তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

মিশ্যন ইন্দ্ৰধনুষ ২.০ সন্দৰ্ভত পৰ্যালোচনা কৰ্মশালাৰ আয়োজন আঞ্চলিক আউটৰীচ্চ ব্যুৰ’ গুৱাহাটীৰ
এক ভাৰত শ্ৰেষ্ঠ ভাৰত সম্বন্ধীয় প্ৰদৰ্শনী আয়োজন

Posted On: 28 FEB 2020 6:01PM by PIB Guwahati

ভাৰতৰ ভাৰত শ্ৰেষ্ঠ ভাৰত হৈছে ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্য উপস্থাপন কৰিবৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা এক অনবদ্য প্ৰয়াস। এই কথা আজি এক ভাৰত শ্ৰেষ্ঠ ভাৰত বিষয়বস্তুৰ আধাৰত গুৱাহাটীৰ গ্ৰীণউড ৰিজ’ৰ্টত আয়োজিত এক প্ৰদৰ্শনী তথা মিছন ইন্দ্ৰধনুষৰ ওপৰত আয়োজিত পৰ্যালোচনা কৰ্মশালাত অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত ব্যক্ত কৰে ছেবাৰ অধ্যক্ষ শ্ৰী ৰমেশ চান্দ জৈনে। তেওঁ উল্লেখ কৰে যে ৰাজস্থানৰ সৈতে সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত অসমৰ যথেষ্ট সাদৃশ্য আছে আৰু অসমৰ সাংস্কৃতিক প্ৰাচুৰ্যৰ বিষয়ে ৰাজস্থানৰ লোকসকল অৱগত। যিদৰে দুয়োখন ৰাজ্যৰে সুন্দৰ ভাতৃত্ববোধ উপস্থাপনেৰে ৰাজস্থানী সংস্কৃতি আমাৰ ৰাজ্যতো প্ৰতিফলিত হয়।

উল্লেখ্য যে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত ৰিজিঅ’নেল আউটৰীচ্চ ব্যুৰ’ গুৱাহাটীয়ে মিছন ইন্দ্ৰধনুষ ২.০ ৰ ওপৰত এদিনীয়া কাৰ্যসূচীৰে এক পৰ্যালোচনা কৰ্মশালাৰ লগতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধাৰত এক প্ৰদৰ্শনীৰো আয়োজন কৰে।

ইফালে আজিৰ এই অনুষঅঠানত উপস্থিত থাকি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূৱ মণ্ডলৰ সঞ্চালক প্ৰধান এল আৰ বিশ্বনাথে সমগ্ৰ ৰাজ্যৰে এই শিল্পীগোটসমূহৰ অনবদ্য প্ৰদৰ্শনৰ বাবে তেওঁলোকৰ শলাগ লয় আৰু কৃতজ্ঞতা জনায়।

অনুষ্ঠানত পিআইবি গুৱাহাটীৰ যুটীয়া সঞ্চালিকা কীৰ্তি তিৱাৰী, ৰিজিঅ’নেল আউটৰিচ্চ ব্যুৰ’ৰ উপ-সঞ্চালক ড. আহমেদ মুয়িন ফাৰুকীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দ্বাৰা অসমৰ বিভিন্ন প্ৰান্তত মিছন ইন্দ্ৰধনুষৰ অধীনত গ্ৰহণ কৰা বিভিন্ন কাৰ্যাৱলী সন্দৰ্ভত বিস্তৃতভাৱে অৱগত কৰে।

গুৱাহাটীৰ আঞ্চলিক আউটৰিচ্চ ব্যুৰ’ই মিছন ইন্দ্ৰধনুষৰ দ্বিতীয় সংস্কৰণৰ ব্যাপ্তি সন্দৰ্ভত ১৮০ খন বিশেষ সজাগতা অনুষ্ঠানৰ আয়োজন কৰিছে। এই অভিযানৰ অংশ হিচাপে ব্যুৰ’ৰ নৃত্যগোটসমূহে নৃত্য-গীত, নাটক আৰু বাটৰ নাটৰ মাধ্যমেৰে বিভিন্ন গাওঁলৈ গৈ বিভিন্ন দিশৰ সজাগতা প্ৰসাৰ কৰাৰ বাবে কাম কৰি আহিছে। বিশেষকৈ পুষ্টিহীনতাৰ সমস্যাত জৰ্জৰিত বুলি চিনাক্ত হোৱা জিলাসমূহক সামৰি লয় এই অভিযানে। ইতিমধ্যে অসমৰ এনে ১৮ খন জিলাত সজাগতা অভিযান চলোৱা হৈছে। এই জিলাসমূহ হৈছে ক্ৰমে ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, গোৱালপাৰা, ওদালগুৰি, বাক্সা, নগাওঁ, শোণিতপুৰ, গোলাঘাট, ধেমাজি, ডিমা হাছাও, শিৱসাগৰ, তিনিচুকীয়া হাইলাকান্দি, কৰিমগঞ্জ, বঙাইগাওঁ, ডিব্ৰুগড় আৰু দৰং। আজিৰ এই পৰ্যালোচনা অনুষ্ঠানত ভালেমান গোটৰ শীৰ্ষ বিষয়ববীয়াই অসমৰ বিভিন্ন দুৰ্গম প্ৰান্তত এনে অভিযান চলাওতে হোৱা অভিজ্ঞতা বৰ্ণনা কৰে।

উল্লেখ্য যে এক ভাৰত শ্ৰেষ্ঠ ভাৰত শীৰ্ষক প্ৰদৰ্শনীত উপস্থাপিত ফটো পেনেলসমূহে সামৰি লৈছে ক্ৰমে ৰাজস্থানৰ বিভিন্ন নৈসৰ্গিক দৃশ্যাৱলী, ৰাজস্থানী জীৱনশৈলী, লোককলা, সংগীত, নৃত্য আৰু ৰাজস্থানী খাদ্যাদি। নৃত্যগোটৰ শিল্পীসকলে বিভিন্ন ৰাজস্থানী নৃত্যশৈলী যেনে কালবেলিয়া, কাছিঘোড়ি, কাঠপুতলী, গাইৰ আৰু ঘুমৰ প্ৰদৰ্শন কৰে এই কৰ্মশালাত।

****************



(Release ID: 1604722) Visitor Counter : 123


Read this release in: English