প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


অযোধ্যাৰ ৰায়ক লৈ শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

ক’লে ৰায়ক কোনেও জয় অথবা পৰাজয় হিচাপে চোৱা অনূচিত


Posted On: 09 NOV 2019 2:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঘোষণা কৰা অযোধ্যাৰ ৰায়ক লৈ শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয়, অযোধ্যা বিষয়ক লৈ মহামান্য উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ ৰায় প্ৰদান কৰিছে৷ এই ৰায়ক কোনেও জয় অথবা পৰাজয় হিচাপে চোৱা অনূচিত৷ ৰাম ভক্তিয়েই হওঁক বা ৰহিম ভক্তিয়েই হওঁক, এইটো অনিবাৰ্য যে আমি ৰাষ্ট্ৰভক্তিৰ মনোভাৱ হে শক্তিশালী কৰিম৷ শান্তি আৰু সম্প্ৰীতি অটুট ৰখাটো কামনা কৰিলো৷

উচ্চতম ন্যায়ালয়ৰ অযোধ্য ৰায় উল্লেখযোগ্য কাৰণঃ এইটোৱে প্ৰকট কৰিছে যে যিকোনো বিবাদ আইনী প্ৰক্ৰিয়াৰ মাজেৰে সৌহাদ্যপূৰ্ণভাৱে সমাধান কৰিব পৰা যায়৷ এইটোৱে আমাৰ ন্যায়পালিকাৰ স্বতন্ত্ৰতা, পাৰদৰ্শিতা আৰু দূৰদৰ্শিতাক পুনৰ প্ৰমাণ কৰিলে৷ স্পষ্টকৈ প্ৰদৰ্শিত কৰিলে যে আইন সকলোৰে বাবে সমান৷

ন্যায়াধীশসকলে দশক দশক ধৰি চলি থকা এটা সমস্যা সৌহাদ্যপূৰ্ণভাৱে সামৰিলে৷ প্ৰতিটো পক্ষক, প্ৰতিটো দৃষ্টিকোণৰৰ নিজা মত প্ৰকাশ কৰাৰ বাবে যথোপযুক্ত সময় দিয়া হয়৷ এই ৰায়ে ন্যায়িক ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস অধিক বৃদ্ধি কৰিব৷

আজিৰ ৰায় চলি থকাৰ সময়ত ১৩০ কোটি ভাৰতীয়ই নিৰৱতা আৰু শান্তি বজাই ৰখাটোৱে ভাৰতৰ জন্মগত শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে৷ এই একতা আৰু একাত্মবোধৰ মনোভাৱে আমাৰ দেশৰ উন্নয়নত শক্তি যোগাব৷ প্ৰতিগৰাকী ভাৰতীয়ই সবল হওঁক, তাকে কামনা কৰিলো৷

****

VRRK/KP/DB



(Release ID: 1591211) Visitor Counter : 92