তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
পিআইবি, গুৱাহাটীৰদ্বাৰা অসম ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় অনুষ্ঠান সম্পন্ন
চৰকাৰী প্ৰচাৰ বাস্তৱসন্মত হোৱাৰলগতে বিস্তৃতভাৱেপ্ৰসাৰিতহ’ব লাগেঃএল.আৰ. বিশ্বনাথ
Posted On:
16 JUL 2020 6:27PM by PIB Guwahati
“চৰকাৰী প্ৰচাৰ বাস্তৱসন্মতআৰুকাৰ্যকৰী কৰাত সহজ হোৱাৰলগতে জনসাধাৰণৰ ওচৰ পাব পৰাকৈ ইয়াৰ বিস্তৃত প্ৰসাৰ থকাটো উচিত”, এই বক্তব্য তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ উত্তৰ পূব মণ্ডলৰ বিভাগীয় মুৰব্বী শ্ৰী এলআৰ বিশ্বনাথৰ।প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’, গুৱাহাটীৰদ্বাৰা আজি আয়োজিত এক মত-বিনিময় অনুষ্ঠানত ভাগ লৈ তেওঁ এইদৰে কয়।শিৱসাগৰস্থিত অসম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিঅৱকো-অপাৰেটিভমেনেজমেণ্টৰৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলৰ সৈতে অনুষ্ঠিত এই মত-বিনিময় অনুষ্ঠানটিৰ বিষয় আছিল “তথ্য, যোগাযোগ আৰু প্ৰচাৰ- চৰকাৰী সা-সুবিধা-সেৱা আগবঢ়োৱাৰ মূলমন্ত্ৰ”।
এই মত-বিনিময় অনুষ্ঠানটিৰ মূল উদ্দেশ্য আছিল তথ্য প্ৰচাৰৰ অৰ্থে চৰকাৰী তথ্য প্ৰণালীয়ে কেনেকৈ কাৰ্য সম্পাদন কৰে আৰু ইয়াৰ প্ৰচাৰ কাৰ্যক্ৰমৰ জৰিয়তে সাধাৰণ লোকৰ কাষলৈ তথ্যসমূহ কিদৰে লৈ যোৱা হয় সেই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক অৱগত আৰু এইক্ষেত্ৰত তেওঁলোকৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰা।
চৰকাৰী প্ৰচাৰ কাৰ্য-কলাপ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি শ্ৰী বিশ্বনাথে কয় যেলক্ষ্যস্থানলৈ বিস্তৃত প্ৰসাৰৰ অবিহনে সা-সুবিধা-সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ফলপ্ৰসূতা বজাই ৰাখিব নোৱাৰি।স্থানীয় বিষয়বস্তুৰে প্ৰচাৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে স্থানীয় বিষয়বস্তুৰে তথ্যক অৱশ্যেই সমৃদ্ধ কৰিব লাগে যাৰ জৰিয়তে লক্ষ্য কৰি লোৱা জনসাধাৰণৰ ওপৰত বিস্তৃত প্ৰভাৱ পৰাটো সম্ভৱ হৈ উঠে।তেওঁ তদুপৰি কয় যে লক্ষ্য কৰি লোৱা লোকসকলৰ ভৌগলিক এলেকা, ভাষা, জাতীয়তা আৰু সংস্কৃতি সাপেক্ষে যোগাযোগৰ বিষয়বস্তু যুগুত কৰাটো উচিত।
শ্ৰী বিশ্বনাথে তথ্য, যোগাযোগ আৰু প্ৰচাৰ- চৰকাৰী সা-সুবিধা-সেৱা আগবঢ়োৱাৰ মূলমন্ত্ৰ সন্দৰ্ভত প্ৰেজেনটেশ্যন আগবঢ়াই শেষত এই সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে।এই মত-বিনিময় অনুষ্ঠানটিত প্ৰায় ২০ অংশগ্ৰহণকাৰী উপস্থিত থাকে।অসম ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে প্ৰশ্নোত্তৰ শিতানটোত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
অসম ৰাজীৱ গান্ধীইউনিভাৰ্চিটিঅৱকো-অপাৰেটিভমেনেজমেণ্ট , শিৱসাগৰৰ স্কুল অৱ কালচাৰ এণ্ড মিডিয়াৰ সহকাৰী অধ্যাপক শ্ৰীমতী অমৃতা দেৱীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লাভালাভৰ অৰ্থে এনে মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’, গুৱাহাটীক কৃতজ্ঞতা জনোৱাৰ লগতে এই মত-বিনিময় অনুষ্ঠানত ভাগ লোৱাৰ বাবে শ্ৰী এলআৰ বিশ্বনাথকো কৃতজ্ঞতা জ্ঞাপন কৰে।
আজিৰ অনুষ্ঠানটিত প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’, গুৱাহাটীৰ যুটীয়া সঞ্চালক শ্ৰীমতী কীৰ্তি তিৱাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰে আৰু অনুষ্ঠানটিৰ আঁত ধৰেপ্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’, গুৱাহাটীৰ তথ্য সহকাৰী শ্ৰীমতী বৰ্ণালী মহন্তই।
********
(Release ID: 1639117)
Visitor Counter : 107