তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
আজিৰ সময়তো প্ৰাসংগিক হৈ আছে গান্ধীবাদী আদৰ্শঃ অধ্যাপক জগদীশ মুখী
মহাত্মা গান্ধীৰ ১৫০তম জয়-জয়ন্তী উপলক্ষে আয়োজন কৰা মেগা মাল্টিমিডিয়া ইণ্টাৰেক্টিভ প্ৰদৰ্শনী মুকলি
Posted On:
14 OCT 2019 8:42PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ আঞ্চলিক আউটৰিচ্চ ব্যুৰ’ই মহাত্মা গান্ধীৰ ১৫০তম জন্ম-জয়ন্তী উপলক্ষে আয়োজিত কৰা মেগা মাল্টিমিডিয়া ইণ্টাৰেক্টিভ প্ৰদৰ্শনীখন আজি অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে গুৱাহাটীৰ সোণাৰাম হাইস্কুলৰ ক্ৰীড়া প্ৰাংগনত মুকলি কৰে৷ ৰাজ্যপাল মুখীয়ে তেওঁৰ ভাষণত আজিও গান্ধীজীৰ আদৰ্শ প্ৰাসংগিক হৈ থকা বুলি উল্লেখ কৰে৷ তেওঁ কয় যে আত্মনিৰ্ভৰশীলতা, আত্মবিষয়ক সমাজ, সামাজিক সেৱাক উৎসাহিত কৰা বহনক্ষম মানৱ বিকাশ নিশ্চিতিক গান্ধীজীৰ বীক্ষণে প্ৰতিফলিত কৰে৷
এখন ম’বাইল ৰে’লত মহাত্মা গান্ধীৰ জীৱন আৰু দৰ্শন প্ৰতিফলিত কৰা আৰ অ’ বিৰ এই অনন্য কাৰ্যসূচীক প্ৰশংসা কৰি অধ্যাপক মুখীয়ে পৰৱৰ্তী পদক্ষেপত গান্ধীজীৰ জীৱন আৰু স্বাধীনতা আন্দোলনৰ সংগ্ৰামৰ দৃশ্য সামৰি এখন বিশেষ প্ৰদৰ্শনী ৰে’লৰ কথা উল্লেখ কৰে৷
প্ৰদৰ্শনীখনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি লোকসভাৰ সাংসদ শ্ৰীমতী কুইন ওজাই কয় যে গান্ধীজীয়ে সমগ্ৰ দেশকে অহিংসাৰ ব্ৰতত ব্ৰতী হ’বলৈ উৎসাহিত কৰিছিল আৰু আজি আমি আমাৰ জীৱনত তেওঁৰ শিকনিসমূহ অনুসৰণ কৰা উচিত৷
অনুষ্ঠানত উপস্থিত লোকসকলক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধান শ্ৰী এল আৰ বিশ্বনাথে কয় যে প্ৰায় ১০,০০০ বৰ্গফুট এলেকা সামৰি সপ্তাহজুৰি চলিবলগীয়া এই মেগা মাল্টিমিডিয়া সংবাদমূলক প্ৰদৰ্শনীখন সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন এনে ধৰণৰ বৃহৎ প্ৰদৰ্শনী হিচাপে বিবেচিত হৈছে৷ প্ৰদৰ্শনীখনত গান্ধীজীৰ সমগ্ৰ জীৱনকৃত্ত, দৰ্শন আৰু আদৰ্শসমূহ প্ৰতিফলিত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷
প্ৰদৰ্শনীখনত মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ সময়ৰ কিছুমান আপুৰুগীয়া চিত্ৰ, ব্যৱহাৰ্য সামগ্ৰী, তেওঁৰ হাতৰ আখৰ, দক্ষিণ আফ্ৰিকাত থকা সময়ৰ কিছু আপুৰুগীয়া চিত্ৰ, ফ্লিপ বুক আদিও প্ৰদৰ্শিত কৰা হ’ব৷
সাত দিনীয়া উক্ত প্ৰদৰ্শনীখনত নৃত্য, নাটক, বাৰ্তালাপ আৰু আলোচনা আদি কাৰ্যসূচীও অনুষ্ঠিত কৰা হ’ব৷ প্ৰদৰ্শনীখনত প্ৰতিদিনে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী যেনে মূকাভিনয়, অসমৰ বিভিন্ন জনজাতিক প্ৰতিনিধিত্ব কৰা লোক-নৃত্য, উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য স্থানসমূহৰ ভিন্ন সংস্কৃতি আদি প্ৰদৰ্শিত কৰা হ’ব৷ প্ৰদৰ্শনীখনৰ সামৰণি অনুষ্ঠানত এক বিশেষ কাৰ্যসূচীত নৃত্য আৰু নাটক শাখাৰ শিল্পীসকলে উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যক প্ৰতিনিধিত্ব কৰা ৫ ঘণ্টীয়া নৃত্য মাৰাথন প্ৰদৰ্শন কৰিব৷
******
(Release ID: 1588087)
Visitor Counter : 188