ৰাষ্ট্ৰ। সংস্কৃতিয়ে বৈচিত্ৰ্যৰ মাজত ঐক্য প্ৰোথিত কৰাৰ পৰিপ্ৰেক্ষিতত ভৱিষ্যতৰ কাৰণে আমি ইয়াক লালন-পালন আৰু জীয়াই ৰখাটো বাঞ্চনীয়, তেওঁ লগতে কয়। 

দৈনিক পূৰ্বোদয়ৰ সম্পাদক আৰু লেখক শ্ৰী ৰবি শংকৰ ৰবিয়ে পূৰ্বোত্তৰৰ ৰাজ্যকেইখনলৈ ৰাজস্থানী সংস্কৃতিৰ বৰঙণি সন্দৰ্ভত সদৰী কৰে। সংস্কৃতিয়ে সমাজক এক কৰে বুলি উল্লেখ কৰি, শ্ৰী ৰবিয়ে কয় যে অসম আৰু ৰাজস্থান উভয়ে ৰহণীয়া সংস্কৃতি আৰু ঐতিহ্যৰে সমৃদ্ধিশালী। তেওঁ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’য়ে ৰাজ্য দুখনিৰ সেতুবন্ধনৰ উদ্দেশ্যেৰে এনে বিষয়ত ৱেবিনাৰখনি অনুষ্ঠিত কৰাৰ প্ৰচেষ্টাৰ শলাগ লয়।

তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ বিভাগীয় মূৰব্বী অধ্যাপক পৰশমণি দত্তই অসম-ৰাজস্থানৰ সাংস্কৃতিক সংযোগৰ বিচাৰ আগবঢ়াই আৰু দুয়োখন ৰাজ্যৰ মাজৰ সংযোগ সন্দৰ্ভত তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰে।

অসমৰ উদ্যোগী শ্ৰী অশোক জী চেথিয়াই ৰাজস্থানী মূলৰ উদীয়মান উদ্যোগী আৰু অসমৰ উদ্যোগশীলতা সন্দৰ্ভত কয়। তেওঁ কয় যে যিকোনো ৰাজ্যতে যিকোনো ব্যৱসায় কৰিবলৈকে, স্থানীয় জনসাধাৰণ আৰু স্থানীয় প্ৰশাসনৰ সহযোগিতা অতিশয় প্ৰয়োজনীয়। ৰাজ্যখনত উদ্যোগৰ উন্নতি সাধনাৰ্থে ৰাজস্থানী আৰু অসমীয়া লোকে একেলগে সহায় আগবঢ়াইছে, তেওঁ কয়। তেওঁ লগতে কয় যে অৰ্থনীতি, সংস্কৃতি, শিক্ষা আৰু সাংবাদিকতাকে ধৰি অসমৰ ভিন্ন খণ্ডৰ সমৃদ্ধিত ৰাজস্থানী লোকসকলে বৰঙণি যোগাই আছে।

ৰাজস্থানৰপৰা ৱেবিনাৰখনিত অংশগ্ৰহণ কৰি কথক নৃত্যশিল্পী ডঃ স্বাতী আগৰৱালাই ৰাজস্থানী লোক নৃত্য আৰু চিত্ৰকলাত বিশেষ গুৰুত্ব আৰোপেৰে ৰাজস্থানী সংস্কৃতি সন্দৰ্ভত বিস্তৃতভাৱে কয়।

আজিৰ ৱেবিনাৰখনিৰ আদৰণি ভাষণ প্ৰদান কৰে পিআইবি, গুৱাহাটীৰ যুটীয়া সঞ্চালক শ্ৰীমতী কীৰ্তি তিৱাৰীয়ে আৰু আঁত ধৰে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ৰ মিডিয়া আৰু কমিউনিকেশ্যন বিষয়া সুচৰিতা চাহুৱে।

********



(Release ID: 1641894) Visitor Counter : 3797


Read this release in: English