প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুৱাহাটী উচ্চ ন্যায়ালয়ত মহাত্মা গান্ধীৰ ১৫০তম জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধানে ললিতা বীণাৰে উৎসৰ্গিত কৰিলে এক সাংগীতিক যুগলবন্দী

উল্লাস-উদ্দীপনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত উদযাপন কৰা হ’ল ৭১তম গণতন্ত্ৰ দিৱস

प्रविष्टि तिथि: 26 JAN 2020 3:50PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধান শ্ৰী এল আৰ বিশ্বনাথে মহাত্মা গান্ধীৰ ১৫০তম জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ললিতা বীণাৰে গান্ধীজীৰ প্ৰিয় ভজনবৈষ্ণৱ জন তো তেনে কহিয়ে এক বাদ্যযন্ত্ৰৰ সাংগীতিক যুগলবন্দী উৎসৰ্গিত কৰে৷ গুৱাহাটীৰ ৰিজিঅনেল আউটৰিচ্চ ব্যুৰ শিল্পীসকলৰ সৈতে সঞ্চালক প্ৰধানগৰাকীয়ে এই বাদ্যযন্ত্ৰৰ সংগীত পৰিৱেশন কৰে৷

গুৱাহাটী উচ্চ ন্যায়ালয়ত ৭১তম গণতন্ত্ৰ দিৱস ভিন্ন ৰঙী কাৰ্যসূচীৰ সৈতে ধুমধামেৰে পালন কৰা হয়৷ উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ শ্ৰী অজয় লাম্বাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছত গাৰ্ড অব্ নৰ আৰু মাৰ্চ পাষ্টেৰে গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচী মুকলি কৰা হয়৷

গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত ৰিজিঅনেল আউটৰিচ্চ ব্যুৰ শিল্পীসকলে ভাৰতীয় গণতান্ত্ৰিক দেশপ্ৰেমীসকলক উৎসৰ্গিত কৰিগণতন্ত্ৰ হামাৰা কীৰ্তিমানশীৰ্ষক এক অনুষ্ঠান পৰিৱেশন কৰে৷ ইয়াৰ পিছত পিআৰটিৰ দল তথা গীত আৰু নাটক শাখাৰ শিল্পীসকলে গিদা-ভাংগৰা পৰিৱেশন কৰে৷

গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত পৰিৱেশিত বিভিন্ন কাৰ্যসূচীয়ে জনসাধাৰণক আপ্লুত কৰি তুলিবলৈ সমৰ্থ হয়৷ অনুষ্ঠানত প্ৰখ্যাত বাঁহীবাদক শ্ৰী প্ৰভাত শৰ্মাইদেৱগন্ধৰপ্ৰস্তুত কৰাৰ লগতে বিভিন্ন পৰম্পৰাগত স্থানীয় লোকবাদ্যও পৰিৱেশন কৰা হয়৷ বিহুৱা শ্ৰী হীৰেণ কুমাৰ শৰ্মাৰ নেতৃত্বত বিহু নৃত্য প্ৰদৰ্শন কৰাৰ লগতে অনুষ্ঠানটোত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হাইকৰ্ট বাৰ এছচিয়েছন, উচ্চ ন্যায়ালৰ উকীল সন্থা আৰু পঞ্জীয়কৰ বিভিন্ন সদস্যই একাধিক দলীয় গীত পৰিৱেশন কৰে৷   


(रिलीज़ आईडी: 1600599) आगंतुक पटल : 163
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English