তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে উত্তৰ পূব মণ্ডল আৰু পশ্চিম বংগৰ আঞ্চলিক সন্মিলন
বিশেষ অধিৱেশনত কাইলৈ বক্তব্য প্ৰদান কৰিব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবে
পোষ্ট কৰা হৈছে:
23 AUG 2019 5:52PM by PIB Guwahati
যোগাযোগসমূহ নাগৰিককেন্দ্ৰিক হোৱা উচিত আৰু তথ্য বিষয়াসকলে চৰকাৰী আঁচনিসমূহ, ইয়াৰ প্ৰণয়নকাৰী সংস্থাসমূহৰ বিষয়ে ভালদৰে অৱগত হোৱা উচিত যাতে হিতাধিকাৰীসকলক পূৰ্ণ তথ্য প্ৰদান কৰিব পাৰি, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী বিক্ৰম সাহায়ে গুৱাহাটীত আজিৰে পৰা অনুষ্ঠিত হোৱা মন্ত্ৰালয়টোৰ আঞ্চলিক সন্মিলনত এইদৰে মন্তব্য কৰে ৷ শ্ৰী সাহায়ে উত্তৰ পূব মণ্ডল আৰু পশ্চিম বংগ মণ্ডলৰ সংবাদ গোটসমূহৰ প্ৰচাৰ কাৰ্যৰ পুনৰীক্ষণ কৰাৰ লগতে উত্তৰ পূব মণ্ডলত কাৰ্যালয়সমূহৰ দায়িত্ব সুচাৰূৰূপে পালনত গুৰুত্ব প্ৰদান কৰে৷
সন্মিলনখনৰ উপস্থিত ব্যক্তিসকলক সম্বোধি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধান শ্ৰী এল আৰ বিশ্বনাথে ব্যুৰ’ অব্ আউটৰিচ্চ এণ্ড কমিউনিকেচন, প্ৰেছ ইনফ’ৰ্মেছন ব্যুৰ’, অল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শনৰ কৰ্মৰাজিৰ ব্যাপকতাৰ প্ৰয়োজনৰ বিষয়ে উল্লেখ কৰে যাতে ঈপ্সিত হিতাধিকাৰীসকল বিস্তৃতৰূপত উপকৃত হ’ব পাৰে৷
আজিৰ সন্মিলনখনত ব্যুৰ’ অব্ আউটৰিচ্চ এণ্ড কমিউনিকেচনৰ সঞ্চালক প্ৰধান শ্ৰী সত্যেন্দ্ৰ প্ৰকাশে তেওঁৰ ভাষণত উত্তৰ পূবত অধিক সংখ্যক লোক উপকৃত হোৱাকৈ তেওঁলোকক উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে অৱগত কৰাই চৰকাৰৰ লক্ষ্য বুলি মন্তব্য কৰে৷
মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া তথা দিল্লী আৰু উত্তৰ পূবৰ মিডিয়া ইউনিটৰ বিভিন্ন প্ৰতিনিধিয়ে অনুষ্ঠানটোত উপস্থিত থাকি বিভিন্ন কৌশলগত পদক্ষেপৰ বিষয়ে উল্লেখ কৰে৷ সন্মিলনখনত ব্যুৰ’ অব্ আউটৰিচ্চ এণ্ড কমিউনিকেচন, প্ৰেছ ইনফ’ৰ্মেছন ব্যুৰ’, অল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শনৰ সৈতে কেন্দ্ৰীয় চৰকাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহৰ বিভিন্ন ধ্বজ্বাবাহী কাৰ্যসূচীৰ প্ৰচাৰৰ বাবে সংবদ্ধ কৌশল উত্তৰণৰ বিষয়ে পৰ্যালোচনা কৰা হয়৷
উল্লেখ্য, কাইলৈ সন্মিলনখনৰ দ্বিতীয় দিনা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী অমিত খাৰেয়ে উত্তৰ পূৰ্বাঞ্চলত মিডিয়া ষ্ট্ৰেটেজি সন্দৰ্ভত এক বিশেষ অধিৱেশনত ব্যক্তব্য প্ৰদান কৰিব৷
*****
(ৰিলিজ আই ডি : 1582784)
অতিথি কক্ষ : 104