কেবিনেট

ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহক আইএছএ সদস্যভৰ্তিৰ বাবে আইএছএৰ পৰিকাঠামোগত চুক্তিৰ সংশোধনৰ স্বীকৃতিত কেবিনেটৰ অনুমোদন

Posted On: 05 AUG 2019 12:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহক আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী(আইএছএ)ৰ সদস্যভৰ্তিৰ বাবে আইএছএৰ পৰিকাঠামোগত চুক্তিৰ সংশোধনৰ স্বীকৃতিত অনুমোদন জনোৱা হয়৷

লাভালাভঃ

ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহক আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী(আইএছএ)ৰ সদস্যভৰ্তিয়ে সৌৰ শক্তিক বৈশ্বিক বিষয় হিচাপে পৰিগণিত কৰাৰ লগতে সৌৰ শক্তিৰ উন্নয়ন আৰু সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত ই এক সাৰ্বজনীন আহ্বান হৈ পৰিব৷ সদস্যৰ সংখ্যা বৃদ্ধিয়ে আইএছএক সামূহিক অনুষ্ঠানত পৰিণত কৰিব, য’ত সকলো দেশেই ৰাষ্ট্ৰসংঘৰো সদস্য হ’ব৷ এইক্ষেত্ৰত বিশ্ববাসীৰ ভালৰ বাবে আইএছএই ব্যাপক হাৰত নেতৃত্ব প্ৰদান কৰিব৷

******

VRRK/SH/DB



(Release ID: 1581604) Visitor Counter : 50