তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ক’ভিড-১৯ৰ লকডাউনৰ সময়ছোৱাত পিএমজিকেৱাইৰ সাফল্যসমূহ আলোকপাত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে উত্তৰ পূৰ্বাঞ্চল মণ্ডলৰ প্ৰেছ ইনফ’ৰ্মেছন ব্যুৰ’ই
Posted On:
29 APR 2020 7:19PM by PIB Guwahati
বিভিন্ন চৰকাৰী আঁচনিসমূহৰ তথ্য প্ৰচাৰ তথা নিৰ্ভৰযোগ্য সংবাদ প্ৰচাৰৰ ক্ষেত্ৰত প্ৰেছ ইনফ’ৰ্মেছন ব্যুৰ’ই সদায়েই অগ্ৰণী ভূমিকা পালন কৰি আহিছে৷ লকডাউনৰ সময়ছোৱাত প্ৰকৃত তথ্য বিশেষভাৱে গুৰুত্বপূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত পিআইবিয়ে চৰকাৰ আৰু জনসাধাৰণৰ মাজত এক নিৰ্ভৰযোগ্য সাঁকোৰ ভূমিকা পালন কৰিছে৷
ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত জনসাধাৰণক সকাহ প্ৰদান কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু পিআইবিয়ে ভাৰত চৰকাৰে প্ৰণয়ন কৰা সেই বিশেষ কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা প্ৰদান কৰাৰ লগতে হিতাধিকাৰীসকলৰ অভিজ্ঞতাসমূহৰ সাফল্যৰ কাহিনী হিচাপে আলোকপাত কৰি আহিছে৷ উত্তৰ পূৰ্বাঞ্চলতো সন্মুখৰ শাৰীৰ স্বাস্থ্য কৰ্মী, কৃষকৰ বাবে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ আঁচনিসমূহ যেনে পিএমজিকেএৱাই, পিএমজিকেইউৱাই আৰু ভৱন তথা নিৰ্মাণখণ্ডৰ সৈতে জড়িত কৰ্মীসকলৰ বাবে পিএমজিকেপি আদিৰ সুবিধা লাভৰ প্ৰতিবেদনসমূহ পিআইবি, উত্তৰ পূৰ্বাঞ্চল মণ্ডলে নিয়মীয়াকৈ প্ৰকাশ কৰি আহিছে৷ আজি পৰ্যন্ত পিআইবি, উত্তৰ পূৰ্বাঞ্চল মণ্ডলে ৩৫২টা সাফল্যৰ কাহিনী প্ৰকাশ কৰিছে৷
ঠিক সেইদৰে, পিআইবিয়ে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ছ’চিয়েল মিডিয়া আৰু অন্যান্য পৰম্পৰাগত মাধ্যমযোগে প্ৰচাৰিত ভুৱা খবৰসমূহ ৰোধ কৰিবলৈ ফেক্ট চেক শীৰ্ষক প্ৰতিবেদনো প্ৰস্তুত কৰি আহিছে৷ যিহেতু ভুৱা খবৰ আৰু উৰাবাতৰিয়ে জনসাধাৰণৰ মাজত ভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে, সেয়ে পিআইবিয়ে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি এই ভুৱা খবৰসমূহ ৰোধ কৰাৰ প্ৰয়াস কৰিছে৷ আজি পৰ্যন্ত পিআইবি উত্তৰ পূৰ্বাঞ্চল মণ্ডলে অঞ্চলটোত প্ৰচাৰ হোৱা ১৩টা ভুৱা বাতৰি নস্যাৎ প্ৰতিপন্ন কৰিছে৷
(Release ID: 1619335)
Visitor Counter : 157