প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধান সচিব নৃপেন্দ্ৰ মিশ্ৰক বিদায়ী সম্বৰ্ধনা প্ৰধানমন্ত্রীৰ

Posted On: 09 SEP 2019 8:23PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি , লোককল্যাণ মার্গত আয়োজিত এক অনুষ্ঠানত প্ৰধান সচিব শ্রী নৃপেন্দ্ৰ মিশ্ৰক বিদায়ী সম্বৰ্ধনা জনায়। এই অনুষ্ঠানত একাধিক কেন্দ্রীয় মন্ত্রী আৰু উচ্চ পদস্থ চৰকাৰী বিষয়া উপস্থিত থাকে৷

 

প্ৰধানমন্ত্রীয়ে শ্রী মিশ্ৰক এক মূল্যবান সম্পদ আৰু বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি বুলি উল্লেখ কৰি বিগত পাঁচ বছৰত তেওঁৰ সৈতে কাম কৰাৰ কথা স্মৰণ কৰে৷ প্ৰধান সচিব মিশ্রৰ কঠোৰ পৰিশ্ৰমী মানসিকতা, কাম-কাজৰ প্ৰতি নিষ্ঠা আৰু এজন চৰকাৰী কৰ্মচাৰী হিচাপে তেওঁৰ ব্যতিক্ৰমী কর্মজীৱনৰ প্ৰশংসা কৰে প্ৰধানমন্ত্রীয়ে। প্ৰশাসনিক কাম-কাজত শ্রী মিশ্রৰ বিপুল অভিজ্ঞতাৰ কথাও প্ৰধানমন্ত্রীয়ে উদাহৰণসহ উল্লেখ কৰে।

 

প্ৰধানমন্ত্রীয়ে শ্রী মিশ্ৰক এগৰাকী সুদক্ষ আৰু অভিজ্ঞ বিষয়া বুলি উল্লেখ কৰি কয় যে বিভিন্ন জটিল সমস্যাৰ সমাধানত তেওঁ তেওঁৰ দক্ষতাৰ নিদৰ্শন দাঙি ধৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভৱিষ্যৎ জীৱৰ সফলতা কামনা কৰি শুভেচ্ছা জনায়। ভাৰতীয় প্ৰশাসনিক ক্ষেত্রত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে প্ৰধানমন্ত্রীয়ে প্ৰধান সচিবগৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷

 

এক নতুন ভাৰত গঢ়ি তোলাৰ সপোন বাস্তবায়িত কৰাৰ লক্ষ্যৰে তেওঁক কাম কৰাৰ সুযোগ দিয়াৰ বাবে শ্রী মিশ্ৰই প্ৰধানমন্ত্রীক ধন্যবাদ জনায়৷ তেওঁ প্ৰধানমন্ত্রীৰ উন্নয়নমুখী, প্ৰযুক্তিৰ প্ৰতি গভীৰ আগ্ৰহ তথা মানৱীয় দৃষ্টিভংগীৰ প্ৰশংসা কৰে৷ এক নতুন ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে সকলো চৰকাৰী ব্যৱস্থাৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীক একেলগ হৈ কাম কৰাৰো আহ্বান জানায় বিদায়ী প্ৰধান সচিবগৰাকীয়ে।

 

*****

VRRK/SH/DB


(Release ID: 1584675)