ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবলৈ গুৰুত্বপূৰ্ণ মানৱ উৎসৰ এক অনলাইন ডাটা-পুল মুকলি কৰিলে ভাৰত চৰকাৰে

ক’ভিড-১৯ প্ৰতিহত কৰিবলৈ বিভিন্ন কাৰ্যাৱলীৰ বাবে মানৱ উৎসৰ এক বৃহৎ ব্যৱস্থাৰ তথ্য ৰাজ্যিক আৰু জিলা ভিত্তিত উল্লেখ থাকিব ডেশ্বব’ৰ্ডত

মানৱ উৎসসমূহৰ বাবে অনলাইন প্লেটফৰ্মটো ব্যৱহাৰ কৰিবলৈ আহ্বান ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু স্থানীয় নিকায়সমূহক

iGOT প্লেটফৰ্মত গুৰুত্ব আৰোপেৰে অনলাইন মডিউলযোগে স্বাস্থ্যকৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান

Posted On: 19 APR 2020 7:28PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য, জিলা আৰু পৌৰ পৰ্যায়ত ক্ষেত্ৰভিত্তিক প্ৰশাসনৰ দ্বাৰা ব্যৱহাৰৰ বাবে NYKs, NCC NSS, PMGKVY, প্ৰাক্তন সৈনিকসকলৰ তৰফৰ পৰা আগবঢ়োৱা স্বেচ্ছাসেৱক, স্বাস্থ্যকৰ্মী চিকিৎসক, আয়ুস চিকিৎসক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মীসকলৰ এক অনলাইন ডাটাবেছ বা পুল সৃষ্টি কৰিছে https://covidwarriors.gov.in ত। এই তথ্যসমূহ নিয়মিতভাৱে আপডেক কৰা এক ডেশ্বব’ৰ্ডত আপলোড কৰা হৈছে। ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবলৈ এই ডেশ্বব’ৰ্ডত সন্নিৱিষ্ট লোকসকলক গুৰুত্বপূৰ্ণ মানৱ উৎস হিচাপে অভিহিত কৰা হৈছে। ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্যৰ সকলো মুখ্য সচিবকে এমএছএমইৰ সচিব তথা মানৱ সম্পদৰ ভেটিত গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন গোটৰ ৪ৰ্থটো গোটৰ অধ্যক্ষ অৰুণ কুমাৰ পাণ্ডা আৰু কৰ্মচাৰী প্ৰশিক্ষণ বিভাগৰ সচিব ড. চি চন্দ্ৰমৌলিয়ে এক যুটীয়া পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত কেনেদৰে এই ডেশ্বব’ৰ্ড পৰিচালনা কৰিব লাগিব, চিকিৎসাকৰ্মী তথা স্বেচ্ছাসেৱকসকলৰ সবিশেষ তথ্য কেনেদৰে উপলব্ধ হ’ব সকলোবোৰ দিশ বিতংকৈ উল্লেখ কৰা হৈছে। ইয়াত আছে ৰাজ্য ভিত্তিক আৰু জিলা ভিত্তিক মানৱ উৎসসমূহৰ এক বৃহৎ তথ্য ভাণ্ডাৰ, য’ত ন’ডেল বিষয়াসকলৰ যোগাযোগৰ সবিশেষো উল্লেখ কৰা হৈছে।


পত্ৰত উল্লেখ কৰা হৈছে যে উপলব্ধ কৰ্মীৰ ভিত্তিত ৰোগৰ সংক্ৰমণ ব্যৱস্থাপনা/নিয়ন্ত্ৰণ ব্যৱস্থা সাজু কৰিবলৈ বিভিন্ন কৰ্তৃপক্ষৰ বাবে এই ডেশ্বব’ৰ্ড উপলব্ধ হ’ব। প্ৰতিটো গোটৰ বাবে একোগৰাকীকৈ ন’ডেল বিষয়াই সমন্বয়ৰক্ষী হিচাপে কাম কৰিব। এই ডাটাবেছটো বিভিন্ন স্বেচ্ছাসেৱকক বেংক, ৰেচন বা গেলামালৰ দোকান, পাইকাৰী বজাৰ আদিত সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত নিয়োগ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যাব, লগতে এইসকল স্বেচ্ছাসেৱকক বয়োজ্যেষ্ঠ, দিব্যাঙ্গ আৰু অনাথ লোকসকলক সহায়ৰ বাবেও ব্যৱহাৰ কৰিব পৰা যাব। ই লগতে ৰাজ্যসমূহক এটা স্থানৰ পৰা আন এটা স্থানলৈ ব্যৱহাৰৰ বাবে স্থানান্তৰ কৰাৰ ক্ষেত্ৰতো সহায় কৰিব।

