প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


৭ ছেপ্টেম্বৰ, ২০১৯ত মহাৰাষ্ট্ৰৰ মুম্বাই আৰু ঔৰংগবাদ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

<মুম্বাইত মেট্ৰ’ ৰে’লপথৰ সম্প্ৰসাৰণ, দেশবাসীলৈ ডিএমআইচি এইউআৰআইচি চিটী উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে


Posted On: 06 SEP 2019 5:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ ছেপ্টেম্বৰ, ২০১৯ত মহাৰাষ্ট্ৰৰ মুম্বাই আৰু ঔৰংগবাদ ভ্ৰমণ কৰিব৷

মুম্বাই

মুম্বাইত প্ৰধানমন্ত্ৰীয়ে তিনিটা মেট্ৰ’ ৰে’লপথৰ আধাৰশিলা স্থাপন কৰিব, যিকেইটা পথে মহানগৰখনৰ মেট্ৰ’ ৰে’ল নেটৱৰ্কৰ ৪২ কিলোমিটাৰতকৈ অধিক ঠাই সামৰি ল’ব৷  তিনিটা কৰিড’ৰৰ ভিতৰত ৯.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ গাইমুখৰ পৰা শিৱাজী চ’ক (মীৰা ৰোড)লৈ মেট্ৰ’-১০ কৰিড’ৰ, ১২.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৱাডালাৰ পৰা চত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছলৈ মেট্ৰ’-১১ কৰিড’ৰ আৰু ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কল্যানৰ পৰা তালোজালৈ মেট্ৰ’-১২ কৰিড’ৰ উল্লেখযোগ্য৷

প্ৰধানমন্ত্ৰীয়ে অত্যাধূনিক মেট্ৰ’ ভৱনৰ আধাৰশিলা স্থাপন কৰিব; ৩২মহলীয়া এই কেন্দ্ৰটোৱে প্ৰায় ৩৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৪ মেট্ৰ’ লাইন পৰিচালনা তথা নিয়ন্ত্ৰণ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কান্দিয়াভলী ইষ্টত বান্দোংগ্ৰী মেট্ৰ’ ষ্টেচন উদ্বোধন কৰিব৷

তেওঁ মেক ইন ইণ্ডিয়াৰ অধীনত নিৰ্মিত প্ৰথমটো অত্যাধূনিক মেট্ৰ’ ডবা উদ্বোধন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে মহা মুম্বাই মেট্ৰ’ৰ এখনি ব্ৰেণ্ড ভিজন ডকুমেণ্ট মুকলি কৰিব৷

ঔৰংগবাদ

ঔৰংগবাদত প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা মিচন(উমইড)ৰ দ্বাৰা আয়োজিত আত্মসহায়ক গোটসমূহৰ এখনি ৰাজ্যিক পৰ্যায়ৰ মহিলা সলীকৰণ মেলাতো ভাষণ আগবঢ়াব৷

প্ৰধানমন্ত্ৰীয়ে ৭ ছেপ্টেম্বৰত ঔৰংগবাদত এইউআৰআইচি বাণিজ্যিক আৰু প্ৰশাসনিক ভৱন উদ্বোধন কৰাৰ লগতে ডিএমআইচি এইউআৰআইচি চিটী দেশবাসীৰ নামত উচৰ্গা কৰিব৷ দিল্লী মুম্বাই ঔদ্যোগিক কৰিড’ৰ (ডিএমআইচি) প্ৰকল্প হৈছে ভাৰত চৰকাৰৰ দ্বাৰা ঘোষণা কৰা প্ৰথমটো ঔদ্যোগিক কৰিড’ৰ, য’ত প্ৰায় ১ লাখ কোটি টকা বিনিয়োগ হ’ব আৰু ইয়াৰ দ্বাৰা প্ৰায় ১০ লাখ লোকে সংস্থাপনৰ সূযোগ লাভ কৰিব৷ এই প্ৰকল্পটো ঔৰংগবাদ ঔদ্যোগিক চহৰ অথবা ‘এইউআৰআইচি চিটী’ হিচাপে খ্যাত হ’ব৷

***

VRRK/AK/DB


(Release ID: 1584941) Visitor Counter : 90


Read this release in: English