তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

সামৰণি পৰিল মহাত্মা গান্ধীৰ ১৫০তম জন্ম-জয়ন্তী উপলক্ষে আয়োজন কৰা মেগা মাল্টিমিডিয়া ইণ্টাৰেক্টিভ প্ৰদৰ্শনী

Posted On: 20 OCT 2019 8:39PM by PIB Guwahati

গুৱাহাটীৰ সোণাৰাম হাইস্কুলৰ ক্ৰীড়া প্ৰাংগনত অনুষ্ঠিত হৈ থকা মহাত্মা গান্ধীৰ ১৫০তম জন্ম-জয়ন্তী উপলক্ষে আয়োজন কৰা মেগা মাল্টিমিডিয়া ইণ্টাৰেক্টিভ প্ৰদৰ্শনীখন আজি সামৰণি পৰে৷ সাতদিনীয়াকৈ অনুষ্ঠিত কৰা উক্ত প্ৰদৰ্শনীখনত নৃত্য, নাটক, আলোচনা আদি বিভিন্ন কাৰ্যসূচী পালন কৰা হয়৷ প্ৰদৰ্শনীখনৰ আন এক মুখ্য আকৰ্ষণ আছিল গীত আৰু নাট বিভাগৰ শিল্পীসকলে প্ৰদৰ্শিত কৰা উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ সংস্কৃতিসমৃদ্ধ ৫ ঘণ্টীয়া নৃত্য মাৰাথন৷ নৃত্যসমূহৰ ভিতৰত বিহু, সত্ৰীয়া, ভোৰতাল নৃত্য, গায়ন-বায়ন, মিছিং বিহু, থিয় নাম, সোণোৱাল কছাৰী বিহু আদিয়েই আছিল অন্যতম৷ সপ্তাহজোৰা অনুষ্ঠিত প্ৰদৰ্শনীখন গুৱাহাটীৰ আঞ্চলিক আউটৰিচ্চ ব্যুৰ’ই আয়োজিত কৰে৷

সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কামৰূপ মেট্ৰ’ জিলাৰ উপায়ুক্ত শ্ৰী বিশ্বজিৎ পেগুৱে তেওঁৰ ভাষণত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ নানাৰঙী কলা আৰু সংস্কৃতিৰ প্ৰসাৰ কৰাটো আৱশ্যক বুলি মন্তব্য কৰে৷ তেওঁ কয় যে এই প্ৰদৰ্শনীখনে এক অনন্য ধৰণে শিল্পীসকলক তেওঁলোকৰ সমৃদ্ধ সংস্কৃতি দাঙি ধৰাত সহায় কৰিছে৷ তেওঁ ইয়াকো কয় যে মহাত্মা গান্ধীৰ ১৫০তম জন্ম-জয়ন্তী পালনৰ বাবে ইয়াতকৈ বৃহৎ কাৰ্যসূচী আৰু আন একো হ’ব নোৱাৰে৷

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধান শ্ৰী এল আৰ বিশ্বনাথে তেওঁৰ আদৰণীসূচক ভাষণত কয় যে প্ৰায় ১০,০০০ বৰ্গফুট এলেকা সামৰি সপ্তাহজুৰি অনুষ্ঠিত হোৱা এই মেগা মাল্টিমিডিয়া ইণ্টাৰেক্টিভ প্ৰদৰ্শনীখন সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন এনে ধৰণৰ বৃহৎ প্ৰদৰ্শনী হিচাপে বিবেচিত হৈছে৷ প্ৰদৰ্শনীখনত গান্ধীজীৰ সমগ্ৰ জীৱনকৃত্ত, দৰ্শন আৰু আদৰ্শসমূহ প্ৰতিফলিত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷

প্ৰদৰ্শনীখনত মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ সময়ৰ কিছুমান আপুৰুগীয়া চিত্ৰ, ব্যৱহাৰ্য সামগ্ৰী, তেওঁৰ হাতৰ আখৰ, দক্ষিণ আফ্ৰিকাত থকা সময়ৰ কিছু আপুৰুগীয়া চিত্ৰ, ফ্লিপ বুক আদিও প্ৰদৰ্শিত কৰা হৈছিল৷ প্ৰদৰ্শনীখনে বয়স নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল৷

উল্লেখ্য, কাৰ্যসূচীটোৰ অংশ হিচাপে স্বচ্ছ ভাৰত বিষয়ত আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজৰ পৰা বিজেতাজনক পুৰষ্কৃত কৰা হয়৷ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে গুৱাহাটীৰ আঞ্চলিক আউটৰিচ্চ ব্যুৰ’ৰ কৰ্মচাৰীসকলকো সম্বৰ্ধনা জনোৱা হয়৷ 

*******



(Release ID: 1588563) Visitor Counter : 87


Read this release in: English