প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতি অব্যাহত আছেঃ কেন্দ্ৰীয় ৰাজ্যিক গৃহ পৰিক্ৰমা মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডি
কেন্দ্ৰীয় ৰাজ্যিক গৃহ পৰিক্ৰমা মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডিয়ে আজি গুৱাহাটীত আৰক্ষী স্মাৰক দিৱসত সভাপতিত্ব কৰে
Posted On:
21 OCT 2019 2:46PM by PIB Guwahati
কেন্দ্ৰীয় ৰাজ্যিক গৃহ পৰিক্ৰমা মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডিয়ে আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে শূন্য সহনশীলতা নীতি বাহাল ৰখা সন্দৰ্ভত মন্তব্য প্ৰদান কৰে৷ অসমৰ গুৱাহাটীত অসম আৰক্ষীৰ দ্বাৰা অনুষ্ঠিত আৰক্ষী স্মাৰক দিৱসত ভাষণ প্ৰদান কৰি শ্ৰী ৰেড্ডিয়ে কয় যে ভাৰতৰ অন্তৰ্ভাগৰ নিৰাপত্তা বিঘ্নিত কৰিব পৰা সকলো কাৰক চম্ভালিব পৰাকৈ ভাৰতীয় সুৰক্ষাবাহিনী সক্ষম আৰু সেইবাবে আৰক্ষী তথা সাধাৰণ জনতাৰ মাজত নিৰাপত্তাজনিত দুৰ্ঘটনাসমূহ হ্ৰাস হ’বলৈ ধৰিছে৷
স্মৃতি পেৰেডৰ সময়ত উপস্থিত ব্যক্তিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰি শ্ৰী ৰেড্ডিয়ে কয় যে সমগ্ৰ দেশে আৰক্ষী স্মাৰক দিৱসৰ দিনা আমাৰ আৰক্ষীবাহিনী, তেওঁলোকৰ পৰিয়ালক অভিবাদন জনাইছে আৰু কৰ্তব্যত নিয়োজিত অৱস্থাত শ্বহীদ হোৱা আৰক্ষীৰ লোকসকলক স্মৰণ কৰিছে৷
‘‘অসম আৰক্ষীয়ে সন্ত্ৰাসবাদী আৰু বিদ্ৰোহীসকলৰ বিৰুদ্ধে যুঁজ কৰি, আইন ব্যৱস্থা পৰিচালনা কৰি, অপৰাধীৰ সৈতে মোকাবিলা কৰি নিজৰ জীৱন সমৰ্পিত কৰিছে তথা বানপানী আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ সময়তো জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিছে’’, মন্ত্ৰীগৰাকীয়ে এইদৰে কয়৷ তেওঁ ইয়াকো কয় যে ১৯৬৪ চনৰ পৰা মুঠ ৮৭৯ গৰাকী অসম আৰক্ষীয়ে ৰাজ্যখনত আইন-শৃংখলা বৰ্তাই ৰখাৰ পৰিপ্ৰেক্ষিতত নিজৰ জীৱন হেৰুৱাবলগীয়া হৈছে৷
অসম আৰক্ষীৰ বিভিন্ন আদৰ্শমূলক কৰ্মৰ আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বহু দশকজুৰি অসম আৰক্ষীয়ে বিদ্ৰোহ দমনৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷
আৰক্ষীৰ সৰ্বোত্তম ত্যাগক প্ৰশংসা কৰি শ্ৰী ৰেড্ডিয়ে কয় যে তেওঁলোকৰ বাবেই অসমৰ শান্তি-শৃংখলাৰ পৰিবেশ উন্নত হৈছে আৰু অসমত বিনিয়োগৰ পৰিবেশৰ উত্তৰণ হৈছে৷ সমগ্ৰ ৰাজ্যই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বীক্ষণ ‘পূবলৈ চোৱা নীতি’ শব্দ আৰু সত্বাৰে আগুৱাই নিবলৈ ধৰিছে৷ মন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীৰ সাহস, কৰ্তব্যনিষ্ঠা আৰু উৎসৰ্গিত মনোভাৱৰ প্ৰশংসা কৰে৷
সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সদস্যসকলক অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহি ৰাষ্ট্ৰৰ উন্নতিত অৱদান আগবঢ়াবলৈ আহ্বান জনায়৷ তেওঁ কয় যে প্ৰত্যেকেই হিংসা পৰিত্যাগ কৰি শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰাটো উচিত৷
অনুষ্ঠানটোত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ বিষয়াই ০১-০৯-২০১৮ তাৰিখৰ পৰা ৩১-০৮-২০১৯ তাৰিখলৈ কৰ্তব্যত নিয়োজিত অৱস্থাত প্ৰাণ হেৰুওৱা আৰক্ষীসকলৰ নাম পঢ়ি শুনোৱায়৷
উল্লেখ্য, স্মৃতি পেৰেডত কেন্দ্ৰীয় মন্ত্ৰী, অসমৰ ডি জি পি আৰু প্ৰতিটো ৰেংকৰ জ্যেষ্ঠ বিষয়াসকলে (ডি জি পিৰ পৰা কনষ্টেবললৈ)স্মাৰক স্তম্ভত মাল্যাৰ্পণ কৰে৷ শ্বহীদসকলৰ সন্মানাৰ্থে তিনিকুঁৰা অগ্নিও প্ৰজ্বলিত কৰা হয়৷
(Release ID: 1588607)
Visitor Counter : 116