তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

সাংবাদিকসকল সমাজৰ বন্ধু, দাৰ্শনিক তথা পথ প্ৰদৰ্শকৰ দৰেঃ অক্ষয় কুমাৰ মিশ্ৰ

বাৰ্তালাপে সাংবাদিকসকলক চৰকাৰী আঁচনিসমূহৰ বিষয়ে অৱগত কৰাত সহায় কৰিবঃ গুণীন্দ্ৰ নাথ দাস, বিধায়ক

বৰপেটাত পিআইবিৰ ‘বাৰ্তালাপ’ শীৰ্ষক সংবাদ কৰ্মশালা অনুষ্ঠিত

Posted On: 03 MAR 2020 3:08PM by PIB Guwahati

গুৱাহাটীস্থিত প্ৰেছ ইনফৰ্মেছন ব্যুৰৰ উদ্যোগত তথা বৰপেটা জিলা প্ৰশাসনৰ সহযোগত আজি বৰপেটাত অনুষ্ঠিত হোৱা বাৰ্তালাপশীৰ্ষক এক সংবাদ কৰ্মশালাত বৰপেটাৰ বিধায়ক শ্ৰী গুণীন্দ্ৰ নাথ দাসে ভাষণ প্ৰদান কৰি কয় যে সংবাদ মাধ্যমে চৰকাৰী আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক উপযুক্তভাৱে অৱগত কৰাটো প্ৰয়োজন৷ জনসাধাৰণৰ কল্যাণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা আঁচনিসমূহৰ বিষয়ে যাতে সমাজৰ প্ৰত্যেকজন ব্যক্তি অৱগত হব পাৰে তাৰবাবে সক্ৰিয় সাংবাদিকতাৰ প্ৰয়োজন বুলি তেওঁ দোহাৰে৷ কৰ্মশালাখনত অংশগ্ৰহণ কৰা সাংবাদিকসকলক তেওঁ চৰকাৰৰ প্ৰধান আঁচনিসমূহ আলোকপাত কৰিবলৈ আহ্বান জনায়৷ চৰকাৰী আঁচনিসমূহক সাফল্যমণ্ডিত কৰি তোলাৰ উদ্দেশ্যে সমাজত ধনাত্মক বাৰ্তা প্ৰচাৰ কৰিবলৈও বিধায়কগৰাকীয়ে সাংবাদিকসকলক আহ্বান জনায়৷

    কৰ্মশালাখনত ভাষণ প্ৰদান কৰি বৰপেটা জিলাৰ উপাযুক্ত শ্ৰী মুনীন্দ্ৰ শৰ্মাই জিলাখনত নৱজাতকৰ মৃত্যুৰ পৰিঘটনা তথা এই সন্দৰ্ভত টীকাকৰণৰ অধিক সজাগতা প্ৰদানৰ প্ৰয়োজন বুলি উল্লেখ কৰে৷ তেওঁ সাংবাদিকসকলক মিছন ইন্দ্ৰধনুশৰ দৰে  আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক সজাগতা প্ৰদান কৰিবলৈ আহ্বান জনায়৷ বিভিন্ন জিলাত প্ৰেছ ইনফৰ্মেছন ব্যুৰই আয়োজন কৰা এনে ধৰণৰ কৰ্মশালাৰ পদক্ষেপক প্ৰশংসা কৰি ইয়াৰ জৰিয়তে সমাজৰ বিভিন্ন বৰ্গই উপকৃত হব বুলি তেওঁ উল্লেখ কৰে৷ আনহাতে অভিজ্ঞ সাংবাদিক তথা লিখক শ্ৰী অক্ষয় কুমাৰ মিশ্ৰই তেওঁৰ ভাষণত সাংবাদিকসকলক সমাজৰ বন্ধু, দাৰ্শনিক তথা পথ প্ৰদৰ্শক বুলি অভিহিত কৰে৷ সমাজত উপযুক্ত বাৰ্তা প্ৰচাৰ কৰিবলৈ সাংবাদিকসকল সততে উন্মুখ হৈ থকাটো প্ৰয়োজন বুলি উল্লেখ কৰি শ্ৰী মিশ্ৰই কয় যে সাংবাদিকসকলে সমাজৰ কল্যাণৰ বাবে কাম কৰিব লাগে আৰু নিৰপেক্ষভাৱে সকলো নাগৰিকসকলৰ মাজত উপযুক্ত বাতৰি প্ৰচাৰ কৰিব লাগে৷

    পিআইবি গুৱাহাটীৰ যুটীয় সঞ্চালক শ্ৰীমতী কীৰ্তি তিৱাৰীয়েও সাংবাদিকসকলক চৰকাৰী আঁচনিসমূহ তৃণমূল পৰ্যায়ৰ পৰা জনসাধাৰণক অৱগত কৰিবলৈ আহ্বান জনায়৷ প্ৰেছ ইনফৰ্মেছন ব্যুৰৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিষয়া শ্ৰী গোপজিৎ দাসে তেওঁৰ আদৰণি ভাষণত কৰ্মশালাখনৰ উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰি কয় যে চৰকাৰী নীতি, কাৰ্যসূচী আৰু আঁচনিসমূহৰ প্ৰচাৰৰ ক্ষেত্ৰত কাৰ্যকৰী যোগাযোগ আৰু প্ৰচাৰৰ প্ৰয়োজন৷

    বৰপেটা জিলাত প্ৰণয়ন হোৱা বিভিন্ন প্ৰযুক্তিগত পদক্ষেপসমূহৰ বিষয়ে বাৰ্তালাপত আলোচনা কৰা হয়৷ জিলা টীকাকৰণ বিষয়া ডাঃ ৰাজীৱ বৰবৰা, জ্যেষ্ঠ পৰিকল্পনা বিষয়া শ্ৰী ডি. এন. দাস, বৰপেটা লেখিকা সমাৰোহ সমিতিৰ অধ্যক্ষা শ্ৰীমতী নাঞ্জু দত্ত আৰু জিলা কৃষি বিষয়া শ্ৰী কৃষ্ণকান্ত পাঠকে মিছন ইন্দ্ৰধনুশ, মহিলা সৱলীকৰণ, সংখ্যালঘূৰ উন্নয়ন আদিৰ বিষয়ে আলোকপাত কৰে৷

  আজিৰ কৰ্মশালাখনৰ জৰিয়তে জিলা আৰু মহকুমা পৰ্যায়ত কৰ্মৰত সাংবাদিকসকল আৰু পিআইবিৰ মাজত এক আন্তঃফলক গঢ়ি তুলিবলৈ প্ৰয়াস কৰা হৈছে৷ এই কৰ্মশালাখন কৰ্মৰত সাংবাদিকসকলৰ সৈতে প্ৰত্যক্ষ যোগাযোগ স্থাপনৰ ক্ষেত্ৰত চৰকাৰৰ সংবাদ প্ৰচাৰৰ কাৰ্যসূচী হিচাপে বিবেচিত হৈছে৷

    উল্লেখ্য, আজিৰ কৰ্মশালাখনত বৰপেটা জিলাৰ প্ৰায় ১০০গৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে৷ জনকল্যাণমুখী আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ ক্ষেত্ৰত সাংবাদিকসকলৰ ভূমিকাৰ বিষয়ে আজিৰ কৰ্মশালাখনত আলোচনা কৰা হয়৷ 

***



(Release ID: 1605069) Visitor Counter : 82


Read this release in: English