কৃষি মন্ত্ৰালয়
কেন্দ্ৰীয় ৰাজ্যিক কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী কৈলাশ চৌধুৰীয়ে
আজি গুৱাহাটীত মুকলি কৰে ২৪তম আইচিএআৰ আঞ্চলিক সন্মিলন
Posted On:
23 NOV 2019 3:43PM by PIB Guwahati
আজিৰে পৰা গুৱাহাটীস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আইচিএআৰ (ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ)ৰিচাৰ্ছ কমপ্লেক্সৰ মণ্ডল-৩ৰ এনইএইচ অঞ্চলৰ (অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ছিক্কিম আৰু ত্ৰিপুৰা)২৪তম আঞ্চলিক কমিটীৰ বৈঠক আৰম্ভ হৈছে৷ কেন্দ্ৰীয় ৰাজ্যিক কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী কৈলাশ চৌধুৰীয়ে আজি অসম চৰকাৰৰ কৃষি, উদ্যান-শস্য আৰু খাদ্য সংসাধন, পশুপালন তথা পশু চিকিৎসা আৰু নগৰ পৰিকল্পনা বিভাগৰ মন্ত্ৰী শ্ৰী অতুল বৰাৰ উপস্থিতিত উক্ত বৈঠকখন মুকলি কৰে৷
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ক্ষতিকাৰক সাৰৰ ব্যৱহাৰ ৰোধ কৰি বৰ্ধিত স্বাস্থ্যজনিত সমস্যা সমাধান কৰাৰ বাবে আহ্বান জনায়৷ শ্ৰী কৈলাশ চৌধুৰীয়ে প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে কৃষকসকলৰ সমস্যা সমাধান কৰি ২০২২ চনৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ প্ৰধানমন্ত্ৰীৰ বীক্ষণ সন্দৰ্ভত আলোকপাত কৰে৷ তেওঁ কয় যে কেভিকে (কৃষি বিকাশ কেন্দ্ৰ)য়ে অঞ্চলটোত অগ্ৰণী প্ৰযুক্তিসমূহৰ পৰীক্ষণ আৰু প্ৰদৰ্শনৰ জৰিয়তে প্ৰশংসনীয় কাম কৰি আছে আৰু কৃষক তথা তৰুণ প্ৰজন্মক নতুন প্ৰযুক্তি গ্ৰহণৰ বাবে প্ৰয়োজনীয় দক্ষতামূলক প্ৰশিক্ষণ প্ৰদান কৰি আছে৷
বৈঠকখনত উপস্থিত থাকি অসম চৰকাৰৰ কৃষি, উদ্যান-শস্য আৰু খাদ্য সংসাধন, পশুপালন তথা পশু চিকিৎসা আৰু নগৰ পৰিকল্পনা বিভাগৰ মন্ত্ৰী শ্ৰী অতুল বৰাই কয় যে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতিৰ প্ৰধান স্ৰোত কৃষি হোৱাৰ পৰিপ্ৰেক্ষিতত অন্য ৰাজ্যসমূহে পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰিৱৰ্তে উদ্যোগভিত্তিক তথা সেৱাভিত্তিক অৰ্থনীতিলৈ অগ্ৰসৰ হোৱাৰ বিপৰীতে অসম এইক্ষেত্ৰত এতিয়াও পিছ পৰি আছে৷ এই ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয় আৰু অন্যান্য কৃষি বিশ্ববিদ্যালয় তথা গৱেষণা প্ৰতিষ্ঠানসমূহে আইচিএআৰৰ সহযোগত শস্য উৎপাদনৰ শ্ৰেষ্ঠতম উপায়সমূহ সন্ধান কৰাটো উচিত বুলি তেওঁ জানিবলৈ দিয়ে৷ তেওঁ কয় যে উদ্যান-শস্যৰ ক্ষেত্ৰত ইয়াক বাণিজ্যিকীকৰণ কৰাৰ বাবে ফল, শাক-পাচলি, মচলা আদিৰ শস্যৰ উৎপাদন বৃদ্ধি কৰাটো আৱশ্যক৷
আৰচিএমৰ ডিডিজি (শিক্ষা) আৰু নোডেল বিষয়া ডঃ আৰ চি অগ্ৰৱালে কয় যে আইচিএআৰে কৃষিজাত উৎপাদন বৃদ্ধিৰ বাবে সমাধান সন্ধানত গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে আঞ্চলিক কমিটীৰ উদ্দেশ্য হ’ল গৱেষক আৰু ৰাজ্য চৰকাৰৰ কাৰ্যকৰ্তাসকলৰ মাজত শেহতীয়া গৱেষণা তথা কৃষিখণ্ডত প্ৰশিক্ষণৰ প্ৰয়াসৰ ক্ষেত্ৰত থকা আসোঁৱাহসমূহ চিনাক্ত কৰাৰ এখন মঞ্চ প্ৰদান কৰা৷ ইয়াৰ জৰিয়তে অগ্ৰাধিকাৰ বিষয়সমূহ চিনাক্ত কৰি আগন্তুক দুটা বৰ্ষৰ গৱেষণাৰ এজেণ্ডা আৰু শিক্ষাৰ প্ৰসাৰণৰ পদক্ষেপো গ্ৰহণ কৰা হ’ব৷ আইচিএআৰে কৃষি-জলবায়ু অঞ্চলভিত্তিত আঠটা আঞ্চলিক কমিটী স্থাপন কৰিছে৷
বৈঠকখনৰ মুকলি অনুষ্ঠানত অতিৰিক্ত সচিব আৰু বিত্তীয় উপদেষ্টা (ডিএআৰই/আইচিএআৰ)শ্ৰী বি প্ৰধান আৰু সচিব, ডিএআৰই আৰু ডিজি, আইচিএআৰ ডঃ টি মহাপাত্ৰইও ভাষণ প্ৰদান কৰে৷
উল্লেখ্য, বৈঠকখনত অঞ্চলটোৰ আইচিএআৰৰ উপ সঞ্চালক, সহকাৰী সঞ্চালক, বিভিন্ন কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল, আইচিএআৰৰ জ্যেষ্ঠ বিষয়া, অধ্যাপক আৰু বিজ্ঞানীসকলকে ধৰি ১৫০তকৈও অধিক প্ৰতিনিধি উপস্থিত আছিল৷
(Release ID: 1593258)
Visitor Counter : 85