তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে পিআইবি, গুৱাহাটীৰ মত বিনিময় বৈঠক সম্পন্ন

দক্ষতাপূৰ্ণ সংকট মোকাবিলাৰ মেৰুদণ্ড হৈছে ফলপ্ৰসু সংকট যোগাযোগঃ এল আৰ বিশ্বনাথ

Posted On: 17 JUL 2020 2:37PM by PIB Guwahati

''দক্ষতাপূৰ্ণ সংকট মোকাবিলাৰ মেৰুদণ্ড হৈছে ফলপ্ৰসু সংকট যোগাযোগ'', এই কথা কয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মহা সঞ্চালকালয়ৰ উত্তৰ-পূব মণ্ডলৰ বিভাগীয় মুৰব্বী শ্ৰী এল আৰ বিশ্বনাথে আজি প্ৰেছ ইনফৰমেচন ব্যুৰ', গুৱাহাটীয়ে আয়োজন কৰা এখন ভাব বিনিময় বৈঠকত তেওঁ এনেদৰে কয় ''সংকট যোগাযোগ, সংকট মোকাবিলাআৰুচৰকাৰীকামকাজ'' শীৰ্ষকমত বিনিময় বৈঠক খন অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰী আৰু ফেকাল্টীসকলৰ মাজত অনুষ্ঠিত হয়

এই মত বিনিময় বৈঠকৰ প্ৰধান উদ্দেশ্য আছিল সংকটৰ সময়ছোৱাত তথ্য প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰী তথ্য প্ৰণালীয়ে কেনেদৰে কাম কৰে সেই সম্পৰ্কে তেওঁলোকক অৱগত কৰোৱা

সংকট যোগাযোগৰ ওপৰত বক্তব্য ৰাখি শ্ৰী বিশ্বনাথে কয় যে সংকটৰ সময়ত যোগাযোগ অব্যাহত ৰখাটো অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰে তেতিয়াই যেতিয়া কি বিষয়ক লৈ আৰু কেনেকৈ যোগাযোগ কৰিব সেই প্ৰসংগ আহি পৰে তেওঁ লগতে কয় যে সংকটৰ সময়ত নিয়োজিত সময়ৰ কথা আহি পৰে আৰু সেয়ে যোগাযোগৰ বিৱৰণ আৰু ইয়াৰ গ্ৰহণ কৰোতাক অগ্ৰাধিকাৰ দিব লাগে

শ্ৰী বিশ্বনাথে সংকট যোগাযোগ, সংকট মোকাবিলা আৰু চৰকাৰী কামকাজৰ ওপৰত বক্তব্য ৰাখে আৰু ইয়াৰ পিছতে এক প্ৰশ্নোত্তৰ বৈঠক অনুষ্ঠিত হয় মত বিনিময় বৈঠকত প্ৰায় ২০জন অংশ গ্ৰহণকাৰী উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু ফেকাল্টী সকলে প্ৰশ্নোত্তৰ বৈঠকত সক্ৰিয়ভাৱে ভাগ লয়

ছাত্ৰ-ছাত্ৰীসকলৰ  বাবে এনেকুৱা মত বিণিময় বৈঠক অনুষ্ঠিত কৰা বাবে অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ গণ সংযোগ বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপক ড৹ খাবা কাবিয়ে প্ৰেছ ইনফৰমেচন ব্যুৰ', গুৱাহাটীৰ লগতে শ্ৰী এল আৰ বিশ্বনাথৰ প্ৰতি ধন্যবাদজ্ঞাপনকৰে

আজিৰ বৈঠকত আদৰণি ভাষণ দিয়ে প্ৰেছ ইনফৰমেচন ব্যুৰ', গুৱাহাটীৰ যুটীয়া সঞ্চালক শ্ৰীমতী কীৰ্তি তিৱাৰীয়ে আৰু বৈঠকৰ আঁত ধৰে ৰিজিঅনেল আউটৰিচ ব্যুৰ', গুৱাহাটীৰ ফিল্ড এগজিভিচন অফিচাৰ শ্ৰীমতী হীৰামণি দাসে

***********


(Release ID: 1639392) Visitor Counter : 116
Read this release in: English