তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

অসম বিশ্ববিদ্যালয়ৰ পিজি, ইউজি, সংহত পাঠ্যক্ৰম আৰু ছেমিষ্টাৰ পৰীক্ষা স্থগিত

বাতিল হ’ল বুলি সংবাদ মাধ্যমত মিছা বাতৰি প্ৰচাৰ

Posted On: 30 JUN 2020 6:49PM by PIB Guwahati

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে স্নাতকোত্তৰ, প্ৰাক-স্নাতক আৰু ষাণ্মাষিক পৰীক্ষাসমূহ বাতিল কৰিছে বুলি বিভিন্ন সংবাদ মাধ্যমত এটা বাতৰি প্ৰচাৰ হৈছে। এই বাতৰিটোত তদুপৰি প্ৰকাশ পাইছে যে অসম বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক (ভাৰপ্ৰাপ্ত) শ্ৰী এল. বজেন সিঙে ৰাজ্যখনত কভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ২০২০ শিক্ষাবৰ্ষৰ পিজি, ইউজি, সংহত পাঠ্যক্ৰমসমূহ আৰু আনাকি ষাণ্মাষিক পৰীক্ষাসমূহো বাতিল কৰা হৈছে বুলি জনাইছে।

অসম বিশ্ববিদ্যালয়ে এনে বাতৰিক বিভ্ৰান্তিকৰ আখ্যা দিছে। এক অধিকাৰিক অধিসূচনাৰ জৰিয়তে অসম বিশ্ববিদ্যালয়ে স্পষ্ট কৰি দিছে যে পূৰ্বে ২০২০ ৰ জুলাই মাহত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱা পিজি, ইউজি, সংহত পাঠ্যক্ৰমসমূহ আৰু ষাণ্মাষিক পৰীক্ষা পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্তহে স্থগিত ৰখা হৈছে।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে অসম বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ বাতিল কৰা হৈছে বুলি প্ৰকাশিত বাতৰিসমূহ বিভ্ৰান্তিকৰ আৰু মিছা। বিশ্ববিদ্যালয়খনে মাত্ৰ পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকেহে পৰীক্ষাসমূহ স্থগিত ৰাখিছে। যথোপযুক্ত সত্যাসত্য অবিহনে এনে বাতৰি প্ৰকাশ বা প্ৰচাৰৰপৰা সকলো বিৰত থাকিব লাগে।



(Release ID: 1635451) Visitor Counter : 61


Read this release in: English