প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বেৰ চাহেব গুৰুদ্বাৰত সশ্ৰদ্ধ প্ৰণিপাত জনালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 09 NOV 2019 10:34AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুলতানপুৰ লোধীৰ বেৰ চাহেব গুৰুদ্বাৰত সশ্ৰদ্ধ প্ৰণিপাত জনায়৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীক সংগ দিয়ে কেন্দ্ৰীয় খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰী শ্ৰীমতী হৰছিমৰৎ কৌৰ বাদল, পাঞ্জাৱৰ ৰাজ্যপাল ভি. পি. সিং বাদনোৰ আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে৷

গুৰুদ্বাৰৰ মুল চৌহদৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে প্ৰাৰ্থনা জনোৱাৰ লগতে তেওঁকো পুৰোহিতসকলে এখনি বস্ত্ৰ উপহাৰ দিয়ে৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে চৌহদটো প্ৰত্যক্ষ কৰাৰ লগতে বেৰ গছজোপাও পৰিদৰ্শন কৰে, শ্ৰী গুৰু নানক দেৱ জীয়ে ১৪ বছৰতকৈ অধিক সময় ধ্যান কৰিছিল৷

চৌহদ পৰিদৰ্শন কৰাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে দেৰা বাবা নানক অভিমুখে ৰাওনা হয়, তেওঁ পেচেঞ্জাৰ টাৰ্মিনেল বিল্ডিং উদ্বোধন কৰাৰ লগতে কাৰ্টাৰপুৰলৈ যাত্ৰা কৰিবলগীয়া প্ৰথমটো গোটৰ ভ্ৰমণৰ ফ্লেগ অফ কৰিব৷

 

VRRK/DB



(Release ID: 1591212) Visitor Counter : 56