পত্ৰখনত iGOT শীৰ্ষক অনলাইন প্ৰশিক্ষণ মডিউলৰ ব্যৱহাৰ কৰাৰ আহ্বান জনোৱা হৈছে। উল্লেখ্য যে এই মডিউলটো চৰকাৰী অনলাইন ট্ৰেইনিং প’ৰ্টেল https://igot.gov.in ত উপলব্ধ হৈছে। ইয়াৰ যোগেদি ইতিমধ্যেই চিকিৎসক, নাৰ্ছ, পেৰামেডিকেল চিকিৎসা কৰ্মী, চাফাই কৰ্মী, টেকনিচিয়ান, আয়ুষ চিকিৎসক আৰু কৰ্মচাৰী আৰু অন্যান্য স্বেচ্ছাসেৱকসকলৰ সামৰ্থ্য উন্নয়ন তথা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।


এই প্লেটফৰ্মে যিকোনো ডিভাইচ (মোবাইল/লেপটপ/ডেস্কটপ)ৰ যোগেদি যিকোনো সময়তেই প্ৰশিক্ষণৰ বিভিন্ন পুস্তিকা/মডিউলৰ অনছাইট ডেলিভাৰী প্ৰদান কৰে। ইতিমধ্যেই ১২ টা পাঠ্যক্ৰমৰ অংশ হিচাপে ৪৪ টা মডিউল এই প্লেটফৰ্মত উপলব্ধ হৈছ, য’ত সন্নিৱিষ্ট আছে ১০৫ টা ভিডিঅ’ আৰু ২৯ টাকৈ ডকুমেণ্ট। এই পাঠ্যক্ৰমত ক’ভিডৰ প্ৰাথমিক দিশবোৰৰ এক আলোকপাত, সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ, পিপিইৰ ব্যৱহাৰ, কোৰেণ্টাইন আৰু আইছ’লেশ্যন ব্যৱস্থাপনাৰ দিশবোৰ উল্লেখ কৰা হৈছে। তদুপৰি পৰীক্ষাগাৰৰ নমুনা সংগ্ৰহ আৰু পৰীক্ষণ, আইচিইউৰ যতন, ভেণ্টিলেশ্যন ব্যৱস্থাপনা আদি দিশো উল্লেখ কৰা হৈছে এই পাঠ্যক্ৰমত। ৰাজ্য/জিলা তথা স্থানীয় নিকায়সমূহক জৰুৰীকালীনভাৱে এই চিনাক্তকৃত উৎসসমূহক এই প্লেটফৰ্মৰ যোগেদি প্ৰশিক্ষণ প্ৰদান কৰাৰ নিৰ্দেশ দিয়া হৈছে।


স্মৰ্তব্য যে দেশত ক’ভিড-১৯ সংক্ৰান্তীয় বিভিন্ন প্ৰত্যাহ্বান তথা সমস্যাৰ সমাধান উলিয়াবৰ বাবে তথা পৰিকল্পনা সাজু কৰিবলৈ ভাৰত চৰকাৰে ১১ টা উচ্চ ক্ষমতাসম্পন্ন গোট গঠন কৰি দিছে। ইয়াৰে ৪ৰ্থটো উচ্চ ক্ষমতাসম্পন্ন গোটটোৰ নেতৃত্ব দিছে এমএছএমইৰ সচিব ড. পাণ্ডাই।

 

********


RCJ/RD



(Release ID: 1616335) Visitor Counter : 185