স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ৰোনা ভাইৰাছৰ বাবে অতিৰিক্ত ভ্ৰমণ পৰামৰ্শ (I)
Posted On:
11 MAR 2020 10:09AM by PIB Guwahati
সম্প্ৰতি সমগ্ৰ বিশ্বৰে ১০০ ৰো অধিক দেশত ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা ঘটনা দেখিবলৈ পোৱা গৈছে। এই দেশসমূহলৈ ভ্ৰমণ কৰা লোকসকলে অথবা বিদেশ ভ্ৰমণৰ বাবে যোৱা লোকসকলে ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনীয়তা আছে, সেয়া তেওঁলোক সেই দেশত থকা অৱস্থাত বা বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত সংস্পৰ্শলৈ আহিব পাৰে। এই দেশসমূহৰ ভিতৰত কিছু কিছু দেশত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা যথেষ্ট সংখ্যক দেখা গৈছে। তদুপৰি এইবোৰ দেশত মৃত্যু হোৱা ৰোগীৰ সংখ্যাই ব্যাপকভাৱে শংকা কঢ়িয়াই আনিছে।
৬ মাৰ্চ, ২০২০ তাৰিখে প্ৰকাশ কৰা সামগ্ৰিক ভ্ৰমণ পৰামৰ্শাৱলীৰ উপৰিও তলত কিছু ভ্ৰমণ সম্পৰ্কীয় পৰামৰ্শ আগবঢ়োৱা হৈছে -
- বিদেশৰ পৰা ভাৰতলৈ উভতি অহা সকলো যাত্ৰীয়েই নিজৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি চোকা নজৰ ৰাখক আৰু চৰকাৰৰ দ্বাৰা ক’ৰোনা ভাইৰাছ সন্দৰ্ভত আগবঢ়োৱা কৰণীয় আৰু অকৰণীয় দিশবোৰ সুচাৰুৰূপে অনুসৰণ কৰক।
- ইয়াৰ উপৰিও, চীন, হংকং, কোৰিয়া, জাপান, ইটালী, থাইলেণ্ড, ছিংগাপুৰ, ইৰাণ, মালয়েছিয়া, ফ্ৰান্স, স্পেইন আৰু জাৰ্মানী ভ্ৰমণ কৰা সকলো ভ্ৰমণকাৰী যাত্ৰীকে তেওঁলোকে ভাৰতত উপস্থিত হোৱাৰ পিছত ১৪ দিনলৈ নিজকে আছুতীয়াকৈ ৰাখি স্বাস্থ্য সম্পৰ্কে তদাৰকী ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াৰ ভিতৰত যদিহে কোনো যাত্ৰীয়ে কোনো প্ৰতিষ্ঠান/সংস্থাত কৰ্মৰত হৈ আছে, তেন্তে সেইসকল কৰ্মচাৰীৰ সংশ্লিষ্ট নিয়োগকৰ্তাক সেইসকল কৰ্মীক এই সময়ছোৱাত ঘৰৰ পৰাই কাম কৰাৰ সুবিধা প্ৰদান কৰাৰ অনুৰোধ জনোৱা হৈছে।
- ভিছা বাতিল কৰাৰ উপৰিও ইতিমধ্যে প্ৰকাশ কৰা নিৰ্দেশাৱলীৰ যোগেদি ফ্ৰান্স, জাৰ্মানী আৰু স্পেইনৰ যিসকল নাগৰিকলৈ ১১ মাৰ্চ ২০২০ তাৰিখ বা তাৰ পূৰ্বে নিয়মীয়া ভিছা (ই-ভিছাৰ লগতে) প্ৰদান কৰা হৈছে আৰু যিসকলে এই পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা নাই, সেই আটাইবোৰ ভিছা তাৎক্ষণিকভাৱে বাতিল কৰাৰ কথা ঘোষণা কৰা হৈছে।
- ১ ফেব্ৰুৱাৰী ২০২০ তাৰিখ বা তাৰ পিছত সংশ্লিষ্ট দেশসমূহলৈ ভ্ৰমণ কৰা যিসকল বিদেশী লোকক ইতিমধ্যেই নিয়মিত ভিছা (ই ভিছাৰ লগতে) প্ৰদান কৰা হৈছে আৰু যিসকল বিদেশী লোক এতিয়াও ভাৰতত প্ৰৱেশ কৰা নাই তেওঁলোকৰ ভিছা বাতিল কৰাৰ কথা ঘোষণা কৰা হৈছে।
- ইতিমধ্যেই ভাৰতত থকা সকলো বিদেশী লোকৰ ভিছাৰ ম্যাদ বাহাল ৰখা হৈছে আৰু তেওঁলোকৰ ভিছাৰ ম্যাদ বৃদ্ধি কৰিবলৈ বা পৰিৱৰ্তন কৰিবলৈ অথবা তেওঁলোকৰ ইচ্ছানুসৰি বাচনি কৰাৰ ক্ষেত্ৰত কোনো কনছুলাৰ সেৱা লাভ কৰিবৰ বাবে e-FRRO মডিউলৰ জৰিয়তে নিকটৱৰ্তী FRRO/FRO ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।
এই সন্দৰ্ভত এক সবিশেষ জাননী ব্যুৰ’ অৱ ইমিগ্ৰেশ্যনৰ দ্বাৰা প্ৰকাশ কৰা হৈছে।
(Release ID: 1607021)
Visitor Counter : 77